• Home
  • দেশ
  • পেট্ৰ’ল আৰু ডিজেলৰ অতিৰিক্ত আবকাৰী শুল্ক ১০ টকা কৰ্তন
Image

পেট্ৰ’ল আৰু ডিজেলৰ অতিৰিক্ত আবকাৰী শুল্ক ১০ টকা কৰ্তন

 কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ অতিৰিক্ত আবকাৰী শুল্ক ১০ টকা কৰ্তন কৰিছে । কিয়নো মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ ফলত ভাৰতত ইন্ধনৰ মূল্যবৃদ্ধি হৈছে । ইন্ধনৰ মূল্য়বৃদ্ধিক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই সুখবৰটো ঘোষণা কৰে । বৃহস্পতিবাৰে সন্ধিয়া চৰকাৰে এই সন্দৰ্ভত এক গেজেট অধিসূচনা জাৰি কৰে ।

এই গেজেট অধিসূচনা অনুসৰি, পেট্ৰ’লৰ ওপৰত অতিৰিক্ত আবকাৰী শুল্ক পূৰ্বৰ প্ৰতি লিটাৰত ১৩ টকাৰ পৰা ৩ টকালৈ কৰ্তন কৰা হৈছে । আনহাতে ডিজেলৰ আবকাৰী শুল্ক পূৰ্বৰ ১০ টকাৰ পৰা ০ টকালৈ কৰ্তন কৰা হৈছে ।চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এক্সৰ এটা পোষ্টত কয় যে আন্তঃৰাষ্ট্ৰীয় মূল্য আকাশলংঘী হোৱাৰ সময়ত তেল কোম্পানীসমূহৰ বৃহৎ লোকচান (পেট্ৰ’ল প্ৰতি লিটাৰ প্ৰায় ২৪ টকা প্ৰতি লিটাৰ ডিজেল ৩০ টকা) হ্ৰাস কৰিবলৈ চৰকাৰে নিজৰ কৰ ৰাজহত যথেষ্ট প্ৰভাৱ পেলাইছে । ইয়াৰ উপৰিও পেট্ৰ’ল আৰু ডিজেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্য আকাশলংঘী হোৱাৰ বাবেই ৰপ্তানি কৰ আৰোপ কৰা হৈছে আৰু অন্য দেশলৈ ৰপ্তানি কৰা যিকোনো শোধনাগাৰে ৰপ্তানি কৰ দিব লাগিব । এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনক ধন্যবাদ জনাইছো ।

উল্লেখ্য যে, বৰ্তমান অধিক মূল্যত খাৰুৱা তেল ক্ৰয় কৰি থকা পেট্ৰ’লিয়াম কোম্পানীসমূহক সকাহ দিয়াৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে । ইৰাণ যুদ্ধৰ বাবে ব্ৰেণ্ট খাৰুৱা তেল প্ৰতি বেৰেলত ১০০ ডলাৰৰ তললৈ নামি আহিছে, শেহতীয়াকৈ প্ৰতি বেৰেলত ১১৯ ডলাৰৰ উচ্চতম স্তৰত উপনীত হৈছে ।

Releated Posts

পশ্চিমবংগত TMC পৰাজয়ৰ পিছতেই TMCৰ কাৰ্যালয়ত চলিল বুলডজাৰ

পশ্চিমবংগত TMC পৰাজয়ৰ পিছতেই TMCৰ কাৰ্যালয়ত চলিল বুলডজাৰ বিজেপি সমৰ্থকে TMCৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ TMC – BJP…

ByByMahesh Malakar May 6, 2026

অসম কংগ্ৰেছৰ পৰাজয়ৰ পাছতেই জিতেন্দ্ৰ সিঙৰ পদত্যাগ

অসম কংগ্ৰেছৰ পৰাজয়ৰ পাছতেই জিতেন্দ্ৰ সিঙৰ পদত্যাগ কংগ্ৰেছৰ ফলাফলত হতাশ হৈ পদত্যাগ কৰিলে অসম কংগ্ৰেছৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙে…

ByByMahesh Malakar May 5, 2026

ভোট গণনাৰ প্ৰাক্ক্ষণত ষ্ট্ৰং ৰুমত ভয়ংকৰ ঘটনা

ভোট গণনাৰ প্ৰাক্ক্ষণত ষ্ট্ৰং ৰুমত ভয়ংকৰ ঘটনা ষ্ট্ৰং ৰুমৰ চৌহদত অচিনাকী যুৱকে প্ৰৱেশ কৰাৰ অভিযোগ ID কাৰ্ড অবিহনে…

ByByMahesh Malakar May 3, 2026

দেশ জোকাৰি যোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

দেশ জোকাৰি যোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৯গৰাকী লোকৰ এটা ৪মহলীয়া অট্টালিকাত সংঘটিত হৈছিল…

ByByMahesh Malakar May 3, 2026
Scroll to Top