নলবাৰীৰ বৰক্ষেত্ৰীত ভয়ংকৰ নাও দুৰ্ঘটনা

নলবাৰীৰ বৰক্ষেত্ৰীত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। বৰক্ষেত্ৰীৰ গোৰাক্ষাট্টাৰী-নদিয়া পাৰঘাটত এই নাও দুৰ্ঘটনা। নাও ভাগি নৈৰ বুকুত সন্ধানহীন হৈ পৰিছে কেইবাজনো যাত্ৰী। দুৰ্ঘটনাত কেইবাজনো ছাত্ৰ-ছাত্ৰী সন্ধানহীন হোৱাৰ আশংকা৷ চৰাঞ্চলৰ পৰা নৈৰ সুতি পাৰ হৈ গোৰাক্ষাট্টাৰী-নদিয়া পাৰঘাটলৈ আহি আছিল নাওখন৷ অত্যাধিক যাত্ৰী কঢ়িয়াই নৈৰ সুঁতি পাৰ হ’বলৈ চেষ্টা কৰিছিল নাৱৰীয়াই৷ নাওখনত আছিল বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় … Read more

কোকিলা মনোকোচা বজাৰৰ আবুল কাশেমৰ গেলামালৰ দোকানত দুৰ্বৃত্তই লগাই দিলে জুই

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা মনোকোচা বজাৰৰ আবুল কাশেমৰ গেলামালৰ দোকানত দুৰ্বৃত্তই লগাই দিলে জুই। অগ্নিসংযোগ কৰা হাচিবুল হক নামৰ যুৱকজনক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়া হয়। অগ্নিসংযোগ কৰাৰ সময়ত স্থানীয় লোকে হাতেলোটে কৰায়ত্ব কৰে যুৱকজনক। বুধবাৰে আবুল কাশেমক লম্পট হাচিবুল হকে ছুৰী লৈ হত্যাৰ চেষ্টা কৰে। আনকি হাচিবুল হক নামৰ উদণ্ড … Read more

দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ টেংকাৰৰ খুন্দাত এজন থিতাতে নিহত

দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ টেংকাৰৰ খুন্দাত এজন লোক থিতাতে নিহত হয়। নিহত লোকজন অইলৰ ব্যক্তিগত ঠিকা প্ৰতিষ্ঠান জি টি চি প্ৰাইভেট লিমিটেডৰ ঠিকা শ্ৰমিক ৰাজীৱ বৰা বুলি জানিব পৰা গৈছে। জানিব পোৱা মতে, ৰাজীৱ বৰাই দুলীয়াজানৰ নিজ কৰ্মক্ষেত্ৰৰ পৰা AS ০৬ U ০২৪৩ নম্বৰৰ বাইকত ঘৰ অভিমুখে গৈ আছিল। সেই সময়তে দুলীয়াজানৰ টিপলিং নামঘৰৰ সমীপত … Read more

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাত চিপজৰী লৈ আৰক্ষী কনিষ্ঠবলৰ আত্মহত্যা

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাত চিপজৰী লৈ এজন আৰক্ষী কনিষ্ঠবলৰ আত্মহত্যা। আৰক্ষী কনিষ্ঠবলৰ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বুদ্ধেশ্বৰ ৰায় নামৰ কনিষ্ঠবলজনে নিশা আৰক্ষী চৌহদৰ চালিঘৰৰ পিছফালে চিপলৈ আত্মহত্যা কৰে। দণ্ডাধীশ আৰু উদ্ধতম আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আৰক্ষী কনিষ্ঠবলজন বহুদিন ধৰি নানা বেমাৰত আক্ৰান্ত হৈ আছিল বুলি … Read more

ৰঙিয়াত মধ্যাহ্ন ভোজন কৰ্মীৰ উত্তাল প্ৰতিবাদ

ৰঙিয়াত মধ্যাহ্ন ভোজন কৰ্মীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত। মধ্যাহ্ন ভোজন আঁচনিৰ বেচৰকাৰীকৰণৰ বিৰুদ্ধে ধৰ্ণা আৰু হুংকাৰ। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত ৰঙিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ মধ্যাহ্ন ভোজন আঁচনিৰ ৰূপায়ণৰ দায়িত্ব বেচৰকাৰী সংস্থাক অৰ্পণ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী ড° … Read more

