• Home
  • অসম
  • নলবাৰী ৰাসত স্মৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক
Image

নলবাৰী ৰাসত স্মৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক

নলবাৰী ৰাসত স্মৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক

আজি ৰাস পূৰ্ণিমাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে ৰাস মহোৎৱৰ।

ঐতিহ্যমণ্ডিত নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱ, উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাস মহোৎসৱ। ৯২সংখ্যক ৰাস মহোৎসৱ উপলক্ষে ৯২খন পতাকা উত্তোলনেৰে আৰম্ভ হয় নলবাৰীৰ ৰাস মহোৎসৱ। ইয়াৰে হৰি মন্দিৰৰ মূল পতাকা উত্তোলন কৰে নলবাৰী হৰি মন্দিৰৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

ইয়াৰ পিছতে ৰাস মহোৎসৱৰ ৯২খন পতাকা উত্তোলন কৰা হয় ৯২গৰাকী জিলাখনৰ ভিন্ন অনুষ্ঠানৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিৰ দ্বাৰা। ইফালে সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি আনিব মুখ্য অতিথিসকলক। ৯২সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ উদ্বোধন কৰিব বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে

উল্লেখযোগ্য যে এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৰাস মহোৎসৱ। প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰি নলবাৰী ৰাস মহোৎসৱত জুবিন গাৰ্গলৈ জনাব বিশেষ শ্ৰদ্ধাঞ্জলি। প্ৰাণৰ শিল্পীগৰাকী ৫২ বছৰ বয়সত মহাপ্ৰয়াণ হোৱা হেতুকে এখন ৫২ফুট উচ্চতাৰ গীটাৰ সাজি উলিয়াইছে হৰি মন্দিৰ সমিতিয়ে। গীটাৰখনৰ ওপৰতে এটি বিশাল টুপিও সাজি উলিয়াইছে সমিতিয়ে।

Releated Posts

নলবাৰী জিলাত ১৭ নৱেম্বৰত ৰাস মহোৎসৱ উপলক্ষে স্থানীয় বন্ধ ঘোষণা জিলা আয়ুক্তৰ

উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধর্মীয় অনুষ্ঠান নলবাৰীৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱত বৃহস্পতিবাৰে এক উথপথপ্ পৰিৱেশৰ সৃষ্টি হয়। জিলাখনত বিভিন্ন অঞ্চলৰ…

ByByMahesh MalakarNov 14, 2025

শিলসাঁকোৰ উচ্ছেদিতৰ দ্বাৰা দিছপুৰ থানা ঘেৰাও

শিলসাঁকোৰ উচ্ছেদিত ভূমিত একাংশ উচ্ছেদিত লোকে নতুনকৈ ঘৰ সজাৰ চেষ্টা কৰিছিল বুধবাৰে ৷ সেই খবৰ লাভ কৰাৰ পিছতে…

ByByMahesh MalakarNov 13, 2025

মেঘালয়ৰ ডাউকীৰ হাবিৰ মাজত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বশিষ্ঠৰ তপন দে’ৰ নিথৰ দেহ

চুবুৰীয়া মেঘালয়ৰ ডাউকীৰ অৰণ্যৰ মাজত উদ্ধাৰ গুৱাহাটীৰ যুৱকৰ নিথৰ দেহ ৷ ডাউকীৰ অৰণ্যৰ মাজত এজোপা গছত উলোমাই থোৱা…

ByByMahesh MalakarNov 13, 2025

জুবিন গাৰ্গক জীয়াই ৰাখিব অসমীয়াই, সন্দেহযুক্ত লোকে নহয়ঃ মুখ্যমন্ত্ৰী

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা ৰাজ্যবাসী শোক সাগৰত ডুব গৈ আছে৷ এতিয়াও যেন ৰাজ্যখনৰ পৰিবেশ…

ByByMahesh MalakarNov 13, 2025
Scroll to Top