• Home
  • দেশ
  • ব্রাজিলীয়ান মডেলৰ লাৰিছা ৰোচা ছিলভাৰ প্ৰতিক্রিয়া ‘ভাৰতত মোৰ ফটো ব্যৱহাৰ কৰিছে’
Image

ব্রাজিলীয়ান মডেলৰ লাৰিছা ৰোচা ছিলভাৰ প্ৰতিক্রিয়া ‘ভাৰতত মোৰ ফটো ব্যৱহাৰ কৰিছে’

ব্রাজিলীয়ান মডেলৰ লাৰিছা ৰোচা ছিলভাৰ প্ৰতিক্রিয়া ‘ভাৰতত মোৰ ফটো ভোটাৰ হিচাপে ব্যৱহাৰ কৰিছে’

বিহাৰৰ পিছত এইবাৰ হাৰিয়ানাৰ ভোটাৰ তালিকাক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে৷ কংগ্ৰেছ নেতাগৰাকীয়ে হাৰিয়ানাৰ ভোটাৰ তালিকাত ব্যাপক ভোট জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে৷ তেওঁ দাবী কৰে যে এগৰাকী ব্ৰাজিলৰ মডেলৰ ফটো হাৰিয়ানাৰ ভোটাৰ তালিকাত ২২ বাৰ ব্যৱহাৰ কৰা হৈছে৷ এই ফটোখন ১০টা ভিন্ন বুথত সীমা, ছুইটী, সৰস্বতী আদি বেলেগ বেলেগ নামেৰে বিভিন্ন ভোটাৰ কাৰ্ড সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল৷ তেওঁ ইয়াক এক সংগঠিত আৰু কেন্দ্ৰীভূত ভোট জালিয়াতিৰ কাণ্ড বুলি অভিহিত কৰিছে৷ ৰাহুল গান্ধীৰ অভিযোগ মতে, হাৰিয়ানাত প্ৰায় ২৫ লাখ ভুৱা অথবা অবৈধ ভোটাৰ চিনাক্ত কৰা হৈছে৷ তেওঁৰ তথ্য মতে, হাৰিয়ানাৰ প্ৰতি আঠজন ভোটাৰৰ ভিতৰত এজন ভুৱা ভোটাৰ আছে৷

ৰাহুল গান্ধীয়ে দাবী কৰে যে ভোটাৰ তালিকাখনত ৫,২১,৬১৯ জন ভুৱা বা ডুপ্লিকেট ভোটাৰ, ৯৩,১৭৪ জন অবৈধ ঠিকনাধাৰী আৰু ১,৯২,৬,৩৫১ জনৰ বৃহৎ তালিকা চিনাক্ত কৰা হৈছে, যিসকলৰ নাম বেলেগ বেলেগ ঠাইত ভুলকৈ অন্তৰ্ভুক্ত কৰা হৈছে৷ তেওঁ হাৰিয়ানাৰ ভোটাৰ তালিকাৰ বিসংগতি উদঙাবলৈ ‘ণ্ড্ৰ’ ফাইল নামৰ এখন ডছিয়াৰ মুকলি কৰে আৰু সন্দেহ প্ৰকাশ কৰে যে এই ষড়যন্ত্ৰ কেৱল ৰাজ্যিক নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ত সংগঠিত হৈছে বুলি উল্লেখ কৰে৷ নিৰ্বাচন আয়োগৰ ভূমিকা ঃ ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে ভোটাৰ জালিয়াতিৰ বাবে নিৰ্বাচন আয়োগৰ ৬ আৰু জ্জ নম্বৰ ফৰ্মৰ অপব্যৱহাৰ কৰা হৈছিল৷ তেওঁ লগতে কয় যে একেখন ফটোৰে দুটা বুথত ২২৩টা ভোট দিয়াৰ প্ৰমাণ পোৱাৰ পিছতো নিৰ্বাচন আয়োগে সেই বুথৰ চিচিটিভি ফুটেজ ধবংস কৰিছে৷

এতিয়া ব্রাজিলীয়ান মডেলৰ লাৰিছা ৰোচা ছিলভাই প্ৰতিক্রিয়া প্ৰকাশ কৰি কৈছে, ‘ভাৰতত মোৰ ফটো ভোটাৰ হিচাপে ব্যৱহাৰ কৰিছে’ ‘নির্বাচন নে কি মই সেইটোও ভালকৈ নাজানো’ ‘মোক ভাৰতীয় হিচাপে দেখুৱাইছে…’

Releated Posts

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে ‘ৰামৰ নামত…

ByByMahesh Malakar Jun 27, 2026

ৰাম মন্দিৰৰ চুৰিকাৰ্যত অভিযুক্তৰ ‍বিৰুদ্ধে মুছলমান অপৰাধীৰ দৰেই ব্যৱস্থা ল’বনে আৰক্ষী-প্ৰশাসনে?

মুছলমান অপৰাধীৰ দৰেই ব্যৱস্থা ল’বনে আৰক্ষী-প্ৰশাসনে? ৰাম মন্দিৰৰ চুৰিকাৰ্যত অভিযুক্তৰ ‍বিৰুদ্ধে কি হ’ব এক্সন? মুছলমান অপৰাধীৰ দৰেই ব্যৱস্থা…

ByByMahesh Malakar Jun 26, 2026

বিজেপিয়ে লুটিছে পৱিত্ৰ ৰামমন্দিৰৰ ধন

বিজেপিয়ে লুটিছে পৱিত্ৰ ৰামমন্দিৰৰ ধন ৰাম মন্দিৰৰ চুৰিৰ আঁৰত দেশৰ নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ ‘চম্পট ৰায়ৰে মিলি বৃহৎ…

ByByMahesh Malakar Jun 22, 2026

ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! শিক্ষাবিভাগৰ কোনো ৱেবছাইটত কিয় নাই মুখ্যমন্ত্ৰীৰ গৱেষণা পত্ৰৰ তথ্য…

ByByMahesh Malakar Jun 20, 2026
Scroll to Top