• Home
  • দেশ
  • হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ছোনিয়া গান্ধীৰ
Image

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ছোনিয়া গান্ধীৰ

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ছোনিয়া গান্ধীৰ। মঙলবাৰে পুৱা দিল্লীৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰীগৰাকীক। চিকিৎসালয়খনত চিকিৎসকৰ এটা দলৰ তীক্ষ্ণ নিৰীক্ষণত আছে নেত্ৰীগৰাকী।

জানিব পৰা মতে, ছোনিয়া গান্ধীক বুকুৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে। অৱশ্যে ছোনিয়া গান্ধীৰ স্বাস্থ্য সন্দৰ্ভত কংগ্ৰেছ দল অথবা চিকিৎসালয়খনে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। অৱশ্যে দিল্লীৰ প্ৰদূষণৰ ফলত নেত্ৰীগৰাকীৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰিছে বুলি বিশেষ সূত্ৰই সদৰী কৰিছে। উল্লেখযোগ্য যে, ছোনিয়া গান্ধী দীৰ্ঘদিন ধৰি কাহত আক্ৰান্ত হৈ আছিল। যাৰ বাবে তেওঁ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাই আছিল।

ইফালে, ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৫ জুনত পেটৰ সমস্যাৰ বাবে ছাৰ গংগা ৰাম হাস্পতালৰ চাৰ্জিকেল গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগত ভৰ্তি কৰোৱা হৈছিল ছোনিয়া গান্ধীক। ৭৯ বছৰীয়া নেত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থাক লৈ উদ্বিগ্ন হৈছে কংগ্ৰেছৰ নেতা-কৰ্মীসকল

Releated Posts

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল…

ByByMahesh Malakar Jan 13, 2026

কি হৈছে ট্ৰাম্পৰ?পৰম মিত্ৰ বুলি কোৱা এইবাৰ ভাৰতক দিলে ধমক

ভেনিজুৱেলাৰ পিছত এইবাৰ ভাৰতৰ বিৰুদ্ধে কঠোৰ মাৰ্কিন ৰাষ্ট্ৰপতি পৰম মিত্ৰ বুলি কোৱা এইবাৰ ভাৰতক দিলে ধমক ভেনিজুৱেলাত অতৰ্কিত…

ByByMahesh Malakar Jan 5, 2026

আজি বছৰৰ অন্তিমটো দিন

আজি বছৰৰ অন্তিমটো দিন। পুৰণি বিদায় দি নতুনক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। পোৱা–নোপোৱাৰ হিচাপৰ মাজেৰে আৰু কেইটামান ঘণ্টাৰ…

ByByMahesh Malakar Dec 31, 2025

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দে*হা*ৱ*সা*ন

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান। বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি)ৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী দেশনেত্ৰী বেগম…

ByByMahesh Malakar Dec 30, 2025
Scroll to Top