অসমৰ বাবে আজি এক ঐতিহাসিক দিন। ৰাষ্ট্ৰীয় ক্ৰীড়াত অভিলেখ সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে আজি ফাইনেল খেলত নামিব ৪গৰাকীকৈ অসমৰ বক্সাৰ।

অসমৰ বাবে আজি এক ঐতিহাসিক দিন। ৰাষ্ট্ৰীয় ক্ৰীড়াত অভিলেখ সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে আজি ফাইনেল খেলত নামিব ৪গৰাকীকৈ অসমৰ বক্সাৰ। স্বৰ্ণ পদক নিশ্চিত কৰিবলৈ  উত্তৰাখণ্ডত অনুষ্ঠিত হৈ থকা ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফাইনেলত নামিব এই ৪গৰাকী বক্সাৰ। শুকুৰবাৰে ফাইনেল খেলিব লগা অসমৰ বক্সাৰসকল হৈছে, লাভলীনা বৰগোহাঁই, অংকুশিতা বড়ো, শিৱ থাপা আৰু অভিনৱ শইকীয়া। উল্লেখ্য যে, যোৱা  … Read more

ভাৰতীয় ফুটবল দলত স্থান লাভ মৰিগাঁও জিলাৰ মহম্মদ ছামীৰ…

ক্রীড়া জগতৰ বাবে সাফল্য। ভাৰতীয় ফুটবল দলত স্থান লাভ কৰিলে অসমৰ মৰিগাঁও জিলাৰ মহম্মদ ছামীয়ে।মহম্মদ ছামিয়ে ২০ বছৰ অনুৰ্ধ্বৰ ভাৰতীয় ফুটবল দলত স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। ইতিমধ‍্য ১৭ বছৰ অনুৰ্ধ্বৰ ভাৰতীয় দলৰ হৈ ছামিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ খেল প্ৰদৰ্শন কৰিছে। মহম্মদ ছামিক লৈ মৰিগাঁও বাসি গৌৰৱান্বিত।

অপেক্ষাৰ অৱসান ঘটাই চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা ভাৰতীয় দল ।

চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল। মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু অধিনায়ক ৰোহিত শৰ্মাই সংবাদ মেল যোগে ঘোষণা কৰে ভাৰতীয় দল।৭খন দেশে ইতিমধ্যে ICC চেম্পিয়নছ ট্ৰফীৰ বাবে দল ঘোষণা কৰিছে। অৱশেষত ভাৰতেও চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা কৰিলে দল ।ভাৰতীয় দলটোত থাকিব ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল (সহঃ অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়ছ আয়াৰ, কে … Read more

ভাৰতীয় ক্রিকেটাৰসকলক BCCIৰ বিশেষ নির্দেশ…

সকলো ক্রিকেটাৰে ঘৰুৱা ক্রিকেটত অংশগ্ৰহণ কৰিব লাগিব ভাৰতীয় দলৰ সকলো ক্রিকেটাৰে দলৰ লগত থাকিব লাগিব BCCIৰ অনুমতি অবিহনে কোনো ক্রিকেটাৰে পৰিয়ালৰ লগত শৃংখলাৰ মাজত যাব বা ভ্রমণ কৰিব নোৱাৰিব সকলো খেলুৱৈৰ LUGGAGE ১৫০ কেজিৰ তলত হ’ব লাগিব কোনো ক্রিকেটাৰে শৃংখলাৰ সময়ত নিজৰ মেনেজাৰ, ৰান্ধনী, নিৰাপত্তাৰক্ষী, স্টাইলিস্ট ৰাখিব নোৱাৰিব NCAত নিজৰ ব্যক্তিগত বস্তু পঠোৱা বা অনাৰ … Read more

ভাৰতীয় ক্ৰিকেটৰ গুৰু দায়িত্ব এজন অসমীয়াৰ কান্ধত।

ভাৰতীয় ক্ৰিকেটৰ গুৰু দায়িত্ব এজন অসমীয়াৰ কান্ধত। BCCIৰ সচিব পদত অধিষ্ঠিত অসম সন্তান দেৱজিৎ লন শইকীয়া। বিনা প্ৰতিদ্বন্দ্বিতাৰে BCCIৰ সচিব ৰূপে নিৰ্বাচিত হোৱা দেৱজিৎ শইকীয়া উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তি দেৱজিত শইকীয়া।

মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে বৰডুমচাত মাৰাথান দৌৰ প্ৰতিযোগিতা সম্পন্ন।

চৰাইদেউৰ দুৰ্গেচ কুৰ্মীয়ে লাভ কৰিলে প্ৰথম স্থান । উজনি অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈৰ যোগদান।অসমীয়া যুৱ মঞ্চ, তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত বৰডুমচা- পেঙেৰীৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰডুমচাবাসীৰ সহযোগত মাদকদ্ৰব্য সেৱনৰ বিৰুদ্ধে যুৱ প্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যেৰে আজি এক দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । চুবুৰীয়া অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা আৰম্ভ কৰি অসমৰ মাধৱপুৰ প্রাথমিক বিদ্যালয়ৰ … Read more