• Home
  • অসম
  • কৰ্মচাৰীৰ কৰ্মবিৰতি তথা ধৰ্ণা কাৰ্যসূচীৰ আজি দ্বিতীয় দিন
Image

কৰ্মচাৰীৰ কৰ্মবিৰতি তথা ধৰ্ণা কাৰ্যসূচীৰ আজি দ্বিতীয় দিন

কৰ্মচাৰীৰ কৰ্মবিৰতি তথা ধৰ্ণা কাৰ্যসূচীৰ আজি দ্বিতীয় দিন ।

আজিৰ দিনটোতো সমকাম সমদৰমহাৰ দাবীত অটল বাক্সা জিলা NHM কৰ্মচাৰীসকল।

NHM কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ ফলত অচল হৈ পৰিছে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ সেৱা ব্যৱস্থা।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সতে সম মৰ্যদা বিচাৰি ৩ নৱেম্বৰ তাৰিখৰ পৰা ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিল NHM কৰ্মচাৰীসকলে।

বাক্সা জিলাৰ জিলা কেন্দ্ৰত ধৰ্না কাৰ্যসূচীত আজিৰ দিনটোতো অংশগ্ৰহণ কৰে NHM ৰ শতাধিক কৰ্মচাৰীয়ে।

আমাৰ দাবী ন্যায্য দাবী,আমাৰ দাবী মানি লওক, we need justice,NHM জিন্দাবাদ, পে স্কেল প্ৰদান কৰক,সমকামৰ সমদৰমহা প্ৰদান কৰক আদি দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।

সমকামৰ সমদৰমহাৰ দাবীৰ তিনিদিনীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছে NHM কৰ্মচাৰীসকলে।

তেওঁলোকৰ দীৰ্ঘদিনীয়া সমকামৰ সম দৰমহাৰ দাবীৰ প্ৰতি চৰকাৰে কেনো গুৰুত্ব প্ৰদান নকৰাত প্ৰতিবাদত নামিছে কৰ্মচাৰীসকলে।

কৰ্মচাৰীসকলৰ সৈতে আলোচনা কৰি তেওঁলোকক পুনৰ কৰ্মক্ষেত্ৰলৈ উভতাই অনাৰ বাবে চৰকাৰলৈ আহ্বান জনাই বাকসা জিলা স্বাস্থ্যবিভাগৰ যুটীয়া সঞ্চালকগৰাকীয়ে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈও আঙুলি টোৱাইছে কৰ্মচাৰী সকলে।

Releated Posts

নলবাৰী জিলাত ১৭ নৱেম্বৰত ৰাস মহোৎসৱ উপলক্ষে স্থানীয় বন্ধ ঘোষণা জিলা আয়ুক্তৰ

উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধর্মীয় অনুষ্ঠান নলবাৰীৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱত বৃহস্পতিবাৰে এক উথপথপ্ পৰিৱেশৰ সৃষ্টি হয়। জিলাখনত বিভিন্ন অঞ্চলৰ…

ByByMahesh MalakarNov 14, 2025

শিলসাঁকোৰ উচ্ছেদিতৰ দ্বাৰা দিছপুৰ থানা ঘেৰাও

শিলসাঁকোৰ উচ্ছেদিত ভূমিত একাংশ উচ্ছেদিত লোকে নতুনকৈ ঘৰ সজাৰ চেষ্টা কৰিছিল বুধবাৰে ৷ সেই খবৰ লাভ কৰাৰ পিছতে…

ByByMahesh MalakarNov 13, 2025

মেঘালয়ৰ ডাউকীৰ হাবিৰ মাজত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বশিষ্ঠৰ তপন দে’ৰ নিথৰ দেহ

চুবুৰীয়া মেঘালয়ৰ ডাউকীৰ অৰণ্যৰ মাজত উদ্ধাৰ গুৱাহাটীৰ যুৱকৰ নিথৰ দেহ ৷ ডাউকীৰ অৰণ্যৰ মাজত এজোপা গছত উলোমাই থোৱা…

ByByMahesh MalakarNov 13, 2025

জুবিন গাৰ্গক জীয়াই ৰাখিব অসমীয়াই, সন্দেহযুক্ত লোকে নহয়ঃ মুখ্যমন্ত্ৰী

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা ৰাজ্যবাসী শোক সাগৰত ডুব গৈ আছে৷ এতিয়াও যেন ৰাজ্যখনৰ পৰিবেশ…

ByByMahesh MalakarNov 13, 2025
Scroll to Top