• Home
  • দেশ
  • কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ ৰদ-বদল,
Image

কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ ৰদ-বদল,

বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল আৰু উপ ৰাজ্যপালৰ সাল-সলনি কৰে । চৰকাৰী অধিসূচনাযোগে ৰাষ্ট্ৰপতিয়ে নতুন নিযুক্তি আৰু বদলিৰ কথা ঘোষণা কৰে ।চৰকাৰী অধিসূচনা মতে, তৰণজিৎ সিং সন্ধুক দিল্লীৰ নতুন উপ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয় ।তামিলনাডুৰ ৰাজ্যপাল আৰ.এন. ৰবিক পশ্চিমবংগৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । তেওঁক চি.ভি. আনন্দ বসুৰ স্থানত নিয়োগ কৰা হয় ৷ বসুৰ পদত্যাগৰ পাছতে আৰ.এন. ৰবিক পশ্চিমবংগৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয় ৷কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক তামিলনাডুৰ অতিৰিক্ত দায়িত্বভাৰ অৰ্পন কৰা হয় ৷বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিহাৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ নন্দ কিশোৰ যাদৱক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । বৰ্তমান মণিপুৰৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাই নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰি আছে ।

  • লাডাখৰ উপ-ৰাজ্যপাল কবিন্দৰ গুপ্তাক হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ।বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে পদত্যাগ কৰে । বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত ৰাজ্যপালগৰাকীয়ে পদত্যাগৰ কথা ঘোষণা কৰে ।

Releated Posts

২০২৬ বৰ্ষৰ NEET পৰীক্ষা বাতিল

২০২৬ বৰ্ষৰ NEET পৰীক্ষা বাতিল ৩ মে’ত অনুষ্ঠিত হৈছিল পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল পৰীক্ষা পৰীক্ষা অনুষ্ঠিত হোৱা…

ByByMahesh Malakar May 12, 2026

ক্ষমতা হেৰুৱাই পুনৰ বিজেপিৰ বিৰূদ্ধে যুঁজৰ হুংকাৰ মমতা বেনাৰ্জীৰ

ক্ষমতা হেৰুৱাই পুনৰ বিজেপিৰ বিৰূদ্ধে যুঁজৰ হুংকাৰ মমতা বেনাৰ্জীৰ বিজেপিক ৰুধিবলৈ আমি একত্ৰিত হ’ব লাগিব সকলো বিৰোধী মিলি…

ByByMahesh Malakar May 11, 2026

পশ্চিমবংগত TMC পৰাজয়ৰ পিছতেই TMCৰ কাৰ্যালয়ত চলিল বুলডজাৰ

পশ্চিমবংগত TMC পৰাজয়ৰ পিছতেই TMCৰ কাৰ্যালয়ত চলিল বুলডজাৰ বিজেপি সমৰ্থকে TMCৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ TMC – BJP…

ByByMahesh Malakar May 6, 2026

অসম কংগ্ৰেছৰ পৰাজয়ৰ পাছতেই জিতেন্দ্ৰ সিঙৰ পদত্যাগ

অসম কংগ্ৰেছৰ পৰাজয়ৰ পাছতেই জিতেন্দ্ৰ সিঙৰ পদত্যাগ কংগ্ৰেছৰ ফলাফলত হতাশ হৈ পদত্যাগ কৰিলে অসম কংগ্ৰেছৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙে…

ByByMahesh Malakar May 5, 2026
Scroll to Top