Image

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ টীম গঠন

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ টীম গঠন। ৫জনীয়া লোক অধিবক্তাক লৈ গঠন কৰা হৈছে টীম। টীমত আছে অধিবক্তা জিয়াউৰ কামাৰ, ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, কিশোৰ দত্ত, বিকাশ জামাৰ, প্ৰাঞ্জল দত্ত। সংবাদমেলযোগে জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই কথা।

জুবিন গাৰ্গৰ ন্যায় যুঁজৰ বাবে চৰকাৰে গঠন কৰা অধিবক্তা দলক লৈ গৰিমা গাৰ্গৰ সামজিক মাধ্যমত প্ৰতিক্ৰিয়া। গৰিমাই সামাজিক মাধ্যমত লিখে-

“আজি Public Prosecutor ৰ team টো ঘোষণা কৰা হ’ল ।

সৰ্বশ্ৰী জিয়াউৰ কামাৰ মহোদয়কে প্ৰমুখ্য কৰি ব্ৰজেন্দ্ৰ মোহন চৌধুৰী , কিশোৰ দত্ত , প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰ ডাঙৰীয়ালৈ আমাৰ নমস্কাৰ, শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ । আইনৰ পৃথিৱীখনত আপোনালোকৰ প্ৰজ্ঞা, বহুবছৰযোৰা সাধনা আৰু অভিজ্ঞতা আমাৰ বাবে সাহস আৰু শকতি। এতিয়া কেৱল অসমেই নহয়, সমগ্ৰ বিশ্বই অতি আস্থাৰে আপোনালোকৰ মুখলৈকে চাই আশা কৰিব ন্যায়ৰ যুঁজখন অধিক সবল, সাহসী আৰু মহাপৰাক্ৰমী যুঁজাৰু ৰূপে আপোনালোকে আগুৱাই নিব আৰু আদালতত ন্যায় প্ৰতিষ্ঠা সুনিশ্চিত কৰিব । আশা কৰিছো, আপোনালোকে সম্পূৰ্ণ প্ৰচেষ্টাৰে যাতে যুঁজ দি নৰপিশাচবোৰক পৃথিৱীৰ আটাইতকৈ কঠোৰতম শাস্তি প্ৰদান কৰাব । তাৰবাবে আমাৰ পৰিয়ালৰ লগতে সমূহ ৰাইজৰ প্ৰাৰ্থনা, শুভকামনা আৰু জ্যেষ্ঠ সকলৰ আশীৰ্বাদ আছে , সদায় থাকিব ।

দেশৰ আইন আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ সদায় আস্থা আছে । সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰতি অসম চৰকাৰৰ সম্পূৰ্ণ দ্বায়িত্ব আছে .. লগতে জড়িত হৈ আছে সমগ্ৰ ৰাইজৰ অনুভৱ, আৱেগ‌ আৰু অভিমান । যিহেতু এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ ।আপোনালোকে এই বিচাৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰ আৰু ফলপ্ৰসূ কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ ।

সদায় বিচৰাৰ দৰেই অসমৰ ৰাইজ, চৰকাৰ, ন্যায় ব্যৱস্থা সকলোৰে সহায়, সম্পূৰ্ণ সহযোগিতা, সঠিক আৰু শুদ্ধ দিহা পৰামৰ্শও বিচাৰিছোঁ । আমাৰ সহায় হৈ থাকক সকলো !
ভগৱান আমাৰ সহায় হওক আৰু বিজয় সুনিশ্চিত কৰক

Releated Posts

উত্তৰ-পূৰ্বাঞ্চলৰ UG আৰু PG শিক্ষাৰ্থীৰ বাবে USTM-এ উদ্ধোধন কৰিলে মেগা গ্ৰীষ্ম ইণ্টাৰ্নশ্বিপ প্ৰগ্ৰামRi-Bhoi,

উত্তৰ-পূৰ্বাঞ্চলৰ UG আৰু PG শিক্ষাৰ্থীৰ বাবে USTM-এ উদ্ধোধন কৰিলে মেগা গ্ৰীষ্ম ইণ্টাৰ্নশ্বিপ প্ৰগ্ৰামRi-Bhoi, Meghalaya | 13th May 2026:…

ByByMahesh Malakar May 13, 2026

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া জামিন পাইও বিপদে লগ এৰা নাই পৱন খেড়াক নতুনকৈ গোচৰ…

ByByMahesh Malakar May 13, 2026

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল ‘ধুবুৰীত ১০ লাখ ভোটত মোক জিকাইছে বুলি ফিতাহি মাৰি অখিল গগৈয়ে’…

ByByMahesh Malakar May 13, 2026

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি শ্যামকানুৰ জামিন আবেদন গ্ৰহণ নকৰিলে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে জে’লতেই দিন…

ByByMahesh Malakar May 13, 2026
Scroll to Top