পূজাৰ গেট ভাঙি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে । ক’ত সংঘটিত হৈছে এই ঘটনা ?

বাইহাটা চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন ।বেজেৰা সাৰ্বজনীন দূৰ্গা পূজাৰ যি ৰাষ্ট্ৰীয় ঘাইপথৰ লাইটৰ গেট দিয়া হৈছিলসেই গেট ভাঙি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে ।প্ৰতিকূল বতৰৰ বাবে হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ।নিশা হৈ যোৱা মুষলধাৰ বৰষুণৰ ফলত এই ঘটনা সংঘটিত হয় ।গেট বাগৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটি সম্পূৰ্ণৰূপে বন্ধ হৈপৰাৰ ফলত বহু সময় … Read more

অৰুণাচলৰ কাচিংছাত ভয়ংকৰ ঘটনা । দেৱাল খহি মৃত্যু ৪জনকৈ লোকৰ ।

গুৰুতৰভাৱে আহত আন ৬জনকৈ লোক ।ইয়াৰে ৩জনৰ অৱস্থা সংকটজনক ।নিহত তিনিজনৰ লগতে আহতকেইজনৰ ঘৰ অসমত ।নিশা শুই থকা অৱস্থাত সীমাৰ দেৱাল খহি পৰে ঘৰৰ ওপৰত ।আহতকেইজনক নিশাই নাহৰলগুনস্থিত RKমিছন হাস্পতালত ভৰ্তি ।নিহতকেইজন উৰ্মিলা বিশ্বাস, বিকাশ বিশ্বাস, মুকিবৰ ৰহমান আৰু পল ।

পাৱৈ চাহ বাগিচাত এগৰাকী কিশোৰীৰ নৃশংস হত্যাকাণ্ডকলৈ তীব্ৰ চাঞ্চল্য । হত্যাকাৰীক জেললৈ প্ৰেৰণ।

এমেলগেমটেড চাহ কোম্পানীৰ পাৱৈ চাহ বাগিচাত এগৰাকী ১১ বছৰীয়া কিশোৰীক নিজৰ দদায়েকে মঙ্গলবাৰে সন্ধিয়া নিজ ঘৰতে কোনো কাৰণ নোহোৱাকৈ পাছফালৰ পৰা এখন কুঠাৰে ঘপিয়াই হত্যা কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ পাৱৈ চাহ বাগিচা অঞ্চল । উল্লেখ্য যে, শাৰদীয় দুৰ্গা পূজাৰ বাবে পাৱৈ চাহ বাগিচাত সোমবাৰে বোনাচ প্ৰদান কৰা হৈছিল। পাৱৈ চেণ্টাৰৰ ৫ নং লাইনতো বোনাচ … Read more

জাগীৰোডৰ দুৰ্গা পূজা উদযাপন সমিতি জনকল্যাণ সংঘৰ প্ৰশংসনীয় পদক্ষেপ ।

আজি মহাষষ্ঠী । ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে এতিয়া পূজাৰ আনন্দ-উল্লাসৰ ঢল । আজি বেদীত স্থাপন কৰা হ’ব দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ প্ৰতিমা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগীৰোডতো পূজাস্থলীসমূহত প্ৰস্তুতি তুংগত উঠিছে । জাগীৰোডৰ ঐতহ্যমণ্ডিত জনকল্যাণ সংঘৰ দুৰ্গোৎসৱৰ পৰিৱেশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । জনকল্যাণ সংঘই এইবাৰ সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি ধুমধামেৰে উদযাপন কৰিছে ৫১ … Read more

মৰিগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন ।

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে মৰিগাঁও জিলা মানসিক স্বাস্থ্য কাৰ্যক্ৰমে জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়ুক্ত দেৱাশীষ শৰ্মাৰ সঞ্চালনত বিষয়া, কৰ্মচাৰীসকলৰ মাজত অনুষ্ঠিত হয় এখন সজাগতা সভা । জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত ডা: সংগীতা বৰঠাকুৰ, জিলা স্বাস্থ্য সঞ্চালক ডা: অৰুণ নাথকে প্ৰমুখ্যে কৰি বহুকেইগৰাকী বিভাগীয় অতিৰিক্ত আয়ুক্ত উপস্থিত থকাৰ লগতে আয়ুক্ত কাৰ্যালয়ৰ শতাধিক বিষয়া-কৰ্মচাৰী … Read more

