১৩ বছৰীয়া কিশোৰৰ সফল কাৰ্ডিয়াক ষ্টেণ্টিং; গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য
চিকিৎসা বিজ্ঞানৰ এক উল্লেখনীয় সফলতা! গুৱাহাটীৰ ‘নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতাল’ৰ পেডিয়াট্ৰিক কাৰ্ডিঅ’লজিষ্ট ড° প্ৰতাপৰ নেতৃত্বত এটা চিকিৎসকৰ দলে এজন ১৩ বছৰীয়া কিশোৰৰ দেহত এক অত্যন্ত জটিল হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ (কাৰ্ডিয়াক ইণ্টাৰভেনচন) সফলতাৰে সম্পন্ন কৰি কিশোৰাজনক এক নতুন জীৱন দান কৰে। এই সফল চিকিৎসাক লৈ কিশোৰজনৰ পৰিয়ালৰ মাজত এতিয়া আনন্দৰ সীমা নাইকিয়া হৈছে।
জিতু ভূঞা নামৰ এই কিশোৰজন দীৰ্ঘদিন ধৰি সঠিক শাৰীৰিক বৃদ্ধি নোহোৱা আৰু বাৰে বাৰে উশাহ-নিশাহ লোৱাত কষ্ট পোৱা (ৰেচপিৰেটৰী ট্ৰেক্ট ইনফেকচন) আদি সমস্যাত ভুগি আছিল। অৱশেষত পৰিয়ালৰ লোকে কিশোৰজনক বিতং হৃদযন্ত্ৰ পৰীক্ষাৰ বাবে লৈ আহে। পৰীক্ষাৰ অন্তত পোহৰলৈ আহে যে জিতু দুখনকৈ গুৰুতৰ জন্মগত হৃদৰোগত (Congenital Heart Conditions) আক্ৰান্ত হৈ আছিল। প্ৰথমটো হৈছে— ‘ভেণ্ট্ৰিকুলাৰ চেপ্টেল ডিফেক্ট’ (VSD), যাক সাধাৰণ ভাষাত হৃদযন্ত্ৰৰ ফুটা বুলি কোৱা হয়; আৰু দ্বিতীয়টো হৈছে— ‘কোৱাৰ্কটেশ্যন অৱ দি এঅ’ৰ্টা’ (Co-A), অৰ্থাৎ শৰীৰৰ মূল ধমনীটো অস্বাভাৱিকভাৱে ঠেক হৈ পৰা এক জটিল অৱস্থা।
১৩ বছৰীয়া এজন কিশোৰৰ দেহত একেলগে এই দুয়োটা জটিল সমস্যাৰ চিকিৎসা কৰাটো যথেষ্ট প্ৰত্যাহ্বানজনক আছিল। সেইবাবে চিকিৎসকৰ দলে অতি সতৰ্কতাৰে এক বহু-পৰ্যায়ৰ (multi-stage) চিকিৎসা পৰিকল্পনা প্ৰস্তুত কৰে, য’ত ষ্টেণ্টিং আৰু চাৰ্জাৰী দুয়োটা পদ্ধতিৰে চিকিৎসা কৰাৰ সিদ্ধান্ত লোৱা হয়।
পৰিকল্পনা অনুসৰি, ড° প্ৰতাপে প্ৰথমে কিশোৰজনৰ ঠেক হৈ পৰা ধমনীটোৰ চিকিৎসা কৰে। হাস্পতালৰ অত্যাধুনিক ‘কেথ লেব’ত (Cath Lab) অতি সূক্ষ্মতাৰে এক সফল ‘Co-A ষ্টেণ্টিং’ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। চিকিৎসাধীন জিতুৱে এই কম যন্ত্ৰণাদায়ক (minimally invasive) প্ৰক্ৰিয়াটো সুন্দৰভাৱে সহ্য কৰে আৰু শৰীৰত তেজৰ চলাচল স্বাভাৱিক কৰিবলৈ ষ্টেণ্টটো সঠিক স্থানত স্থাপন কৰা হয়।
এই গুৰুত্বপূৰ্ণ ষ্টেণ্টিং প্ৰক্ৰিয়াটো সফলতাৰে সমাপ্ত হোৱাৰ পিছত, ড° প্ৰতাপে এতিয়া পৰৱৰ্তী পদক্ষেপৰ বাবে প্ৰস্তুতি চলাইছে। বৰ্তমান চিকিৎসাধীন অৱস্থাত থকা জিতুৱে কেইদিনমানৰ ভিতৰতে সম্পূৰ্ণ আৰোগ্য লাভৰ বাবে হৃদযন্ত্ৰৰ ফুটাটো বন্ধ কৰিবলৈ পৰৱৰ্তী ‘ভিএছডি চাৰ্জাৰী’ (VSD Closure) কৰাব।
পেডিয়াট্ৰিক কাৰ্ডিঅ’লজি বা শিশু হৃদৰোগ বিজ্ঞানৰ এই অভূতপূৰ্ব অগ্ৰগতিৰ বাবেই আজি কণমানি জিতুৰ ভৱিষ্যত সুৰক্ষিত আৰু উজ্জ্বল হৈ পৰিছে।

গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য
Tags:
Releated Posts
অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায়
অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায় কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বন ২ বিষয়াক এজন আৰক্ষী…
সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ
সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ ৰে’লৰ খুন্দাত থিতাতে প্রাণ হেৰুৱালে দুই বন্ধুৱে…
অৰুণাচলত ডাৱৰ বিস্ফোৰণে অসমলৈ মাতিছে ভয়ংকৰ বিপদৰ সংকেত
সাৱধান হওক উত্তৰ অসমবাসী যিকোনো মূহুৰ্তত প্ৰকৃতিয়ে ধাৰণ কৰিব পাৰে ভয়াৱহ ৰূপ উত্তৰ অসমত হাই এলাৰ্ট জাৰি অৰুণাচলত…
জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল
জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কোটি কোটি টকাৰ বিনিয়োগৰ পৰা বঞ্চিত হ’ল অসম












