বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ চেগুন বাগান ৰিজৰ্টৰ স্বত্বাধিকাৰী এগৰাকী মহিলাৰ। কিন্তু কিয়? সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

সোণাপুৰৰ চেগুন বাগান ৰিজৰ্টত নিশা জব্দ বৃহৎ পৰিমাণৰ সুৰা । সোণাপুৰ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা। অবৈধভাৱে সুৰাৰ ব্যৱসায় চলোৱাৰ অভিযোগ চেগুন বাগান ৰিজৰ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে। দেওবাৰে নিশা সোণাপুৰ আৰক্ষীয়ে চেগুন বাগান ৰিজৰ্টৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা। এই ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ উক্ত স্থানত উপস্থিত হোৱা সাংবাদিকক সোণাপুৰ আৰক্ষীৰ সন্মুখতে … Read more

উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰী ঘাটত অঘটন ।ভূটভূটীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ এজন যাত্ৰীৰ ।

যাত্ৰীজন কেৰেলাৰ Vincent,বয়স (49)বুলি জানিব পৰা গৈছে ।এখন ব্যক্তিগত জাহাজ নিৰ্মাণৰ বাবে আহিছিল লোকজন ।বৰ্তমানেও নিখোজ লোকজন ।পেছাত এগৰাকী কাঠমিস্ত্ৰী আছিল ।লোকজনক বিচাৰি SDRFএ অভিযান আৰম্ভ কৰিছে ।ভূটভূটীখনত মুঠ ৫ জন যাত্ৰী আছিল ।আটাইকেইজনৰ ঘৰ কেৰেলাত ।কেৰেলাৰ পৰা আজি উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰী ঘাটলৈ আহিছিল লোককেইজন ।২০১৮ চনৰ ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ থকা ভূটভূটী গুৱাহাটীতকেনেদৰে … Read more

জাগীৰোডত সদৌ তিৱা ছাত্ৰ সন্থাৰ সংবাদমেল । দাবী পূৰণ নকৰিলে ১৪ অক্টোবৰৰ পৰা হাতত ল’ব তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী । মন্ত্ৰী পীয়ুষ হাজৰিকাই বিষয়টো আওকাণ কৰাৰ অভিযোগ ।

“ভূমিপুত্ৰ খিলঞ্জীয়াসকলক চৰকাৰে ভূমিহীন, ভেটিহীন কৰি কৌশলপূৰ্ণভাৱে নিশকতীয়া কৰিব বিচাৰিছে । আমি তিৱা তথা জনজাতীয় সংগঠনসমূহে কোনো পধ্যেই জাগীৰোডত পৌৰসভা গঠন কৰিবলৈ নিদিওঁ।” এক সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতা তথা জনজাতীয় নেতাসকলে। উল্লেখ্য যে, অসম চৰকাৰে শেহতীয়াভাৱে জাগীৰোড সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক গোভাৰ ২০ খন ৰাজহ গাঁৱক সামৰি পৌৰসভা গঠন … Read more

ৰূপহীহাটৰ কাছখাইটিত উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ।

উজনি অসমৰ শদিয়ালৈ কাম কৰিবলৈ যোৱা ২৪গৰাকী শ্ৰমিক উভতাই পঠালে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।যেতিয়ালৈ মুখ্যমন্ত্ৰীয়ে শ্ৰমিকসকলক নিৰাপত্তা নিদিব, তেতিয়ালৈকে কোনো কাৰণতে যাবলৈ দিয়া নহ’ব উজনি অসমত। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই ধাৰাবাহিক অভিযান অব্যাহত থাকিব । উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই আছে য’ত মান -ইজ্জত আছে, য’ত শ্ৰমিকৰ আত্ম সন্মান আছে, তেনে ক্ষেত্ৰত উজনি অসমৰ বিভিন্ন দল … Read more

ডিগবৈত আৰক্ষীৰ হাতৰ পৰাই পলায়ন দুই ড্ৰাগছ পেডলাৰ ৷

তিনিচুকীয়া জিলাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা অৱস্থাত পলায়ন কৰে ড্ৰাগছ পেডলাৰ ৰাজেন মুড়া আৰু ৰাতুল সোণোৱালে। অৱশ্যে পৰৱৰ্তী সময়ত ৰাজেন মুড়াক পুনৰ ধৰিবলৈ সক্ষম হয় যদিও লক্ষীপথাৰ ৰংচঙীয়াৰ ৰাতুল সোণোৱাল হাজৰিকা নামৰ ড্ৰাগছ পেডলাৰটো পলায়ন কৰে । উল্লেখ্য যে, আটকাধীন ৰাজেন আৰু ৰাতুলৰ জিম্মাৰ পৰা ১৫.৯০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল । বুধবাৰে … Read more

