• Home
  • অসম
  • জাগীৰোডত তিনিশ কণমানিয়ে একেলগে গালে ‘মানুহে মানুহৰ বাবে’ গীত
Image

জাগীৰোডত তিনিশ কণমানিয়ে একেলগে গালে ‘মানুহে মানুহৰ বাবে’ গীত

জাগীৰোডত তিনিশ কণমানিয়ে একেলগে গালে ‘মানুহে মানুহৰ বাবে’ গীত

জাগীৰোড আমলিঘাটৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বাকৰিত তিনিশ কণমানিয়ে একেলগে পৰিৱেশন কৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’।

বৃত্তিগত গো-সেৱাৰ শতবৰ্ষৰ দুৱাৰডলিত উপনীত হোৱা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ব্যতিক্ৰমী পদক্ষেপ৷ সীতাজখলাৰ আহ্বানমৰ্মে প্ৰায় তিনিশ কণমানিয়ে একেলগে পৰিৱেশন কৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’। ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এই বৰ্ণাঢ্য আয়োজন সীতাজখলাৰ৷

সীতাজখলা, বনগাঁও আৰু উদমাৰি মইনা পাৰিজাতৰ লগতে ‘বিদ্যালয়লৈ যাঁও ব’লা’ ড্ৰপ আউট অভিযানৰ মইনা চেমনীয়াসকলে উদ্যোগ লয় উক্ত অনুষ্ঠানৰ৷

জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বাকৰিত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷

ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সুধাকণ্ঠ গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আগন্তুক দিনতো কেইবাটাও ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ৷

Releated Posts

বহু জল্পনা কল্পনাৰ অন্তত বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ

বহু জল্পনা কল্পনাৰ অন্তত বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ পূৰ্বে ৪গৰাকী মন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিতৰণ…

ByByMahesh Malakar Jun 8, 2026

১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী

১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী সেই উপলক্ষে ২ জুলাইত অসমলৈ আহিব…

ByByMahesh Malakar Jun 7, 2026

চামুচেৰে আঁচনি দিছে আনফালে বেলচাই সাধাৰণ জনতাৰ পৰা কাঢ়ি নিছে চৰকাৰে

চামুচেৰে আঁচনি দিছে আনফালে বেলচাই সাধাৰণ জনতাৰ পৰা কাঢ়ি নিছে চৰকাৰে জনসাধাৰণৰ মূৰত পুনৰ ৰামটাঙোন আজিৰ পৰা পুনৰ…

ByByMahesh Malakar Jun 7, 2026

বিদ্যালয়ত নিষিদ্ধ মাংস ভক্ষণ ৫ ছাত্ৰৰ

বিদ্যালয়ত নিষিদ্ধ মাংস ভক্ষণ ৫ ছাত্ৰৰ দুই হিন্দু ছাত্ৰকো গো মাংস ভক্ষণ কৰিবলৈ হেঁচা ঘটনাৰ গাপ দিয়াৰ চেষ্টা…

ByByMahesh Malakar Jun 6, 2026
Scroll to Top