নিশাৰ মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনা।

মহানগৰীৰ লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু নিৰ্ভীক আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ। মাতৃৰ বিয়োগৰ শোক মাৰ নৌযাওঁতেই দুৰ্ঘটনাত আৰক্ষী বিষয়াৰ মৃত্যু। ভয়ংকৰ দুৰ্ঘটনাত অকালতে হেৰাই গ’ল এগৰাকী আৰক্ষী বিষয়া বিৰিঞ্চি দাস। মাজনিশা মহানগৰীৰ লালমাটিত তীব্ৰ বেগী AS01 AY 9101নম্বৰৰ এখন চুইফট বাহনে মহটিয়াই নিয়ে স্কুটীত থকা ঘগ্ৰাপাৰ আৰক্ষী বিষয়া বিৰিঞ্চি দাসক। ফলত, নিমিষতে পূৰ্ণ বিচূৰ্ণ হৈ … Read more

টৰ’ণ্ট বিমানবন্দৰত বৰফৰ মাজত ভয়ংকৰ বিমান দুৰ্ঘটনা: অগ্নিকাণ্ডৰ মাজত ৰক্ষা পৰিল ৮০ জন যাত্ৰী

টৰ’ণ্ট: কানাডাৰ টৰ’ণ্ট বিমানবন্দৰত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুর্ঘটনা। ডেল্টা এয়াৰলাইন্সৰ এখন বিমান মঙলবাৰে অবতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হয়। সৌভাগ্যক্রমে, বিমানখনত থকা ৮০ গৰাকী যাত্ৰীয়ে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়। বিমানবন্দৰটো বৰফে আৱৰি থকা অৱস্থাত বিমানখন অৱতৰণ কৰিবলৈ চেষ্টা কৰি আছিল। অৱতৰণৰ সময়তে বিমানখন উলটি যায় আৰু ফলস্বৰূপে অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাস্থলীত উপস্থিত উদ্ধাৰকাৰী … Read more

তামাৰহাটৰ প্ৰতাপগঞ্জত পথ দুর্ঘটনা…

নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল বেটাৰী চালিত টেম্পো গুৰুতৰভাৱে আহত মহিলাসহ ৭ টেম্পো যাত্রী স্থানীয় ৰাইজৰ তৎপৰতাত আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ সংকটজনক অৱস্থাত আটাইকে ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ

মহাৰাষ্ট্ৰৰ জালগাঁৱৰ ৰে’ল দুৰ্ঘটনা

– মৃতকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, আহত প্ৰায় ৫০ জন।– মৃতকৰ পৰিয়াললৈ কেন্দ্ৰীয় চৰকাৰৰ ১.৫ লাখ টকাৰ ক্ষতিপূৰণ।– আহতৰ পৰিয়াললৈ ৫০ হাজাৰ টকাৰ সাহায্য।– সামান্য আঘাত পোৱাসকলক দিব ৫ হাজাৰকৈ সাহায্য।– মহাৰাষ্ট্ৰ চৰকাৰে মৃতকৰ পৰিয়ালক দিব ৫ লাখকৈ ক্ষতিপূৰণ।

দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা। দুলীয়াজানৰ কমলাবাৰী পথৰ দাঁতিত নলাত উদ্ধাৰ যুৱকৰ মৃতদেহ ।

উদ্ধাৰ হোৱা মৃতদেহটো ইতিমধ্যে আৰক্ষীয়ে দুলীয়াজানৰ মধুটিং অঞ্চলৰ প্ৰয়াত কানু গগৈৰ পুত্ৰ ৰিপ গগৈ বুলি চিনাক্ত কৰিছে । ইফালে মৃতদেহৰ কাষত এখন মটৰচাইকেল,দুটা হেলমেট আৰু দুযোৰ চেণ্ডেল আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । সমগ্ৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে । কি পৰিস্থিতিত যুৱকজনৰ মৃত্যু হ’ল এই পৰ্যন্ত আৰক্ষীয়ে নিশ্চিতি প্ৰদান কৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে … Read more

