• Home
  • দুৰ্ঘটনা
  • চৌদি আৰৱত শোকাৱহ পথ দুৰ্ঘটনাত ৪২গৰাকী ভাৰতীয় হজযাত্ৰীৰ কৰুণ মৃত্যু
Image

চৌদি আৰৱত শোকাৱহ পথ দুৰ্ঘটনাত ৪২গৰাকী ভাৰতীয় হজযাত্ৰীৰ কৰুণ মৃত্যু

আজি পুৱতি নিশা চৌদি আৰৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটি লয় ৪২গৰাকী ভাৰতীয় হজযাত্ৰীয়ে ৷

মক্কাৰ পৰা মদিনালৈ উমৰাহ হজযাত্রী লৈ যোৱা বাছ আৰু বিপৰীত ফালৰ পৰা অহা পেট্ৰল কঢ়িয়াই অনা অইল টেংকাৰৰ মুখামুখি সংঘর্ষত অগ্নিকাণ্ড সংঘটিত হৈ কৰুণ মৃত্যুক সাবটি লয় ২০ গৰাকী মহিলা আৰু ১১ গৰাকী শিশুসহ ৪২ জন ভাৰতীয় হজযাত্ৰীয়ে ৷ আনহাতে ভয়ংকৰ দুৰ্ঘটনাত আহত বহু কেই গৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰা হয় চিকিৎসালয়ত । আনহাতে ঘটনাৰে পিছতে হায়দৰাবাদৰ ইমিগ্ৰেচন বিষয়াসকলে নিশ্চিত কৰিছে যে আটাইকেইজন ৪২ জন ভুক্তভোগী হাইদৰাবাদৰ।

বদৰ আৰু মদীনাৰ মাজৰ মুফ্ৰাহাথত সোমবাৰে পুৱতি নিশা প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। মথৰুভূমি নিউজে প্ৰকাশ কৰা অনুসৰি সেই সময়ত অধিকাংশ যাত্ৰী শুই আছিল, যাৰ ফলত এই শোকাৱহ পৰিস্থিতিৰ প্ৰভাৱ আৰু বেছি বেয়া হৈ পৰে।

Releated Posts

দিল্লীত পুনৰ মণিপুৰৰ যুৱতীক আক্ৰমণ

মালব্য নগৰৰ ঘটনাৰ পিছত এইবাৰ ছাকেট অঞ্চলত মণিপুৰৰ যুৱতীক আক্ৰমণ ।কিছুদিন পূৰ্বে নতুন দিল্লীৰ মালব্য নগৰত বৰ্ণ বৈষম্যৰ…

ByByMahesh Malakar Mar 9, 2026

টি-২০ বিশ্বকাপ ২০২৬: কাইলৈ মেগা ফাইনেলত মুখামুখি হ’ব ভাৰত-নিউজিলেণ্ড; ইতিহাস গঢ়াৰ দিশে টিম ইণ্ডিয়া

ক্ৰীড়াপ্ৰেমীৰ বাবে প্রতীক্ষাৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী। কাইলৈ অৰ্থাৎ ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত…

ByByMahesh Malakar Mar 7, 2026

কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ ৰদ-বদল,

বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল আৰু উপ ৰাজ্যপালৰ সাল-সলনি কৰে ।…

ByByMahesh Malakar Mar 6, 2026

১৬ বছৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ল সামাজিক মাধ্যম

১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে এতিয়াৰে পৰা সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব । সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰ আৰু অপব্যৱহাৰৰ…

ByByMahesh Malakar Mar 6, 2026
Scroll to Top