• Home
  • অসম
  • তিনিচুকীয়া জিলাৰ পেঙেৰীত চাঞ্চল্যকৰ ঘটনা, বিশাল নেৱাৰ নামৰ এজন ব্যৱসায়ী সন্ধানহীন

তিনিচুকীয়া জিলাৰ পেঙেৰীত চাঞ্চল্যকৰ ঘটনা, বিশাল নেৱাৰ নামৰ এজন ব্যৱসায়ী সন্ধানহীন

তিনিচুকীয়া জিলাৰ পেঙেৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সন্ধানহীন হৈছে বিশাল নেৱাৰ নামৰ এজন ব্যৱসায়ী। বিশালৰ মটৰ চাইকেল আৰু চেণ্ডেল উদ্ধাৰ হৈছে দিহিং নদীৰ ৰাই ঘাটত।

পেঙেৰী থানাৰ অন্তৰ্গত ব্ৰহ্মাজান অম্বিকাপুৰ নিবাসী বিশিষ্ট ব্যৱসায়ী ৪৭ বছৰীয়া বিবাহিত বিশাল নেৱাৰ। এক অজ্ঞাত কাৰণত নিজ ঘৰৰ পৰা যোৱা নিশা প্ৰায় ২ মান বজাত নিজৰ মটৰ চাইকেলখন লৈ ওলাই যোৱাৰ পৰাই সন্ধানহীন হয় বিশাল নেৱাৰ।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ মতে, বিশাল নেৱাৰে ব্যৱহাৰ কৰা মটৰ চাইকেলখন আৰু তেওঁ পিন্ধি যোৱা চেণ্ডেলযোৰ মুগংপথাৰ এলেকাধীন দিহিং নদীৰ ৰাই ঘাটত উদ্ধাৰ হৈছে। সন্দেহ কৰি স্থানীয় লোকে দিহিং নদীত টুলুঙা নাৱৰে বিচাৰি থকা বুলি খবৰ পোৱা গৈছে।

পত্নী আৰু দুটা পুত্ৰ সন্তান এৰি সন্ধানহীন হোৱা বিশাল নেৱাৰৰ কোনো সদাশয় লোকে সম্ভেদ পালে 9859975594 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গই আহ্বান জনাইছে।

Releated Posts

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং…

ByByMahesh Malakar Jun 12, 2026

বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ

বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ আজিৰ দিনটোতেই…

ByByMahesh Malakar Jun 12, 2026

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদে*হ

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ এটা…

ByByMahesh Malakar Jun 11, 2026
Scroll to Top