পাৱৈ চাহ বাগিছাত ১৬ শতাংশ বোনাছ কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰদান ।

মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া,দণ্ডাধীশ আৰু ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তৰ উপস্থিতিত সোমবাৰে শ্ৰমিকৰ মাজত ১৬% বোনাচ প্ৰদান কৰা হয় । বাকী ৪ শতাংশ মাঘ বিহুত প্ৰদান কৰিব বুলিও আশ্বাস দিয়ে । উল্লেখ্য যে বাগিছাখনৰ শ্ৰমিকসকলে শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে ২০ শতাংশ বোনাছ একেলগে দিবলৈ দাবী জনাইছিল। কিন্তু বাগিছা কৰ্তৃপক্ষই দুটা কিস্তিতহে দিব বিচাৰি … Read more

মুছলপুৰত নৱৰাত্ৰী পূজাৰ পঞ্চম দিন । দেৱী দুৰ্গাৰ বন্দনাৰে উখলমাখল মুছলপুৰৰ আকাশ-বতাহ ।

শাৰদীয় দুৰ্গোৎসৱক লৈ বাক্সা জিলাৰ সদৰ মুছলপুৰতো এক উখলমাখল পৰিৱেশৰ সৃষ্টি হৈছে । দেৱী দুৰ্গাৰ আশিষ লোৱাৰ বাবে উপস্থিত হৈছে বহু ভক্ত । প্ৰথমবাৰৰ বাবে মুছলপুৰত দহদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দেৱী দুৰ্গাৰ নৱৰাত্ৰী পূজা । মুছলপুৰ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা দুৰ্গোৎসৱৰ আজি পঞ্চমী তিথি । তাৎপৰ্য অনুসৰি আজি দেৱী … Read more

আজি হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ ভোটগণনা ।

দুয়োখন ৰাজ্যত ৯০ টাকৈ সমষ্টিত হৈছে নিৰ্বাচন । এগজিত প’লত হাৰিয়ানাত কংগ্ৰেছ চৰকাৰৰ ইংগিত । জম্মু-কাশ্মীৰত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত প্ৰদান এগজিত প’লৰ । জম্মু কাশ্মীৰত কটকটীয়া নিৰাপত্তাৰে চলিছে ভোটগণনা । হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ ।

“ধ্ৰুপদী ভাষাৰ শেলুৱৈ খোজ” -ডo নন্দ সিং বৰকলা

আমাৰ ভাষা আমাৰ স্বাভিমান। জাতিৰ জীৱন প্ৰবাহক সাবটি ইতিহাস, ঐতিহ্য চেতনাক বখানি থকা অনন্য সাংস্কৃতিক মেৰুদণ্ডৰ ধাৰক-বাহক। আমাৰ ভাষা ধ্ৰুপদী ভাষাৰ শেলুৱৈ খোজৰ মৰ্যদাৰে প্ৰাচীন ভাৰতীয় ভাষাৰ অন্তভুৰ্ক্ত হোৱাত এজন নিঃকিন অসমীয়া হৈয়ো পৰম সুখ, আনন্দ, গৌৰৱ অনুভৱ কৰিছোঁ । আমাৰ ভাষাৰ কাষ চাপিব পৰা নাই হিন্দী আৰু বাঙলা ভাষাই । এনে ধীমান ভাষাৰ গতিয়ে … Read more

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ চেগুন বাগান ৰিজৰ্টৰ স্বত্বাধিকাৰী এগৰাকী মহিলাৰ। কিন্তু কিয়? সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

সোণাপুৰৰ চেগুন বাগান ৰিজৰ্টত নিশা জব্দ বৃহৎ পৰিমাণৰ সুৰা । সোণাপুৰ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা। অবৈধভাৱে সুৰাৰ ব্যৱসায় চলোৱাৰ অভিযোগ চেগুন বাগান ৰিজৰ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে। দেওবাৰে নিশা সোণাপুৰ আৰক্ষীয়ে চেগুন বাগান ৰিজৰ্টৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা। এই ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ উক্ত স্থানত উপস্থিত হোৱা সাংবাদিকক সোণাপুৰ আৰক্ষীৰ সন্মুখতে … Read more