• Home
  • দেশ
  • হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ছোনিয়া গান্ধীৰ
Image

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ছোনিয়া গান্ধীৰ

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ছোনিয়া গান্ধীৰ। মঙলবাৰে পুৱা দিল্লীৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰীগৰাকীক। চিকিৎসালয়খনত চিকিৎসকৰ এটা দলৰ তীক্ষ্ণ নিৰীক্ষণত আছে নেত্ৰীগৰাকী।

জানিব পৰা মতে, ছোনিয়া গান্ধীক বুকুৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে। অৱশ্যে ছোনিয়া গান্ধীৰ স্বাস্থ্য সন্দৰ্ভত কংগ্ৰেছ দল অথবা চিকিৎসালয়খনে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। অৱশ্যে দিল্লীৰ প্ৰদূষণৰ ফলত নেত্ৰীগৰাকীৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰিছে বুলি বিশেষ সূত্ৰই সদৰী কৰিছে। উল্লেখযোগ্য যে, ছোনিয়া গান্ধী দীৰ্ঘদিন ধৰি কাহত আক্ৰান্ত হৈ আছিল। যাৰ বাবে তেওঁ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাই আছিল।

ইফালে, ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৫ জুনত পেটৰ সমস্যাৰ বাবে ছাৰ গংগা ৰাম হাস্পতালৰ চাৰ্জিকেল গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগত ভৰ্তি কৰোৱা হৈছিল ছোনিয়া গান্ধীক। ৭৯ বছৰীয়া নেত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থাক লৈ উদ্বিগ্ন হৈছে কংগ্ৰেছৰ নেতা-কৰ্মীসকল

Releated Posts

পৱন খেড়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ

পৱন খেড়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ তেলেংগানা উচ্চ ন্যায়ালয়ে দিয়া অগ্ৰিম জামিনৰ বিৰুদ্ধে আবেদন তেলেংগানা উচ্চ…

ByByMahesh Malakar Apr 13, 2026

জনপ্ৰিয় কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান

জনপ্ৰিয় কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান ৯২ বছৰ বয়সত মুম্বাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ হৃদৰোগত আক্ৰান্ত হৈছিল আশা ভোছলে…

ByByMahesh Malakar Apr 12, 2026

মুছলমানৰ সৈতে বিশ্বাসঘাতকতা হুমায়ুন কবীৰৰ

মুছলমানৰ সৈতে বিশ্বাসঘাতকতা হুমায়ুন কবীৰৰ মুছলমানক বুৰ্বক বনাই বিজেপিৰ সৈতে মিত্ৰতা হুমায়ুন কবীৰৰ দেশৰ মুছলমানক জোকাৰি যোৱা খবৰ…

ByByMahesh Malakar Apr 11, 2026

বৰ্ষাপাৰাত ২৭ ৰানত জয়লাভ ৰিয়ান পৰাগ বাহিনীৰ

বৰ্ষাবিঘ্নিত মেচত ৰাজস্থান ৰয়েলছৰ হাতত ২৭ ৰানত পৰাস্ত হয় হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছ। প্ৰথমে বেটিং কৰি ৩ উইকেটত…

ByByMahesh Malakar Apr 8, 2026
Scroll to Top