শিৱসাগৰৰ জাঁজীত ক্ষতিগ্ৰস্ত গাহৰিপালক । জিলাখনত প্ৰায় ২০কোটিৰো টকাৰো অধিক মূল্যৰ গাহৰিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । গ্ৰাম্য অৰ্থনীতিত অভূতপূৰ্ব অৰিহণা আগবঢ়াই অহা ক্ষতিগ্ৰস্ত থলুৱা গাহৰিপালক সকলক সাহাৰ্য আগবঢ়াব পৰাকৈ বিভাগৰ হাতত নাই কোনো আঁচনি ।
বহি ৰাজ্যৰ গাহৰি চিণ্ডিকেটৰ ফলতো ক্ষতিগ্ৰস্ত হৈছে থলুৱা গাহৰিপালক । শিৱসাগৰ জিলা প্ৰশাসনে গাহৰি আৰু মাংস কিনা বেচা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতেই আৰম্ভ হৈছে গাহৰি নিধন যজ্ঞ ।
লোকচানত ডুব যোৱাৰ থলুৱা গাহৰি পালক সকলৰ চৰকাৰলৈ বিশেষ আহ্বান ‘অসমৰ অৰ্থনীতিত অৱদান আগবঢ়োৱা থলুৱা উদ্যোগটোক নিশেষ হ’বলৈ নিদিব আমাক সহায় কৰক ।’













