• Home
  • ৰাজনৈতিক
  • বৰাকত সৰ্বানন্দ সোণোৱালৰ কংগ্ৰেছক তীব্ৰ সমালোচনা
Image

বৰাকত সৰ্বানন্দ সোণোৱালৰ কংগ্ৰেছক তীব্ৰ সমালোচনা

বৰখলাৰ বিজেপি প্ৰাৰ্থী কিশোৰ নাথৰ হৈ ডলু খেলপথাৰত পথাৰত নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক‌ তীব্ৰ সমালোচনা কৰে।

কংগ্ৰেছৰ শাসন কালত বৰাকৰ কোনো উন্নয়ন নোহোৱা বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পিছত বৰাকত চাৰিও ফালৰ‌ পৰা উন্নয়ন হৈছে।‌ মোডীৰ‌ নেতৃত্বত বৰাক – ব্ৰহ্মপুত্ৰ উপত্যকাত সম উন্নয়ন হৈছে।‌ প্ৰধান মন্ত্ৰীৰ নেতৃত্বত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত এখন আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ‌ হ’বলৈ আগবাঢ়িছে।‌ গতিকে আত্মনিৰ্ভৰশীল ভাৰত হবলৈ‌, আত্মনিৰ্ভৰ বৰাক বনাব লাগিব, আত্মনিৰ্ভৰ ব্ৰহ্মপুত্ৰ বনাব লাগিব, আত্মনিৰ্ভৰ অসম বনাব লাগিব। বৰখলাৰ বিজেপি প্ৰাৰ্থী কিশোৰ নাথৰ‌ লগতে বৰাকৰ আটাইকেইটা সমষ্টিত বিজেপি প্ৰাৰ্থীক জয়ী কৰাবলৈ সৰ্বানন্দ সোণোৱালে বৰাকবাসীক আহ্বান জনায়।বিগত দহ বছৰত‌ বৰাকৰ বাবে বিজেপিয়ে কৰা উন্নয়নমূলক কামৰো খতিয়ান দাঙি ধৰে সৰ্বানন্দ সোণোৱালে। 

Releated Posts

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া জামিন পাইও বিপদে লগ এৰা নাই পৱন খেড়াক নতুনকৈ গোচৰ…

ByByMahesh Malakar May 13, 2026

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল ‘ধুবুৰীত ১০ লাখ ভোটত মোক জিকাইছে বুলি ফিতাহি মাৰি অখিল গগৈয়ে’…

ByByMahesh Malakar May 13, 2026

দ্বিতীয়বাৰ বাবে মুখ্যমন্ত্ৰীহিচাপে শপত গ্ৰহণ ডঃ হিমন্ত বিশ্ব শর্মাৰ

ঐতিহাসিক ক্ষণ! দ্বিতীয়বাৰ বাবে মুখ্যমন্ত্ৰীহিচাপে শপত গ্ৰহণ ডঃ হিমন্ত বিশ্ব শর্মাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱাই শপত…

ByByMahesh Malakar May 12, 2026

আৰু ২৪ ঘন্টাৰ পিছতে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই

আৰু ২৪ ঘন্টাৰ পিছতে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই হিমন্ত মন্ত্ৰীসভাত কোনে কোনে লাভ…

ByByMahesh Malakar May 11, 2026
Scroll to Top