• Home
  • অপৰাধনামা
  • তিনিদিন বন্ধ থাকিব লালকিল্লা, বন্ধ থাকিব মেট্ৰ’ ষ্টেচনো
Image

তিনিদিন বন্ধ থাকিব লালকিল্লা, বন্ধ থাকিব মেট্ৰ’ ষ্টেচনো

সোমবাৰে সন্ধিয়া লালকিল্লাৰ মেট্ৰ’ ষ্টেচনৰ সমীপত এখন চলন্ত গাড়ীত সংঘটিত বিস্ফোৰণে কঁপালে ৰাজধানী দিল্লী । এই ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰে আৰু লগে লগে ঘটনাস্থলীত উপস্থিত হয় দিল্লী আৰক্ষী, ফৰেনছিক দল, বোমা নিষ্কাশন দল।

আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। নিৰাপত্তাজনিত কাৰণত অহা তিনিদিনলৈ লালকিল্লা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

দিল্লী যান-বাহন আৰক্ষীয়ে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আজি (১১ নৱেম্বৰ) নেতাজী সুভাষ মাৰ্গৰ দুয়োকাষৰ পথ বন্ধ কৰি দিছে। চট্টা ৰেল কাটৰ পৰা সুভাষ মাৰ্গ কাটলৈ কোনো যান-বাহন যাতায়ত কৰিব নোৱাৰিব।

এই নিষেধাজ্ঞাসমূহ পুৱা ৬ বজাৰ পৰা পৰৱৰ্তী জাননী নিদিয়ালৈকে চলি থাকিব। যান-বাহন আৰক্ষীয়ে যাতায়ত কৰা লোকসকলক অসুবিধাৰ পৰা হাত সাৰিবলৈ বিকল্প পথ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে।

বিস্ফোৰণৰ লগে লগে দিল্লী আৰক্ষীয়ে সকলো স্পৰ্শকাতৰ ক্ষেত্ৰত নিৰাপত্তা বৃদ্ধি কৰিছে। আই জি আই বিমানবন্দৰ, ইণ্ডিয়া গেট, সংসদ ভৱন, আৰু সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। প্ৰতিখন বাহন পৰীক্ষা কৰা হৈছে, আৰু আৰক্ষীয়ে কোনো সন্দেহজনক বস্তু বা কাৰ্যকলাপৰ বিষয়ে তৎক্ষণাত খবৰ দিবলৈ আহ্বান জনাইছে।

এই ঘটনাৰ পিছতে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে নিৰাপত্তাজনিত কাৰণত অহা ৩ দিনৰ বাবে লালকিল্লা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সময়ছোৱাত কোনো পৰ্যটক বা সাধাৰণ নাগৰিকক এই কমপ্লেক্সত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। বিষয়াসকলে কয় যে এই সিদ্ধান্ত কেৱল সতৰ্কতামূলক ব্যৱস্থা হিচাপে লোৱা হৈছে যাতে তদন্ত আৰু নিৰাপত্তাৰ ব্যৱস্থাত কোনো ধৰণৰ ব্যাঘাত জন্মাব নোৱাৰে।

Releated Posts

বিদ্যুৎ বিভাগৰ ওপৰত অগ্নিশৰ্মা জনতা

বিদ্যুৎ বিভাগৰ ওপৰত অগ্নিশৰ্মা জনতা শ শ লোকে দলিয়াই উভতালে স্মাৰ্ট মিটাৰ দ’মে দ’মে স্মাৰ্টমিটাৰ দলিয়াই ঘেৰাও বিদ্যুৎ…

ByByMahesh Malakar May 2, 2026

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ আজি আদালতত হাজিৰ কৰোৱা হ’ব মঠঘৰীয়াত দুৰ্ঘট*না সংঘটিত কৰা ছামিম আহমেদক…

ByByMahesh Malakar May 2, 2026

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লাভ কৰিলে…

ByByMahesh Malakar May 1, 2026

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খুলি খুলি খাইছিল সিদ্ধাৰ্থই সিদ্ধাৰ্থৰ কোটি কোটি…

ByByMahesh Malakar Apr 30, 2026
Scroll to Top