ৰেখা গুপ্তা কোন? দিল্লীৰ মুখ্যমন্ত্ৰীপদৰ বাবে বিজেপিয়ে কিয় তেওঁক বাছনি কৰিলে

ৰেখা গুপ্তা দিল্লীৰ মুখ্যমন্ত্ৰী নিযুক্তি

নতুন দিল্লী, 20 February – দিল্লীৰ ৰাজনীতিত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি, ভাৰতীয় জনতা পাৰ্টি (বিজেপি)-এ অভিজ্ঞ ৰাজনীতিজ্ঞ আৰু পূৰ্বৰ দক্ষিণ দিল্লী নগৰ নিগমৰ মেয়ৰ ৰেখা গুপ্তাক মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰিছে। এই সিদ্ধান্তে দলটোৰ শক্তি সংগঠিত কৰাৰ লগতে নাৰী নেতৃত্বৰ প্ৰতি বিজেপিৰ অঙ্গীকাৰ দৃঢ়তাৰে প্ৰতিফলিত কৰে। এগৰাকী দৃঢ়, প্ৰৱল আৰু অভিজ্ঞ নেত্ৰী৪১ বছৰীয়া ৰেখা গুপ্তা, … Read more

দিল্লী বিধানসভাৰ বিধায়ক দলৰ নেত্ৰী ৰেখা গুপ্তাই নতুন চৰকাৰ গঠনৰ দাবী জনালে

Delhi oath ceremony

নতুন দিল্লী, 19 February 2025 – দিল্লী বিধানসভাৰ বিজেপি বিধায়ক দলৰ নেত্ৰী শ্ৰীমতী ৰেখা গুপ্তাই আজি ৰাজ নিবাসত দিল্লীৰ মাননীয় লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ভি. কে. সাক্সেনাৰ সৈতে সাক্ষাৎ কৰে। এই সাক্ষাৎকাৰৰ সময়ত তেওঁ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (NCT) দিল্লীৰ নতুন চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে দাবী জনায়। মাননীয় লেফটেনেণ্ট গৱৰ্ণৰে তেওঁৰ এই দাবী গ্ৰহণ কৰে আৰু নতুন চৰকাৰ … Read more

আজি সংসদত দাখিল হ’ব ৱাকফ সংশোধনী বিধেয়কৰ JPCৰ প্ৰতিবেদন।

আজি সংসদত দাখিল হ’ব ৱাকফ সংশোধনী বিধেয়কৰ JPCৰ প্ৰতিবেদন বহু চর্চিত বিধেয়কখনৰ প্ৰতিবেদনৰ পাছতে বিধেয়কখন গৃহীত কৰাৰ সম্ভাৱনা যোৱা ৩০ জানুৱাৰীত JPCৰ অধ্যক্ষ জগদম্বিকা পালে লোকসভাৰ অধ্যক্ষক দাখিল কৰিছিল প্রতিবেদন। বিধেয়কখন ১৪টা সংশোধনীৰে দাখিল কৰা হৈছিল প্রতিবেদন বিৰোধীয়ে বিধেয়কখনকলৈ আজিও কৰি আহিছে আপত্তি

তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ১২ ফেব্ৰুৱাৰীলৈকে ফ্ৰান্সত কটোৱাৰ পিছত আমেৰিকালৈ ৰাওনা হ’ব মোদী। দুয়ো দেশৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে উভয় দেশৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা আৰু বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাক লৈও বৈঠকত মিলিত হ’ব।

আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ…

আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ ► পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্রহণ প্রক্রিয়া ► ১৩,৭৬৬টা কেন্দ্ৰত অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়া ► ৭০টা সমষ্টিৰ বাবে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত ► ১.৫৬ কোটি ভোটাবে নির্ণয় কৰিব ৬৯৯জন প্রার্থীৰ ভাগ্য ► দিল্লীত ৮৩.৭৬ লাখ পুৰুষ, ৭২.৩৬ লাখ মহিলা ভোটাৰ আছে ► তৃতীয় লিংগৰ মুঠ ভোটাৰ ১,২৬৭ গৰাকী

বিদেশ ভ্ৰমণ সামৰি অসমলৈ উভতিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

বিদেশ ভ্ৰমণ সামৰি অসমলৈ উভতিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি ৩ দিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যাব মুখ্যমন্ত্ৰী বিয়লি ৪ বজাত মোহনবাৰী বিমানবন্দৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী বিমানবন্দৰৰ পৰা পোনে পোনে যাব ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়লৈ দেওবাৰে খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে

জাপানৰ আগশাৰীৰ ছেমিকণ্ডাক্টৰ নিৰ্মাতা ৰেনেছাছ ইলেক্ট্রনিকছৰ উপাধ্যক্ষ চাৰ্লছ কাৱাছিমাৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক।

জাপানৰ আগশাৰীৰ ছেমিকণ্ডাক্টৰ নিৰ্মাতা ৰেনেছাছ ইলেক্ট্রনিকছৰ উপাধ্যক্ষ চাৰ্লছ কাৱাছিমাৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্রকল্পই দৈনিক ৪৮ নিযুত চিপ উৎপাদনৰ লক্ষ্যৰে কাম কৰিব যাৰ ফলত অসম চিপ যোগানৰ দিশত এক বিশ্বব্যাপী কেন্দ্ৰ হৈ পৰিব। All reactions: 4747

৩১ জানুৱাৰীৰ পৰা ৪ এপ্রিললৈ সংসদৰ বাজেট অধিৱেশন।

৩১ জানুৱাৰীৰ পৰা ৪ এপ্রিললৈ সংসদৰ বাজেট অধিৱেশন। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰিব বাজেট। ফেব্ৰুৱাৰীত দাখিল কৰিব মোদীৰ ৩য়টো কার্যকালৰ কেন্দ্রীয় বাজেট। ৩১ জানুৱাৰীত যৌথ সদনক সম্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। অভিলেখ সৃষ্টি কৰি অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিব সীতাৰমণে। বাজেট দাখিলৰ ক্ষেত্ৰত মোৰাজী দেশাইৰ অভিলেখ ভংগ কৰিব নির্মলা সীতাৰমণে।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ১৪ বছৰৰ কাৰাদণ্ড

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ১৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। দুবছৰৰ পূৰ্বে জামিনত থকাৰ সময়তে আদালত চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল ইমৰান খানক। শুকুৰবাৰে পাকিস্তানৰ দুৰ্নীতি দমন আদালতে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান-তেহৰিক-ই-ইনছাফ চমুকৈ পি টি আই দলৰ প্ৰতিষ্ঠাপক ইমৰান খানক আল কাদিৰ ট্ৰাষ্টৰ দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰি ১৪ বছৰৰ কাৰাদণ্ড বিহিছে। তাৰোপৰিক ইমৰানৰ … Read more

”উমৰাংছ’ৰ একো আপডেট নাই। প্ৰতি দিনে ১৮ টা মেচিনেৰে পানী সিঁচাৰ পাছতো ১ ফুটকৈহে পানী কমে।

”উমৰাংছ’ৰ একো আপডেট নাই। প্ৰতি দিনে ১৮ টা মেচিনেৰে পানী সিঁচাৰ পাছতো ১ ফুটকৈহে পানী কমে। তলত নতুন সুঁতি থকাৰ সন্দেহ কৰা হৈছে। সেয়ে পানী সিঁচাতো প্ৰত্যাহ্বানমূলক হৈ পৰিছে।” উমৰাংছ’ৰ কয়লা খনিত শ্ৰমিক উদ্ধাৰ অভিযানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।