ধুবুৰীত ভয়ংকৰ মাৰপিটৰ ঘটনা…

L&Tৰ নতুনকৈ নির্মীয়মান দলংৰ কাষত ভয়ংকৰ মাৰপিট। দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিট। মাৰপিটত এজন লোক নিহত, কেইবাজনো আহত । নিহত লোকজনৰ নাম সজাব আলী । ঘটনাস্থলীত উপস্থিত ধুবুৰী আৰক্ষী , আৰক্ষীয়েও নিয়ন্ত্ৰণ কৰিব পৰা নাই মাৰপিট ।উপায়ন্তৰ হৈ ঘটনাস্থলীৰ পৰা আঁতৰিল আৰক্ষী। লাঠী, জোঙ, তৰোৱাল, ডেগাৰ লৈ প্ৰচণ্ড মাৰপিট। আহতক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।

অসমৰ বাবে আজি এক ঐতিহাসিক দিন। ৰাষ্ট্ৰীয় ক্ৰীড়াত অভিলেখ সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে আজি ফাইনেল খেলত নামিব ৪গৰাকীকৈ অসমৰ বক্সাৰ।

অসমৰ বাবে আজি এক ঐতিহাসিক দিন। ৰাষ্ট্ৰীয় ক্ৰীড়াত অভিলেখ সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে আজি ফাইনেল খেলত নামিব ৪গৰাকীকৈ অসমৰ বক্সাৰ। স্বৰ্ণ পদক নিশ্চিত কৰিবলৈ  উত্তৰাখণ্ডত অনুষ্ঠিত হৈ থকা ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফাইনেলত নামিব এই ৪গৰাকী বক্সাৰ। শুকুৰবাৰে ফাইনেল খেলিব লগা অসমৰ বক্সাৰসকল হৈছে, লাভলীনা বৰগোহাঁই, অংকুশিতা বড়ো, শিৱ থাপা আৰু অভিনৱ শইকীয়া। উল্লেখ্য যে, যোৱা  … Read more

গোৱালপাৰাত অব্যাহত আছে আফিং খেতিৰ বিৰুদ্ধে অভিযান।

গোৱালপাৰাত অব্যাহত আছে আফিং খেতিৰ বিৰুদ্ধে অভিযান। চুনাৰী থানাৰ অন্তৰ্গত চৰঞ্চলত একাংশ দুষ্ট লোকৰ পৃষ্ঠপোষকতাত শ শ বিঘা ভূমিত গঢ়ি উঠিছে আফিং খেতি। দুৰ্গম অঞ্চলত গঢ়ি উঠা এই আফিং খেতিত অভিযান চলায় ধ্বংস কৰে আৰক্ষীয়ে।

আগমনিৰ অন্তৰ্গত ঝসকালত ভয়ংকৰ ভূমি কেন্দ্ৰিক সংঘৰ্ষ।

আগমনিৰ ঝসকালত ভুমিক লৈ দুই পৰিয়ালৰ মাজত মাৰপিট। চাৰিগৰাকী মহিলাসহ নজনকৈ আহত। আহত সকলোক আগমনি সমুহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি। ইয়াৰ ভিতৰত মৰিয়ম বিবি আৰু মতিয়ৰ আলী এই দুজনৰ অবস্থা সংকট জনক দেখি ধুবুৰীলৈ প্ৰেৰন। ঝসকালৰ দুই ভাতৃ বাবুল আলী আৰু নফছাৰ আলী নামৰ দুই ভাতৃৰ মাজত পৈতৃক ভুমিক লৈ কাজিয়া চলি আছিল। আজিয়ো ভুমিক লৈ … Read more

ডিগবৈৰ কুখ্যাত ভগৱান লাল শ্বাহৰ ধাবাত আৰক্ষীৰ অভিযান।

ডিগবৈ পাৱৈৰ চোৰাং ঘাটিৰূপে খ্যাত কুখ্যাত ভগৱান লাল শ্বাহৰ ধাবাত বৃহস্পতিবাৰে নিশা চলিল আৰক্ষীৰ অভিযান। অভিযানত ৬০ লিটাৰৰো অধিক খাৰুৱা তেল ডিজেল,৩লিটাৰ পেট্ৰল আৰু ১৭টা খালী গেলন জব্দ কৰে। মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া দীনেশ প্ৰতাপ সিংহ ৰাথোৰৰ নেতৃত্বত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ধাবাখনত অভিযান চলাই। ডিগবৈ থানাৰ আৰক্ষীৰ সহযোগত ধাবাখনৰ গোপন কক্ষত লুকুৱাই ৰখা তেলখিনি … Read more

