• Home
  • অসম
  • ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত শিক্ষাৰ্থীলৈ চাইকেল বিতৰণ
Image

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত শিক্ষাৰ্থীলৈ চাইকেল বিতৰণ

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত শিক্ষাৰ্থীলৈ চাইকেল বিতৰণ

ডিব্ৰুগড়ৰ পুৰণি হাইস্কুল খেলপথাৰত এখন বিশেষ সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচী শুভাৰম্ভ কৰে। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩,১০,০৩১ গৰাকী শিক্ষাৰ্থী উপকৃত হ’ব। ডিব্ৰুগড় জিলাৰ সকলো নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক আজি মুখ্যমন্ত্ৰীয়ে এই আঁচনি জৰিয়তে প্ৰদান কৰে চাইকেল।

উক্ত অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগু, ৰাজহ মন্ত্ৰী যোগেন মহন, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনকে ধৰি কেইবাগৰাকী বিধায়ক উপস্থিত থাকে। মুখ্য অতিথি হিচাপে গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- ‘ৰাজ্যত বিদ্যালয় বৰ্হিভূত ছাত্ৰ ছাত্ৰীৰ হাৰ দশম আৰু দ্বাদশ শ্ৰেণীলৈকে বেছি।

ৰাজ্যৰ প্ৰথম শ্ৰেণীত নামভৰ্তি কৰা ৪০ শতাংশ ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ পৰা আঁতৰি যায়। আৰ্থিক দুৰৱস্থাত ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় এৰিবলৈ বাধ্য হয়। যাৰ ফলত সমাজৰ ক্ষতি হয়, অভিভাৱকৰ ক্ষতি হয়, অসমৰ ক্ষতি হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিনামূলীয়া শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছো। বিনামূলীয়া কিতাপ, ইউনিফৰ্ম, মধ্যাহ্ন ভোজন, চাইকেল, জলপানী আদি দিয়াৰ ব্যৱস্থা কৰিছো।

তেওঁ লগতে কয় “মেট্ৰিক পৰীক্ষাৰ বাবে বিনামূলীয়া ফ্ৰম ফিলাপ, কলেজত বিনামূলীয়া নামভৰ্তি, ছাত্ৰীক মাহে এহেজাৰ টকা, মেধাৱী ছাত্ৰীলৈ স্কুটি আদি দিয়াৰ ব্যৱস্থা কৰা হৈছে। কেইদিনমানৰ পাছত ছাত্ৰসকলৰ বাবে বাবু আঁচনি ৰূপায়ণ কৰা হব। বিদ্যালয়ৰ আন্ত:গাঠনি উন্নীতকৰণ কৰা হৈছে। নতুন বিদ্যালয়, কলেজ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে।’

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণত ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কয় –

”তোমালোকৰ যেনেকৈ শিক্ষক শিক্ষয়িত্ৰীসকলে কিবা কথা ক’লে ভয় লাগে, তেনেকৈ প্ৰধানমন্ত্ৰীয়ে ফোন কৰিলে আমাৰো ভয় লাগে।”

Releated Posts

ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন

জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন…

ByByMahesh Malakar Apr 10, 2026

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে…

ByByMahesh Malakar Apr 10, 2026

পুত্ৰ গৌৰৱৰ সৈতে ভোট দিবলৈ আহি কি ক’লে ডলী গগৈয়ে

যোৰহাটত পুত্ৰ গৌৰৱ গগৈৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মাতৃ ডলী গগৈয়ে। বিধানসভা নিৰ্বাচনত পুত্ৰ অৱৰ্তীণ হোৱাৰ পাছত ভোট…

ByByMahesh Malakar Apr 9, 2026

ভোটগ্ৰহণৰ পূৰ্বে ওদালগুৰিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। প্ৰাৰ্থিত্ব এৰাই নহয়,…

ByByMahesh Malakar Apr 8, 2026
Scroll to Top