১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে এতিয়াৰে পৰা সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব । সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰ আৰু অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত লৈছে । এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে কৰ্ণাটক চৰকাৰে । কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই শুকুৰবাৰে এই কথা ঘোষণা কৰি কয় যে ৰাজ্য চৰকাৰে ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰিব । কৰ্ণাটক বিধানসভাত বাজেট দাখিল কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই লগতে কয়, “এয়া এক গুৰুতৰ বিষয় । ফিনলেণ্ডে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । যুক্তৰাজ্যইও একেধৰণৰ পদক্ষেপৰ কথা চিন্তা কৰিছে । অষ্ট্ৰেলিয়াই ইতিমধ্যে কিছুমান বিশেষ বয়সৰ ল’ৰা-ছোৱালীৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ।”

১৬ বছৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ল সামাজিক মাধ্যম
Releated Posts
বিজয় থালাপাতিৰ ঘনিষ্ঠ বন্ধুৱে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম
বিজয় থালাপাতিৰ ঘনিষ্ঠ বন্ধুৱে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম তামিল অভিনেতা তথা বিজয়ৰ চিনেমাৰ সহ অভিনেতা জয়কান্ত ওৰফে জয়ে…
অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ
অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ হাজাৰ কষ্টৰেও সপোন জয় কৰিব নোৱাৰিলে বৈভৱে এটাৰ পিছত আন এটা ৰেকৰ্ড…
১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয়
১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয় মাত্ৰ ১৫ হাজাৰ টকা দিলেই এৰাতিৰ ভিতৰত বাংলাদেশী হৈ পৰে ভাৰতীয়…
১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয়
১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয় মাত্ৰ ১৫ হাজাৰ টকা দিলেই এৰাতিৰ ভিতৰত বাংলাদেশী হৈ পৰে ভাৰতীয়…