ৰঙিয়া ৰে’ল ষ্টেচনত ড্ৰাগছসহ এজনক আটক৷

বিহাৰৰ বৈশালী জিলাৰ তুলসী চাহানীক আটক৷ ৰে’ল আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক৷ নামনিমুৱা লোকমান্য তিলক ৰে’লৰ পৰা আটক সৰবৰাহকাৰীটোক, নামনি মুৱা লোকমান্য তিলক ৰেলৰ নিয়মিয়া তালাচীত উদ্ধাৰ সন্দেহজনক ড্ৰাগছ । বদৰপুৰৰ পৰাই লোকমান্য তিলক ৰে’ল যোগে বিহাৰলৈ বুলি আহিছিল লোকজনে। আটকাধীন লোকজনৰ পৰাই দহটা চাবোনৰ বাকচত ১১২গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰে ৰে’ল আৰক্ষীয়ে। জব্দ কৰা … Read more

সোণাপুৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ

সোণাপুৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ অসম মেঘালয় সীমান্তৰ ১৪ মাইলৰ পৰা জব্দ ড্ৰাগছ খিনি ঘটনা সন্দৰ্ভত বিকি লিংডো আৰু ৰিকি খাৰষ্টেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনক সোণাপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ১২ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে নগদ ধনসহ এখন বাইক এটা মোবাইল ফনো জব্দ … Read more

হাওৰাঘাটৰ যমুনা পাগলা থানত পথ দুৰ্ঘটনা।

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত যমুনাপাগলা থানত AS-09C-3494 নম্বৰৰ টেম্পু গাড়ীখনে নিজ গতি বেগ হেৰুৱাই পথ দুৰ্ঘটনাত পতিত হয় । গাড়ী চালক জনৰ নাম ৰুপেশ গৌড় । টেম্পুখনত ৪/৫ জন যাত্ৰী লৈ যমুনাপাগলাথানৰ তিনিআলিত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত যাত্ৰী সকলক উন্নত চিকিত্সাৰ বাবে স্থায়ী চিকিত্সালয়লৈ প্ৰেৰণ কৰে। হাওৰাঘাট আৰক্ষী ঘটনাস্থলীত … Read more

২৮ বছৰে দেশ সেৱা কৰি উভতিছে ঘৰলৈ, বীৰৰ দৰে আদৰণি জনালে গাঁওবাসীয়ে…

২৮ বছৰে দেশ সেৱা কৰ্মত নিয়োজিত শদিয়াৰ অৱসৰপ্ৰাপ্ত সেনা জোৱানক বীৰৰ দৰে আদৰিলে গাঁৱবাসীয়ে। বীৰক সদায় বীৰৰ দৰেই সন্মান প্ৰদৰ্শন কৰিব লাগে। এই বাক্য শাৰী যেন প্ৰমাণ কৰি দেখুৱাইছে শদিয়াবাসী ৰাইজে। ৰাজনৈতিক নেতা, চেলেব্ৰেটীক যেনেদৰে সাধাৰণ জনতাই গায়ন-বায়ন, ঢোলে-ডগৰে আদৰি আনে, ঠিক তেনেদৰে শদিয়াৰ এগৰাকী বীৰ সন্তানক আদৰিলে গাঁওবাসীয়ে। দেশ সেৱা কৰা সেনা জোৱানক দিলে … Read more

মঙলদৈত আচামী আগে আগে আৰক্ষী পিছে পিছে।

মঙলদৈত আচামী আগে আগে আৰক্ষী পিছে পিছে। আৰক্ষীৰ বেহু ফালি পলায়ন কৰিলে আচামীয়ে। CCTV কেমেৰাত বন্দী আচামীয়ে পলায়ন কৰাৰ দৃশ্য। আদালতত হাজিৰ কৰোৱাবলৈ আনোতেই পলাল আচামী ৰছিদুল ইছলাম। POCSO আইনৰ অধীনত জে’লত আছিল আচামীটো। পিন্ধি থকা কাপোৰ খুলি পলায়ন কৰে ৰছিদুল ইছলামে।