• Home
  • অসম
  • বিজেপিৰ বহিষ্কৃত নেতাৰ তালিকাত নাম নাই নন্দিতা গাৰ্লোচাৰ
Image

বিজেপিৰ বহিষ্কৃত নেতাৰ তালিকাত নাম নাই নন্দিতা গাৰ্লোচাৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত একাংশ নেতাৰ বিৰুদ্ধে বিজেপিয়ে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বাবে শুকুৰবাৰৰ দিনটোত ৯ গৰাকীক ৬ বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰিছে। আনহাতে, দলৰ প্ৰাৰ্থীৰ বিপৰীতে অন্য প্ৰাৰ্থীক সমৰ্থন-সহযোগ দিয়াৰ বাবে বিজেপিৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ ৬ গৰাকী কাৰ্যকৰ্তাকো বহিষ্কাৰ কৰা হৈছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশমৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে। 

বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বাবে বহিষ্কাৰ হোৱা ৯ গৰাকী নেতা হৈছে ক্ৰমে-
বৰপেটা বিধানসভা সমষ্টি-উদ্ধৱ দাস
জয়ন্ত কুমাৰ দাস- দিছপুৰ বিধানসভা সমষ্টি
জিতেন্দ্ৰসিং গৌৰ- কলিয়াবৰ বিধানসভা সমষ্টি
অমলেন্দু দাস- বৰখলা বিধানসভা সমষ্টি
ধনজিৎ ৰাভা- গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি
চক্ৰধৰ দাস- বঙাইগাঁও বিধানসভা সমষ্টি
গগণ চন্দ্ৰ হালৈ- বৰপেটা বিধানসভা সমষ্টি
অংকুৰ দাস- কমলপুৰ বিধানসভা সমষ্টি
যশোদা দুলাল (শ্যামল) ৰক্ষিত- লামডিং বিধানসভা সমষ্টি

পিছে, এই তালিকাত নাম নাই মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ নাম। বিগত সময়ত বিজেপিৰ টিকটৰ পৰা বঞ্চিত হৈ কংগ্ৰেছ দলত যোগ দিছিল নন্দিতা গাৰ্লোচাই। শীৰ্ষ নেতৃত্বৰ আহ্বান আৰু বহু বুজনিৰ পাছতো বিজেপি দল এৰিছিল মন্ত্ৰী গৰাকীয়ে। সম্প্ৰতি তেওঁ হাফলং সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট লৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। কিন্তু কিয় ইমানৰ পাছতো নন্দিতা গাৰ্লোচাক বিজেপিৰ পৰা বহিষ্কাৰ কৰা নাই তাকে লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ। 

Releated Posts

ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত কুংকি চৌধুৰী

মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী ভোটগ্ৰহণৰ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত পৰিল । কুংকি চৌধুৰীৰ…

ByByMahesh Malakar Apr 10, 2026

ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন

জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন…

ByByMahesh Malakar Apr 10, 2026

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে…

ByByMahesh Malakar Apr 10, 2026

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিৰ বাসগৃহত এই অভিযান।

ByByMahesh Malakar Apr 10, 2026
Scroll to Top