মাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিজ নিজ দলৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে নিৰ্বাচনী ৰণডংকা বজাই চিলাপথাৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- অনাগত সময়ত চৰকাৰে ২ লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। লগতে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিলে ভবিষ্যতে প্ৰতিগৰাকী মহিলাক ২৫,০০০ কৈ ধন প্ৰদান কৰিব। বিগত সময়ত ১ লাখ ৬৫ হাজাৰ নিৱনুৱাক চাকৰি দিয়া হ’ল। অহাবাৰ বিজেপিৰ চৰকাৰ আহিলে পুনৰ ২ লাখক চাকৰি দিয়া হ’ব বুলিও উল্লেখ কৰে। ৰাজ্যৰ উন্নয়ন নিশ্চিত কৰিবলৈকে নৱগঠিত চিচিবৰগাঁও সমষ্টিত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন দিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনালে। লগতে চিচি বৰগাঁও সমষ্টিত কমেও ৫০ হাজাৰ ভোটত দলীয় প্ৰাৰ্থীগৰাকী বিজয়ী হ’ব বুলি দাবী কৰে।

পুনৰ বিজেপি চৰকাৰ হ’লে ২ লাখক চাকৰি দিয়া হ’ব ; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Releated Posts
গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নহয়
গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নহয় গৌৰৱ গগৈক ক্লীনশ্বিট দিলে পাকিস্তানী মিডিয়াই গৌৰৱ গগৈও পাকিস্তানী এজেণ্ট নহয় পাকিস্তানৰ সংবাদ…
আজি গুৱাহাটীত IPLৰ প্ৰথমখন মেচ
আজি গুৱাহাটীত IPLৰ প্ৰথমখন মেচ সমুখসমৰত RR vs CSK অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত নামিব ৰাজস্থান ৰয়েলছ চেন্নাই…
ঢেকিয়াজুলীত বিজেপিৰ বিজয় সংকল্প সভাৰ পৰা অমিত শ্বাহৰ দৃঢ় প্ৰতিশ্ৰুতি
সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন।টিহু সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ উপস্থিত হোৱাৰ পূৰ্বে ঢেকীয়াজুলিত অনুষ্ঠিত…
১০ এপ্ৰিলত ঘোষণা কৰা হ’ব এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
নিৰ্বাচনৰ পাছদিনাই ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। নিৰ্বাচনী প্ৰচাৰৰ মাজতে বোকাজানত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিলে…












