• Home
  • অসম
  • তিনিচুকীয়া জিলাৰ পেঙেৰীত চাঞ্চল্যকৰ ঘটনা, বিশাল নেৱাৰ নামৰ এজন ব্যৱসায়ী সন্ধানহীন

তিনিচুকীয়া জিলাৰ পেঙেৰীত চাঞ্চল্যকৰ ঘটনা, বিশাল নেৱাৰ নামৰ এজন ব্যৱসায়ী সন্ধানহীন

তিনিচুকীয়া জিলাৰ পেঙেৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সন্ধানহীন হৈছে বিশাল নেৱাৰ নামৰ এজন ব্যৱসায়ী। বিশালৰ মটৰ চাইকেল আৰু চেণ্ডেল উদ্ধাৰ হৈছে দিহিং নদীৰ ৰাই ঘাটত।

পেঙেৰী থানাৰ অন্তৰ্গত ব্ৰহ্মাজান অম্বিকাপুৰ নিবাসী বিশিষ্ট ব্যৱসায়ী ৪৭ বছৰীয়া বিবাহিত বিশাল নেৱাৰ। এক অজ্ঞাত কাৰণত নিজ ঘৰৰ পৰা যোৱা নিশা প্ৰায় ২ মান বজাত নিজৰ মটৰ চাইকেলখন লৈ ওলাই যোৱাৰ পৰাই সন্ধানহীন হয় বিশাল নেৱাৰ।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ মতে, বিশাল নেৱাৰে ব্যৱহাৰ কৰা মটৰ চাইকেলখন আৰু তেওঁ পিন্ধি যোৱা চেণ্ডেলযোৰ মুগংপথাৰ এলেকাধীন দিহিং নদীৰ ৰাই ঘাটত উদ্ধাৰ হৈছে। সন্দেহ কৰি স্থানীয় লোকে দিহিং নদীত টুলুঙা নাৱৰে বিচাৰি থকা বুলি খবৰ পোৱা গৈছে।

পত্নী আৰু দুটা পুত্ৰ সন্তান এৰি সন্ধানহীন হোৱা বিশাল নেৱাৰৰ কোনো সদাশয় লোকে সম্ভেদ পালে 9859975594 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গই আহ্বান জনাইছে।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top