• Home
  • দেশ
  • বিহাৰত ক্ৰমাৎ ধূলিসাৎ হৈ পৰিছে বিৰোধী
Image

বিহাৰত ক্ৰমাৎ ধূলিসাৎ হৈ পৰিছে বিৰোধী

আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ হাইভল্টেজ ফলাফলৰ বাবে সকলোৱে দৃষ্টি নিবদ্ধ আছে ৷ অধিকাংশ নিৰ্বাচনী সমীক্ষা এজেন্সীৰ প্ৰাক নিৰ্বাচনী সমীক্ষা সঁচা প্ৰমাণিত কৰি পাটনাৰ মছনদ দখলৰ দিশে আগবাঢ়িছে এনডিএ ৷ মোদীৰ পদুম আৰু নিতীশ কুমাৰৰ তীৰৰ বৰষুণত তচনচ হয় মহাজোঁট বন্ধন।

মহাজোঁট বন্ধনৰ দলসমূহ ক্ৰমে আৰজেদি,কংগ্ৰেছ,ভিআইপি,বাওঁপন্থী দল সমূহৰ প্ৰক্ষেপিত অধিকাংশ প্ৰাৰ্থী ৰণত পৰিছে। উল্লেখযোগ্য বিহাৰত ৬১ টা সমষ্টিৰত প্ৰাৰ্থী দিয়া কংগ্ৰেছে বৰ্তমানলৈকে মাত্ৰ ৭ খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

আনহাতে এসময়ত বিজেপিৰ ৰাজনীতি ভৱিষ্যত নিৰ্ণয় কৰা প্ৰশান্ত কিশোৰ বিহাৰত চুড়ান্তভাৱে হ’ল ব্যৰ্থ ৷ তেওঁৰ নেতৃত্বাধীন জন সুৰক্ষা পাৰ্টিয়ে ২৪৩ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰি বৰ্তমানলৈকে এখনো আসনত অগ্ৰগতি লাভ কৰা নাই ৷

ভোট গণনাৰ শেহতীয়া খবৰ অনুসৰি বিজেপিয়ে ৮৪,জেডিইউ ৭৮,লোক জনশক্তি ২০,আৰজেডি ৩২,কংগ্ৰেছ ৭ আৰু বাওঁমৰ্চা ৭ আসনত অগ্ৰগতি লাভ কৰিছে।

Releated Posts

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।পুৱা ৭.১৫ বজাত দিল্লীৰ পৰা পোনে পোনে যাব চাবুৱালৈ।৯ বাজি ৫০ বজাত চাবুৱাৰ…

ByByMahesh Malakar Feb 13, 2026

মুখ্যমন্ত্ৰীৰ অভিযোগৰ আজি প্ৰত্যুত্তৰ দিব গৌৰৱ গগৈয়ে

বহু অপেক্ষাৰ অন্তত দেওঁবাৰে ৰাজহুৱা হ’ল গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য পাক লিংকৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে গৌৰৱ…

ByByMahesh Malakar Feb 9, 2026

উচ্চতম ন্যায়ালয়ত অধিবক্তাৰ ৰূপত দেখা যাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক

উচ্চতম ন্যায়ালয়ত অধিবক্তাৰ ৰূপত দেখা যাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক। আজি উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাব মমতা বেনাৰ্জীয়ে। SIR…

ByByMahesh Malakar Feb 4, 2026

ৰাইজৰ দলত যোগদান কৰিব ড০ জ্ঞানশ্ৰী বৰাই।

ৰাইজৰ দলত যোগদান কৰিব ড০ জ্ঞানশ্ৰী বৰাই। কাইলৈ দিনৰ ১১ বজাত কৰিব যোগদান। শিৱসাগৰত এই কথা ঘোষণা অখিল…

ByByMahesh Malakar Feb 4, 2026
Scroll to Top