• Home
  • অসম
  • বৃন্দাবনী বস্ত্ৰ আনিব আজি ব্রিটিছ মিউজিয়ামৰে চুক্তি
Image

বৃন্দাবনী বস্ত্ৰ আনিব আজি ব্রিটিছ মিউজিয়ামৰে চুক্তি

অসমলৈ প্ৰদৰ্শনৰ বাবে বৃন্দাৱনী বস্ত্ৰ আনিবলৈ কাইলৈ অসম চৰকাৰ আৰু ব্রিটিছ সংগ্রহালয়ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব। ইয়াৰ বাবে লণ্ডনত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই তথ্য সদৰী কৰে। মুখ্যমন্ত্রীয়ে কয়, ‘আমি এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিম, যাৰ জৰিয়তে ল’নিং এৰেঞ্জমেণ্টৰ বিশেষ মাধ্যমৰে এই ঐশ্বর্যপূর্ণ সম্পদবিধ অসম ভূমিলৈ ওভতাই আনিব পৰা যাব।

মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উদ্যোগত গুৰুজনাৰ অন্যতম প্রিয় শিষ্য মথুৰাদাস বুঢ়া আতাৰ তত্ত্বাৱধানত ১৬শ শতিকাত বৃহদাকাৰৰ এই বস্ত্ৰখন বৰপেটাৰ তাঁতশিল্পীয়ে বৈ উলিয়াইছিল। সমগ্র কৃষ্ণলীলা অংকিত কৰা বস্ত্ৰখন পৰৱৰ্তী সময়ত খণ্ড-বিখণ্ড হয় আৰু সেইবোৰৰ অংশসমূহ বিশ্বৰ আগশাৰীৰ কে’বাটাও সংগ্রহালয়ত সংগৃহীত হৈ আছে। অসমীয়াৰ অতি আদৰ আৰু ভক্তিভৰা এই বস্ত্ৰখন ব্রিটিছ মিউজিয়ামত সংৰক্ষিত থকা অংশটো অসমলৈ প্ৰদৰ্শনৰ বাবে অনাৰ উদ্যোগ ৰাজ্য চৰকাৰে গ্ৰহণ কৰে। ব্ৰিটিছ মিউজিয়ামৰ চৰ্তত সম্মতি জনাই অসম চৰকাৰে বস্ত্ৰৰ অংশটো ৰাজ্যখনলৈ অনাৰ চেষ্টা চলায় আৰু তাৰ বাবে কাইলৈ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা হ’ব।

Releated Posts

ভোটগ্ৰহণৰ পূৰ্বে ওদালগুৰিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। প্ৰাৰ্থিত্ব এৰাই নহয়,…

ByByMahesh Malakar Apr 8, 2026

আজি অন্ত পৰিব অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন বাকী। আজি বিয়লি ৫ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযানৰ…

ByByMahesh Malakar Apr 7, 2026
Scroll to Top