‘মই অকলশৰীয়া মানুহ.. ভয়ত থাকো.. মোক গুৰুত্ব নিদিয়ে.. মই ক’তো সুৰক্ষা পোৱা নাই…’ছয়গাঁৱৰ মাজপাৰাত ভূমি ক্ৰয়-বিক্ৰয়ৰ নামত বিধৱা মহিলাক নিৰ্যাতনৰ লগতে ভয় ভাবুকি প্ৰদানৰ অভিযোগ

‘মই অকলশৰীয়া মানুহ.. ভয়ত থাকো.. মোক গুৰুত্ব নিদিয়ে.. মই ক’তো সুৰক্ষা পোৱা নাই…’ছয়গাঁৱৰ মাজপাৰাত ভূমি ক্ৰয়-বিক্ৰয়ৰ নামত বিধৱা মহিলাক নিৰ্যাতনৰ লগতে ভয় ভাবুকি প্ৰদানৰ অভিযোগ। পূৰ্ণিমা নাথ নামৰ এই বিধৱা মহিলা গৰাকীক পেচাত শিক্ষক আলাউদ্দিন শ্বেখ নামৰ ব্যক্তিগৰাকীয়ে দীৰ্ঘদিনৰ পৰা ভূমিকেন্দ্ৰিক কথা বতৰাক লৈ বিভিন্ন ধৰণে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাক্ৰমক লৈ ভয়-শংকাত … Read more

বিবাহিত পুৰুষৰ লগত এক সন্তানৰ মাতৃৰ পলাই আহি মন্দিৰত বিয়া, ধুবুৰী জিলাৰ উত্তৰ ৰায়পুৰত চাঞ্চল্য

বিবাহিত পুৰুষৰ লগত এক সন্তানৰ মাতৃয়ে পলাই আহি মন্দিৰত পাতিলে বিয়া। কিছুদিন পিছতেই তিতা কেৰেলাৰ দৰে হৈ পৰিল সেই প্ৰেম। ফেচবুকৰ প্ৰেমে ভাঙিলে সংসাৰ। ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ দ্বিতীয় খণ্ড গাঁৱত এগৰাকী বিবাহিত মহিলাক এবছৰ পূৰ্বে ফেচবুকত প্ৰেম কৰি পলুৱাই আনি বিয়া কৰাই সংসাৰৰ নামত নিতৌ আতিসয্য চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি … Read more

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আজি উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত অশ্বক্লান্ত দেৱালয়ত বিশেষ COUNTDOWN অনুষ্ঠান

অহা ২১ জুনত একাদশ আন্তঃৰাষ্ট্ৰীয় বিশ্ব যোগ দিৱস। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আজি উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত অশ্বক্লান্ত দেৱালয়ত বিশেষ COUNTDOWN অনুষ্ঠান অনুষ্ঠিত। ৰাইজক যোগৰ প্ৰতি সজাগ কৰাৰ প্ৰয়াসৰে COUNTDOWN অনুষ্ঠানৰ আয়োজন। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে এই অনুষ্ঠান। ৪ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে এই যোগানুষ্ঠানত। জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীয়েও অংশ … Read more

নগাঁও জিলাৰ ৰাঙলু গাঁৱৰ ২২ বছৰীয়া যুৱক আবুল হুছেইন নিৰুদ্দেশ

নগাঁও জিলাৰ ৰাঙলু গাঁৱৰ ২২ বছৰীয়া যুৱক আবুল হুছেইন নিৰুদ্দেশ হৈছে। কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত ৰাঙলু গাঁৱৰ নিবাসী আলাল উদ্দিনৰ পুত্ৰ আবুল হুছেইন যোৱা বুধবাৰৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি আন দিনাৰ দৰে সন্ধিয়া যি দৰে দোকান-বজাৰৰ ফালে ওলাই যায় সেই দিনাও সন্ধিয়া ৬ টা মান বজাত নিজা AS ০২ AF … Read more

মৰিগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত

মৰিগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে শক্তি মন্ত্ৰী আৰু শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰে মৰিগাঁও ছাত্ৰ সন্থাই। উৎকট গৰমত বিদ্যুতৰ লুকাভাকুৰে ৰাইজক হাৰাশাস্তি কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত আজি শক্তি মন্ত্ৰী আৰু শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে মৰিগাঁও ছাত্ৰ সন্থাই। … Read more