• Home
  • অপৰাধনামা
  • অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা চাৰি বাংলাদেশী যুৱতীক গোলকগঞ্জত বিতাৰণ
Image

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা চাৰি বাংলাদেশী যুৱতীক গোলকগঞ্জত বিতাৰণ

ভাৰত- বাংলাদেশ সীমান্তৱৰ্তী গোলোকগঞ্জ সহ আন আন সীমান্তৰ সুৰক্ষাৰ দায়িত্ব থকা বিএছএফ দায়িত্বহীনতাৰ বাবে সীমান্তৰ সিপাৰৰ পৰা জাকে জাকে বাংলাদেশী ভাৰতত প্ৰৱেশ কৰি থকা ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে ৷

শেহতীয়াকৈ দালালৰ জৰিয়তে ডেৰ লাখ টকাৰ বিনিময়ত বাংলাদেশ সীমান্ত পাৰ ভাৰত ভূমিত প্ৰৱেশ কৰিছিল চাৰি যুৱতীয়ে ৷ কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে বাংলাদেশৰ পৰা ভাৰতত প্ৰবেশ কৰা যুৱতী চাৰি গৰাকীয়ে অসম হৈ ৰেলেৰে বহি:ৰাজ্য লৈ যাওঁতে বঙাইগাঁও ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীৰ হাতত ধৰা পৰে।

আৰক্ষীৰ জালত পৰা চাৰি বাংলাদেশী যুৱতী ক্ৰমে বাংলাদেশৰ মাদাৰীপুৰ জিলাৰ শৰিয়তপুৰ গাঁৱৰ ছুমাইয়া আখতাৰ তাসমিয়া, পাবনা জিলাৰ মালিগাচাৰ গাঁৱৰ সুহানা খাতুন আখি, গাজিপুৰ জিলাৰ বালিগাঁৱৰ আবিদা চৌধুৰী মিস্টি আবিদা আৰু নেত্ৰকনা জিলাৰ বাইপাৰা ৰানিখং গাঁৱৰ মিষ্টি শিৰিনা আখতাৰ ফাৰিয়াক অৱশেষত সীমান্ত আৰক্ষীয়ে আজি গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰে হস্তান্তৰ কৰে বিজিপিক ৷

উল্লেখ্য যে আটাই কেইগৰাকী বাংলাদেশী যুৱতীক দুষ্টচক্ৰই অনৈতিক কামত ব্যৱহাৰ কৰাবলৈ ভাৰতলৈ অবৈধ ভাৱে প্ৰবেশ কৰোৱা বুলি সন্দেহ কৰা হৈছে ৷

Releated Posts

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে কোন ১৮ বিধায়কে স্থান লাভ কৰিব মন্ত্ৰী সভাত? বিজেপি মিত্ৰজোঁটৰ কাৰ…

ByByMahesh Malakar May 6, 2026

কেতিয়া গঠন হ’ব নতুন চৰকাৰ?

কেতিয়া গঠন হ’ব নতুন চৰকাৰ? ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ১১:৩০ বজাত আনুষ্ঠানিক ভাৱে পদত্যাগ কিৰণ…

ByByMahesh Malakar May 6, 2026

আজি দিনৰ ১১.৩০ বজাত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আজি দিনৰ ১১.৩০ বজাত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদ এৰিব হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই ৰাজ্যপালৰ…

ByByMahesh Malakar May 6, 2026

মই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈছোঁ

মই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈছোঁ পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছোঁ অধিক দৃঢ়তা আৰু প্ৰতিশ্ৰুতিৰে চৰকাৰৰ ভাল কামত…

ByByMahesh Malakar May 5, 2026
Scroll to Top