• Home
  • অসম
  • ‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল’ষষ্ঠ হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ
Image

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল’ষষ্ঠ হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল’
ষষ্ঠ হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ
গুৱাহাটী, আঠাইছ মাৰ্চ ঃ ‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল৷’ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে আজি আয়োজন কৰা ষষ্ঠ হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত এনেদৰে কয় প্ৰসিদ্ধ সমালোচক ডঃ আনন্দ বৰমূদৈয়ে৷ বিশ্ববিদ্যালয়ৰ হৰিনাৰায়ণ দত্তবৰুৱা কেন্দ্ৰীয় পুথিভড়াঁলৰ দ্বাৰা আয়োজিত এই স্মাৰক বক্তৃতাৰ বিষয় আছিল ‘হৰিনাৰায়ণ দত্তবৰুৱা আৰু অসমীয়া সাহিত্যত আধুনিকতাৰ উম্মেষ’¸৷ ভাষণ প্ৰসংগত তেখেতে কয় – ‘প্ৰচীন অসমীয়া সাহিত্যৰ সংগ্ৰহ, সম্পাদনা আৰু প্ৰকাশ কৰি সেই গ্ৰন্থবোৰক অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰত স্থান দিয়া কামটো কৰিছিল হৰিনাৰায়ণ দত্তবৰুৱাই৷ অসমীয়া সমাজৰ প্ৰতি এয়া আছিল তেওঁৰ অতি মূল্যবান বৌদ্ধিক আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতীক৷’
এই স্মাৰক বক্তৃতা সভা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁড়ালে আৰম্ভ কৰা ‘বিদ্যেষা’ নামৰ অডিঅ’ ভিচুৱেল আৰ্কাইভটি উম্মোচন কৰে প্ৰখ্যাত শিল্পী যতীন্দ্ৰ নাথ গোস্বামীয়ে৷ বিশ্ববিদ্যালয়খনে বন্দনা দত্ত আৰু গৰিয়সী দত্তৰ প্ৰয়োজনাত নিৰ্মাণ কৰা কেইবাখনো তথ্যচিত্ৰ, সংৰক্ষণমূল থকা বিভিন্ন নৃতত্বমূলক আৰু সাংস্কৃতিক অডিঅ’ ভিচুৱেল, বিভিন্ন ব্যক্তিৰ কথোপকথন আৰু বহুতো দুস্প্ৰাপ্য গ্ৰন্থ এই আৰ্কাইভত সংৰক্ষণ কৰা হৈছে৷ উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনে প্ৰযোজনা কৰা কেইবাখনো তথ্যচিত্ৰই বিভিন্ন মহোৎসৱত অংশগ্ৰহন কৰিছে আৰু পুৰষ্কৃত হৈছে৷ এই তথ্যচিত্ৰ আৰু অন্য অনুষ্ঠানসমুহৰ পৰিচালনা বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু কৰ্মী৷ এই আৰ্কাইভটোৱে অকল অসমৰে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক সম্পদক ৰসিক আৰু গবেষকসকলক উপকৃত কৰিব৷
এই অনুষ্ঠানতে তিনিখন গ্ৰন্থও উম্মোচন কৰা হয়৷ হৰিনাৰায়ণ দত্তবৰুৱাৰ কৰ্ম আৰু জীৱনক লৈ উৎপল দত্ত আৰু ডঃ ৰুবী গোস্বামীয়ে সম্পাদনা কৰা ‘হৰিনাৰায়ণ – দা ৰেণেছাঁমেন’, বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ প্ৰতীতি বৰ্মণ আৰু ডঃ তিলোত্তমা বৰুৱাই সম্পাদনা কৰা ‘আণ্ডাৰষ্টেণ্ডিং ডাইভাৰচিটি- পাৰচপেক্টিভ ফ্ৰম মািŒI×ডিচিপ্লিনাৰি স্কলাৰছ’ নামৰ গবেষণামূলক প্ৰবন্ধৰ সংকলন আৰু ডঃ লোপামুদ্ৰা ভট্টাচাৰ্যই ৰচনা কৰা ‘ওমেন, টিভি ছ’পছ এণ্ড ছোছাইটি’ শীৰ্ষক গবেষণাগ্ৰন্থখনি উম্মোচন কৰে সাংস্কৃতিক বিভাগৰ সঞ্চালক ৰাহুল দাস, গুৰু দ্ৰোণ ভূঞা আৰু শিল্পী ডঃ প্ৰভাত হালৈয়ে৷ পদ্মশ্ৰী সম্মানেৰে সম্মানিত শিল্পী দ্ৰোণ ভূঞা আৰু ওজাপালিৰ প্ৰসিদ্ধ শিল্পী ডঃ প্ৰভাত হালৈকো সভাত সম্বদ্ধৰ্না জনোৱা হয়৷ সম্বদ্ধৰ্না জনায় বিশ্ববিদ্যালয়ৰ ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্তই৷ এই দুয়োগৰাকী শিল্পীৰ জীৱন আৰু কৰ্মৰ আত্মকথাৰ দৃশ্য-শ্ৰাব্য বন্ধন বিশ্ববিদ্যালয়ৰ আৰ্কাইভত সংৰক্ষণ কৰা হৈছে৷
এই সভাতে গ্ৰন্থ প্ৰকাশক জ্যোতিন্দ্ৰ নাৰায়ণ দত্তবৰুৱাই সংগ্ৰহ কৰা সাঁচীপতীয়া মহাভাৰত এখনৰ কিছু অংশ বিশ্ববিদ্যালয়ৰ হৰিনাৰায়ণ দত্তবৰুৱা কেন্দ্ৰীয় পুথিভড়াললৈ আগবঢ়ায়৷
বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ [ডঃ] নাৰায়ণ চন্দ্ৰ তালুকদাৰে আদৰণি ভাষণ দিয়ে আৰু শলাগৰ শৰাই আগবঢ়ায় সম-উপাচাৰ্য প্ৰফেচৰ [ডঃ] প্ৰণবীৰ সিঙে৷ বৃষ্টি কাশ্যপৰ কণ্ঠৰ বৰগীতেৰে আৰম্ভ হোৱা সভাখনৰ আঁত ধৰে সহকাৰী অধ্যাপিকা পংখী কাশ্যপে৷

Releated Posts

নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব অমিত শ্বাহ

নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব অমিত শ্বাহ। আজি বিয়লি ৫ বজাত গুৱাহাটীত অমিত শ্বাহৰ ৰোড শ্ব’।আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ…

ByByMahesh Malakar Mar 28, 2026

বিজেপিৰ বহিষ্কৃত নেতাৰ তালিকাত নাম নাই নন্দিতা গাৰ্লোচাৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত একাংশ নেতাৰ বিৰুদ্ধে বিজেপিয়ে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বাবে শুকুৰবাৰৰ দিনটোত…

ByByMahesh Malakar Mar 28, 2026

নিৰ্বাচনী ৰণডংকা বজাবলৈ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিৰ্বাচনী ৰণডংকা বজাবলৈ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিয়লি ২.৩৫ বজাত উপস্থিত হ’ব গুৱাহাটী বিমান বন্দৰত…

ByByMahesh Malakar Mar 28, 2026

কাইলৈৰ পৰা আৰম্ভ আই পি এল- ২০২৬

কাইলৈৰ পৰা আৰম্ভ আই পি এল- ২০২৬ প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত ভাগ ল’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম…

ByByMahesh Malakar Mar 27, 2026
Scroll to Top