• Home
  • অসম
  • বিশ্বনাথৰ ঘিলাধাৰী নদীত সন্ধানহীন ১১ বছৰীয়া শিশুক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত

বিশ্বনাথৰ ঘিলাধাৰী নদীত সন্ধানহীন ১১ বছৰীয়া শিশুক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত

বিশ্বনাথৰ ঘিলাধাৰী নদীত সন্ধানহীন ১১ বছৰীয়া শিশুক বিচাৰি SDRF আৰু NDRF দলৰ উদ্ধাৰ অভিযান অব্যাহত আছে।

বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তৰ্গত ঘিলাধাৰী নদীত বৃহস্পতিবাৰৰ বিয়লি ভাগৰে পৰা সন্ধানহীন হৈ আছে এটি ১১ বছৰীয়া শিশু।

বিয়লিৰ ভাগত দলংগুৰিৰ ঘিলাধাৰী নদীত গা ধুবলৈ বুলি পানীত নামিছিল শিভম পানিকা নামৰ শিশুটি। ইয়াৰ পিছতে কাৰ্যতঃ সন্ধানহীন হয় শিশুটি।

ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখি SDRF আৰু NDRF দলক উদ্ধাৰ অভিযানৰ বাবে ব্যৱস্থা কৰিছে।

অৱশ্যে, ২ নং ঘিলাধাৰীৰ অজয় পানিকাৰ পুত্ৰ শিভম পানিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও পুনৰ আজি পুৱা ভাগৰে পৰা SDRF আৰু NDRF দলটো নদীত নামি তীব্ৰতাৰে উদ্ধাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top