• Home
  • অসম
  • জুবিনৰ গাৰ্গৰ চৰিত্ৰহননত নামি পৰা একাংশৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে জুবিনৰ ভগ্নী পামী বৰঠাকুৰে
Image

জুবিনৰ গাৰ্গৰ চৰিত্ৰহননত নামি পৰা একাংশৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে জুবিনৰ ভগ্নী পামী বৰঠাকুৰে

“জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছেগৈ”

জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা সহজ নহয়,
জুবিনৰ গাৰ্গৰ চৰিত্ৰহননত নামি পৰা একাংশৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে জুবিনৰ ভগ্নী পামী বৰঠাকুৰে

সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ভগ্নীয়ে লিখিছে,

সংযমী হৈ আছো, দুৰ্বল নহয়!

কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ থলো….

১) এই কথাখিনি লিখিবলৈ বাধ্য হৈছো কাৰণ জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছেগৈ। যাৰ ফলত গৰিমা গাৰ্গ বাৰে বাৰে অসুস্থ হৈছে। কি আসুৰিক ফূৰ্তিৰ কাৰণে এইয়া মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে মই বুজাত অপাৰগ।
২) আমাৰ যুঁজ হৈছে ন্যায়ৰ যুঁজ, জুবিন গাৰ্গৰ বাবে ন্যায়ৰ যুঁজ, পৰচৰ্চা আৰু নিন্দাই ন্যায় নিদিয়ে। জুবিন গাৰ্গৰ বিকল্প নাই, তাক বিচাৰিও লাভ নাই, কিন্তু জুবিন গাৰ্গে যি সাহস আৰু মানৱীয়তাৰ বীজ প্ৰতিজন অসমীয়াৰ প্ৰাণত প্ৰতিষ্ঠা কৰি গ’ল সেই অলপ অলপ জুবিন গাৰ্গ নিজৰ মাজত জগাই তোলক, তেতিয়াহে অসম আৰু অসমীয়া বাচিব। জুবিন গাৰ্গে ন্যায় পাব।
৩) গৰিমা গাৰ্গ এ Chargesheet খন লৈ সন্তুষ্ট হ’ল বুলি কেতিয়া ক’লে? তেওঁ কৈছিল যে মূল অভিযুক্ত কেইজনক দিয়া Section আৰু sub-section কেইটা আমি ভাল পাইছো। Chargsheet আমি এতিয়ালৈকে পঢ়িবলৈ এ পোৱা নাই, যেতিয়া signature/seal মৰা copy পাম তেতিয়াহে পঢ়িম। সন্তুষ্টি – অসন্তুষ্টি ৰ কথা নাই ইয়াত। SIT, Honourable CM আৰু মহামান্য কৰ্ট ৰ ওপৰত আমাৰ আস্থা আছে আৰু এই আস্থাৰ মান ৰাখিব বুলিএ মানিছো। নিজৰ স্থিতিত অটল আছো।
৪) গৰিমা গাৰ্গ ছিংগাপুৰলৈ FIR দিবলৈ এই কাৰণেই যোৱা নাই যে জুবিন গাৰ্গৰ case টো আমাৰ পৰিয়ালৰ আৰু অসমবাসীৰ হৈ চৰকাৰে investigation কৰাইছে, অসমত আৰু ছিংগাপুৰটো। আকৌ বেলেগকৈ ছিংগাপুৰত গৰিমা গাৰ্গে investigation কৰাই দ্বিমত generate কৰাই কিবা লাভ হব নিকি? ছিংগাপুৰ পুলিচৰ investigation report দুৰ্ঘটনাৰ সময়ত আৰু এতিয়াও দুইবাৰ একেই দিছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী ৰ তদন্তৰ পিছত যদি একেই থাকে তেতিয়া justice for Zubeen Garg হ’ব নে justice denied হ’ব? Guarantee কোনে দিব?
৫) য়তত থকা ছিংগাপুৰ ৰ অসমীয়া কেইজন কোন ‘breed’ ৰ মই বুজি নেপালো, SIT আৰু স্বয়ং CM এ বাৰম্বাৰ মতাৰ পিছতো গোটেইকেইজন অসমলৈ নাহিল সহযোগ কৰিবলৈ। যি দুজনমান আহিল তাৰে অভিমন্যু তালুকদাৰ বোলা জনে অকল হাঁহিয়ে থাকিল মেডিয়াৰ আগত! জুবিন গাৰ্গৰ মৃত্যু কি তেঁওৰ কাৰনে হাস্যজনক? ইমান স্পৰ্ধা! য়তত থকা গোটেইকেইজন আদালতৰ কাঠগৰাত আহি আমাক সত্য কওক।
৬) The Court will decide who is guilty and who is not based on facts and evidences, অভিযুক্ত সকলক ‘ নিৰ্দোষী’ বুলি আগতেই অপপ্ৰচাৰ নচলাব।

জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা সহজ নহয়, যি কুৰা জুই যোৱা তিনিমাহে জ্বলিছে তাৰ উত্তাপ আৰু বিষাদ তিলমানো কমা নাই, বৰঞ্চ বাঢ়িছেহে! আপোনালোকে নুবুজিব। কাৰণ আপোনালোকৰ জীৱন এতিয়া normalised হৈ গৈছে, ফূৰ্তি কৰিছে, reel বনাইছে, বদনাম গাইছে… কিন্তু আমাৰ জীৱন স্থবিৰ হৈ গ’ল এটা তাৰিখত!
জুবিন গাৰ্গ অসমৰ কাৰনে আশীৰ্বাদ স্বৰূপে আহিছিল, আমি ভাগ্যবান! তেওঁক উদযাপন কৰক সৃষ্টিৰ জৰিয়তে, মানৱীয়তাৰ জৰিয়তে…. কিন্তু ৰাজনীতি কৰি নহয়।
Justice for Zubeen Garg প্ৰকৃত অনুৰাগী সকলেহে লিখিব, মুখা পিন্ধাবোৰে নহয়।

JusticeForZubeenGarg

Releated Posts

জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ আজৱ কাণ্ড গুৱাহাটীত

জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ আজৱ কাণ্ড গুৱাহাটীত পকী ৰাস্তাত শাৰী শাৰীকৈ ড্ৰিল মেচিনেৰে ড্ৰিলিং কৰি মহানগৰীৰ ৰাজপথত ৰুইছে গছৰ…

ByByMahesh Malakar Jun 20, 2026

ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! শিক্ষাবিভাগৰ কোনো ৱেবছাইটত কিয় নাই মুখ্যমন্ত্ৰীৰ গৱেষণা পত্ৰৰ তথ্য…

ByByMahesh Malakar Jun 20, 2026

অম্বুবাচী মেলালৈ মাজত মাত্ৰ এটা দিন

অম্বুবাচী মেলালৈ মাজত মাত্ৰ এটা দিন উখল মাখল নীলাচলৰ বুকু হাজাৰ হাজৰ ভক্তৰ সমাগম হৈছে কামাখ্যা ধামত

ByByMahesh Malakar Jun 20, 2026

আজিৰে পৰা UNIFORM নিপিন্ধাকেও বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থী

আজিৰে পৰা UNIFORM নিপিন্ধাকেও বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থী UNIFORMৰ নাম কোনো শিক্ষাৰ্থীকে কৰিব নোৱাৰিব হাৰাশাস্তি ব্য়ক্তিগত বিদ্যালয়েও মানিব…

ByByMahesh Malakar Jun 19, 2026
Scroll to Top