সোমবাৰে গুৱাহাটীৰ কামৰূপ মেট্ৰ’পলিটান আদালতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত আদালতে শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিলে, তদন্তকাৰী দলে BNSSৰ ধাৰা ১০৭ মানি চলা নাছিল বুলি উল্লেখ কৰে আদালতে। ৷ লগতে এই গোচৰ সন্দৰ্ভত পৰৱৰ্তী শুনানি ১৯ মাৰ্চত তাৰিখে ধাৰ্য কৰা হৈছে ৷ জুবিন গাৰ্গ গোচৰত নিয়োজিত চৰকাৰী পক্ষৰ বিশেষ ৰাজহুৱা অভিযোজক (বিশেষ অধিবক্তা) জিয়াউল কামাৰে সাংবাদিকৰ আগত কয়, “মহামান্য় ন্য়ায়ালয়ে ১৯ মাৰ্চ তাৰিখে অভিযুক্তৰ সাক্ষ্য় গ্ৰহণ কৰিব ৷ তাৰ পাছত মোকৰ্দমা আৰম্ভ হ’ব ৷” অভিযুক্ত সন্দৰ্ভত মন্তব্য় কৰি তেওঁ লগতে কয় যে, “অভিযুক্ত সন্দৰ্ভত মই একো ক’ব নোৱাৰিম ৷ তেওঁলোকে আৰু কি নতুন আবেদন দাখিল কৰে সেই বিষয়ে মই অজ্ঞাত ৷”জ্য়েষ্ঠ অধিবক্তাগৰাকীয়ে লগতে কয় যে অন্য় এক অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদন বিচাৰি ন্য়ায়ালয়ত কৰা আবেদন ন্য়ায়াধীশে খাৰিজ কৰিছে ৷ আনহাতে, মহাবীৰ একুৱা সন্দৰ্ভত চলি থকা অন্য় এক গোচৰৰ শুনানি (সহ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ নাম থকা কোম্পানী) ১৯ মাৰ্চত তাৰিখে গ্ৰহণ কৰা হ’ব ৷

জুবিন গাৰ্গ গোচৰ আৰু শ্য়ামকানু মহন্তৰ বেংক একাউণ্ট পুনৰাই খোলাৰ নিৰ্দেশ আদালতৰ
Tags:
Releated Posts
ঢেকিয়াজুলীত বিজেপিৰ বিজয় সংকল্প সভাৰ পৰা অমিত শ্বাহৰ দৃঢ় প্ৰতিশ্ৰুতি
সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন।টিহু সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ উপস্থিত হোৱাৰ পূৰ্বে ঢেকীয়াজুলিত অনুষ্ঠিত…
১০ এপ্ৰিলত ঘোষণা কৰা হ’ব এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
নিৰ্বাচনৰ পাছদিনাই ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। নিৰ্বাচনী প্ৰচাৰৰ মাজতে বোকাজানত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিলে…
‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল’ষষ্ঠ হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ
‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল’ষষ্ঠ হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈগুৱাহাটী,…
নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব অমিত শ্বাহ
নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব অমিত শ্বাহ। আজি বিয়লি ৫ বজাত গুৱাহাটীত অমিত শ্বাহৰ ৰোড শ্ব’।আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ…