ডিগবৈত নাগৰিক সমিতিৰ বৈঠকত নতুন সমিতি গঠন কৰি দায়িত্ব অৰ্পণ।

সমগ্ৰ অসমতে বুধবাৰে নিজ নিজ আৰক্ষী থানাৰ এলেকাত নাগৰিক সভা অনুষ্ঠিত হোৱাৰ দৰেই ডিগবৈতো এখন বৃহৎ নাগৰিক সভা অনুষ্ঠিত হয় । নাগৰিক সভাত ধীৰাজ গগৈক সভাপতি,থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তক সদস্য সচিব,ডিগবৈ বিধায়ক সুৰেণ ফুকন,অৱসৰপ্ৰাপ্ত উপায়ুক্ত লক্ষীনন্দন গগৈ,লক্ষ্মণ শৰ্মা, হেমন্ত বুঢ়াগোহাঁই,তৃষ্ণা ফুকন বৈৰাগী,অলি হাজৰিকা, ৰাজহ চক্ৰ বিষয়া,খণ্ড উন্নয়ন বিষয়াক সদস্য হিচাপে লৈ নাগৰিক সমিতিখন … Read more

সৰভোগৰ গান্ধী ময়দানত বৰপেটা জিলা কংগ্ৰেছ কমিটি, চকচকা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন ।

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সৰভোগতো গান্ধী জয়ন্তী দিৱস উদযাপন । চকচকা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি কল্যাণজিৎ দাস গোৱৰ্ধনা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ফাৰুক আব্দুল্লাহ আহমেদ আৰু মন্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় বিভিন্ন কাৰ্য্যসূচীৰে গান্ধী জয়ন্তী । অনুষ্ঠানত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বিৰাজ প্ৰভাকৰ সাথে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্য্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী … Read more

১৬ বছৰীয়া চোৰক আটক ৰাইজৰ । হাতে-লোটে ধৰা পৰাত চোৰক ৰাইজে গতালে আৰক্ষীক ।

আমিনগাঁৱত দোকানীক জ্বলাকলা দেখুওৱা এটা পোৱালী চোৰক আটক ৰাইজৰ ।আমিনগাঁও আই চি ডিৰ দোকান সম্পূৰ্ণৰূপে খালী কৰি অহা পোৱালী চোৰটো ৰাইজৰ হাতত ধৰা পৰে ।১৬ বছৰীয়া পোৱালী চোৰটোক ৰাইজে গতাই দিয়ে আৰক্ষীক ।চোৰটোৱে নাম লৈছে দুই সহযোগী চোৰৰ ।মঞ্জয় আৰু ৰাহুল দাস নামৰ ব্যক্তিৰ সহযোগত পোৱালী চোৰটোৱে দৈনিক চুৰি কৰিছিল তিনি-চাৰিখন দোকানত ।দৰ্জা ভাঙি অথবা … Read more

দুটামান আসন অভ্যাস কৰিলেই আপুনি PCOD আৰু PCOS ৰ পৰা পৰিত্ৰাণ পাব । যদি এনেধৰণৰ সমস্যা আছে , তেন্তে সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

১) বাটাৰ ফ্লাই – বহি লৈ দুয়োটা ভৰিৰ তলুৱা লগ লগাই দুয়োখন হাতেৰে ভৰি দুখনৰ আঙুলিত ধৰি নিজৰ ওচৰলৈ টানি ল’ব লাগে। তাৰ পাছত দুয়োটা আঁঠু ওপৰ তল ওপৰ তল কৰিব লাগে। নিজকে পখিলা বুলি ভাবি ভৰি দুখন লৰাবলৈ চেষ্টা কৰিব। এনেকৈ ১০০ বাৰলৈ কৰিলে ভাল।২) বদ্ধ কোণাসন- বাটাৰ ফ্লাই আসনটোতে থাকি ভৰি দুখন আগলৈ … Read more

আজি মহালয়া। ত্রিনয়নী দুর্গাৰ মহত্ব …

আজি মহালয়া। শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হোৱা এই মহালয়া পশ্চিমবংগ, অসম আৰু ত্ৰিপুৰাকে ধৰি দেশৰ বিভিন্ন স্থানত পালন কৰা হয় । হিন্দু পৌৰাণিক কাহিনী অনুসৰি, বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল । দুর্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় এই মহালয়া। হিন্দু পৌৰাণিক কাহিনী অনুসৰি … Read more