সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ
ৰে’লৰ খুন্দাত থিতাতে প্রাণ হেৰুৱালে দুই বন্ধুৱে
নিহত দুই বন্ধু হ’ল বৰপেটাৰোডৰ আজাদ নগৰৰ জাহাংগীৰ আলম আৰু মোস্তাফা খান
জাহাংগীৰ আলম বি এইচ কলেজ আৰু মোস্তাফা খান দ্রোণাচার্য একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ বুলি জানিব পৰা গৈছে
দুই বন্ধুৰ সপোন আছিল ভাৰতীয় সেনা বাহিনীত ভৰ্তি হোৱাৰ
তাৰ বাবে দুয়ো দৈনিক পুৱা আৰু গধুলি দৌৰা আৰু শাৰিৰীক অনুশীলন কৰি আহিছিল
মঙলবাৰে সন্ধিয়াও শাৰিৰীক অনুশীলনৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল দুই বন্ধু
তাৰ পিছতেই আহিল হৃদয় বিদাৰক খবৰটো













