Image

কাইলৈ অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বমুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে। ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯গৰাকী ভোটাৰে নিৰ্ণয় কৰিব এইবাৰ অসমত কোনে চৰকাৰ গঠন কৰিব। চূড়ান্ত ভোটাৰ তালিকাত পুৰুষ ভোটাৰৰ সংখ্যা ১,২৪,৮২,২১৩গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ১,২৪,৭৫,৫৮৩গৰাকী। ৩৩৪ গৰাকী তৃতীয় লিংগ ভোটাৰ আছে চূড়ান্ত তালিকাত। কাইলৈ পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে সাজু হৈ উঠিছে ৩১ হাজাৰৰো অধিক বুথ। দূৰৱৰ্তী অঞ্চলসমূহলৈ আজিয়ে ৰাওনা হ’ব প্ৰিজাইডিং-প’লিং বিষয়াসকল।

৯ এপ্ৰিলত ভোটদান কৰিবলৈ যাওঁতে লগত কি নথি লৈ যাব আপুনি? ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ সৈতে ১২ বিধ নথিত অনুমোদন প্ৰদান কৰিছে নিৰ্বাচন আয়োগে। কি কি নথিৰ জৰিয়তে আপুনি ভোটদান কৰিব পাৰিব চাওঁ আহক

১. আধাৰ কাৰ্ড দেখুৱাই আপুনি সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ।

২. MGNREGAৰ জব কাৰ্ড দেখুৱায়ো আপুনি দিব পাৰিব ভোট।

৩. বেংক/ডাকঘৰৰ পাছবুক লগত নিলেও সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ।

৪. আয়ুষ্মান ভাৰত/স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড লগত নিলেও দিব পাৰিব ভোট।

৫. গাড়ী চালনাৰ অনুজ্ঞা পত্ৰ থাকিলও আপুনি নিশ্চিন্তে ভোটদান কৰিব পাৰিব।

৬. আপোনাৰ লগত যদি পেন কাৰ্ড থাকে, আপুনি ভোট দিব পাৰিব।

৭. ভোট দিবলৈ যাওঁতে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ স্মাৰ্ট কাৰ্ডো লগত নিব পাৰিব।

৮. ভাৰতীয় পাছপ’ৰ্টৰ জৰিয়তেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব।

৯. পেঞ্চনৰ নথি (ফটোসহ) লগত নিলেও আপুনি ভোটদান কৰিব পাৰিব।

Releated Posts

মছজিদৰ আজানৰ দৰে শংখ- ঘণ্টাৰ শব্দৰ পৰাও অসুবিধা হয়

মুছলমানে আজান দিলে যেনেকৈ অসুবিধা হয় তেনেকৈয়ে যিকোনো সময়ত ঘণ্টা শংখ বজালে পঢ়া শুনাত অসুবিধা হয় মছজিদৰ আজানৰ…

ByByMahesh Malakar May 19, 2026

এইবাৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ মন শেখৰজ্যোতি গোস্বামী

এইবাৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ মন শেখৰজ্যোতি গোস্বামী জামিন বিচাৰি আৱেদন শেখৰজ্যোতি গোস্বামীৰ নিৰ্বাচন অন্ত পৰাৰ লগে…

ByByMahesh Malakar May 18, 2026

বকৰি ঈদক লৈ আহি গ’ল কঠোৰ নিৰ্দেশনা

বকৰি ঈদক লৈ আহি গ’ল কঠোৰ নিৰ্দেশনা নিৰ্দেশনা অমান্য কৰিলেই যাব লাগিব জে’ললৈ ভৰিব লাগিব জৰিমনা ঈদ-উল-আজহাত মুছলমানে…

ByByMahesh Malakar May 17, 2026

বকৰি ঈদক লৈ আহি গ’ল কঠোৰ নিৰ্দেশনা

বকৰি ঈদক লৈ আহি গ’ল কঠোৰ নিৰ্দেশনা নিৰ্দেশনা অমান্য কৰিলেই যাব লাগিব জে’ললৈ ভৰিব লাগিব জৰিমনা ঈদ-উল-আজহাত মুছলমানে…

ByByMahesh Malakar May 17, 2026
Scroll to Top