Image

দিল্লীত পুনৰ মণিপুৰৰ যুৱতীক আক্ৰমণ

মালব্য নগৰৰ ঘটনাৰ পিছত এইবাৰ ছাকেট অঞ্চলত মণিপুৰৰ যুৱতীক আক্ৰমণ ।কিছুদিন পূৰ্বে নতুন দিল্লীৰ মালব্য নগৰত বৰ্ণ বৈষম্যৰ বলি হৈছিল উত্তৰ-পূবৰ কেইবাগৰাকী যুৱতী । সেই ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে ৰাজধানী দিল্লীত পুনৰ উত্তৰ পূবৰ যুৱতীক আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । বহিঃৰাজ্যত উত্তৰ-পূবৰ যুৱতী তথা লোকৰ সৈতে এনেধৰণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱা দেখা গৈছে । যাৰ ফলত উত্তৰ-পূবত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।  এইবাৰ ঘটনাৰ স্থান নতুন দিল্লীৰ ছাকেট অঞ্চল । মণিপুৰৰ এগৰাকী যুৱতীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে ।

অভিযোগ অনুসৰি যুৱতীগৰাকী বন্ধুৰ সৈতে এখন উদ্যানত খোজকাঢ়ি গৈ থকা সময়ত যুৱকৰ এটা দলে তেওঁলোকক উদ্দেশ্যি অশ্লীল মন্তব্য কৰে । এগৰাকী আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত কয়, “যেতিয়া যুৱতীগৰাকীয়ে যুৱককেইজনৰ সেই মন্তব্যৰ বিৰোধ কৰিছিল, তেতিয়া তেওঁলোকৰ মাজত তৰ্ক-বিতৰ্ক হয় আৰু যুৱককেইজনে তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ।” আৰক্ষীয়ে জনোৱা মতে অভিযুক্তক চিনাক্ত কৰাৰ লগতে কৰায়ত্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে ।মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে । এক্সৰ এটা পোষ্টত তেওঁ অসম আৰু মণিপুৰৰ দুগৰাকী লোকৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষক কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায় ।

Releated Posts

টি-২০ বিশ্বকাপ ২০২৬: কাইলৈ মেগা ফাইনেলত মুখামুখি হ’ব ভাৰত-নিউজিলেণ্ড; ইতিহাস গঢ়াৰ দিশে টিম ইণ্ডিয়া

ক্ৰীড়াপ্ৰেমীৰ বাবে প্রতীক্ষাৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী। কাইলৈ অৰ্থাৎ ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত…

ByByMahesh Malakar Mar 7, 2026

কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ ৰদ-বদল,

বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল আৰু উপ ৰাজ্যপালৰ সাল-সলনি কৰে ।…

ByByMahesh Malakar Mar 6, 2026

১৬ বছৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ল সামাজিক মাধ্যম

১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে এতিয়াৰে পৰা সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব । সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰ আৰু অপব্যৱহাৰৰ…

ByByMahesh Malakar Mar 6, 2026

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল ঘোষণা,

আজি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল  ঘোষণা কৰা হ’ল । আজি ঘোষিত ফলাফলত দেশৰ ভিতৰতে শীৰ্ষস্থান…

ByByMahesh Malakar Mar 6, 2026
Scroll to Top