দক্ষিণ কামৰূপৰ কালাতলী-গৰৈমাৰী পথৰ চৌধুৰী পামত ভয়ংকৰ পথ দূৰ্ঘটনা ৷

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ শিমলু গছত প্ৰচণ্ড খুন্দা তীব্ৰবেগী যাত্ৰীবাহী ট্ৰেভেলাৰৰ ৷দূৰ্ঘটনাটোত চালকসহ আহত কেইবাগৰাকীও যাত্ৰী ৷আহত যাত্ৰীৰ ভিতৰত কেইবাগৰাকী স্কুলীয়া ছাত্ৰী আৰু এগৰাকী শিক্ষয়িত্ৰী বুলি জানিব পৰা গৈছে ৷দুখন ট্ৰেভেলাৰ প্ৰতিযোগিতাৰ বাবে গুৱাহাটী অভিমূখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই দূৰ্ঘটনা ৷দূৰ্ঘটনাত পতিত ট্ৰেভেলাৰৰ নম্বৰ AS25AC-6169 বুলি জানিব পৰা গৈছে । দূ্ৰ্ঘটনা সংঘটিত হোৱাৰ … Read more

অৰুণাচলৰ নামচাই জিলাৰ মহাদেৱপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন ।

নিশা নামচাই জিলাৰ মহাদেৱপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক নিহত হয় ৷মৰাণ চিতপানী গাঁৱৰ ফুলেশ্বৰ নেওগৰ পুত্ৰ বিৰু নেওগ নামৰ লোকজন AS23W9512নম্বৰৰ আৰ টি আৰ আপাচী বাইকত মহাদেৱপুৰ দিশৰ পৰা আৰু নৱ কুমাৰ দেউৰীৰ পুত্ৰ ৰোহিত দেউৰী নামৰ লোকজনে এখন RX100বাইকেৰে মহাদেৱপুৰ অভিমুখে গৈ থাঁকোতে জিৰ’ পইন্টৰ সমীপত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ … Read more

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত কয়লা ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত।

সম্প্ৰতি নিশাৰ ভাগত কয়লা বাহনৰ দৌৰাত্ম্য। প্ৰাপ্ত তথ্য মতে, দ্ৰুতগতিত আহি থকা AS-10-C-9827নম্বৰৰ ১৬ চকীয়া কয়লা ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পকী দেৱাল ভাঙি মহতীয়াই নিয়ে দুখনকৈ বাহন। বুধবাৰে নিশাৰ ভাগত মাৰ্ঘেৰিটাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত গেৰেজত ৰখাই থোৱা ২টা পৰিয়ালৰ দুখন বাহন ক্ষতিগ্ৰস্ত হয় । দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্ঘটনাগ্ৰস্ত … Read more

বঙাইগাঁৱত পথ দুৰ্ঘটনা । থিতাতে নিহত পিতৃ কন্যা ।

বঙাইগাঁও জিলাৰ বইটামাৰীৰ নিত্যবজাৰ সংযোগী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা ।ট্ৰেইলাৰ,বাছ আৰু বাইকৰ মাজত মুখা-মুখি সংঘৰ্ষ । ফলত থিতাতে নিহত পিতৃ কন্যা ।নিহত শিক্ষকগৰাকীৰ নাম নাছিৰ আহমেদ আৰু কন্যা স্বাহানাচ আহমেদ বুলি জানিব পৰা গৈছে ।চাপৰৰ বহলপুৰৰ SFS বিদ্যালয়লৈ কন্যাক থবলৈ নিজেই যাওঁতে সংঘটিত হয় উক্ত ভয়াবহ পথ দুৰ্ঘটনা ।তাৰ পাছতে ৰাষ্ট্ৰীয় পথ … Read more

ডিগবৈত শোকাবহ পথ দুৰ্ঘটনাত চৈধ্য বছৰীয়া ছাত্ৰী নিহত,আহত হয় ৬ জন ।

কালী পূজা আৰু দীপাৱলীৰ আনন্দৰ মাজতে শুকুৰবাৰে নিশা ডিগবৈ ৰামনগৰ অঞ্চলত হোৱা শোকাবহ পথ দুৰ্ঘটনাত টিংৰাই বজাৰ অঞ্চলৰ নিবাসী ডেইৰী মৰাণ নামৰ চৈধ্য বছৰীয়া এগৰাকী ছাত্ৰী ঘটনাস্থলীতে মৃত্যু হয় । ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন অটো’ৰিক্সা আৰু ইক’ভানৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল । ফলত দুখন বাহনৰ বিস্তৰ ক্ষয়-ক্ষতি হয় । জানিব পৰা মতে,ডেইজী লিটল ষ্টাৰ … Read more