শনিবাৰে যোৰহাটত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে । ডচ কোম্পানী চাৰিআলিৰ পৰা গড়আলি হৈ বৰুৱা চাৰিআলিলৈ এক বৃহৎ ৰ’ড শ্ব সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।যোৰহাটত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীয়ে আন কেইবাটাও বিষয়ত মন্তব্য কৰে । জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “জুবিন গাৰ্গৰ সৈতে যিয়ে ৰাজনীতি কৰে সেয়া পাপ । এতিয়া নিতৌ আদালতৰ শুনানি চলি আছে । ১০ দিনৰ ভিতৰত ইতিবাচক ৰায় পাবলৈ সক্ষম হ’ম । শীঘ্ৰে চাৰ্জ ফ্ৰেম হ’বলৈ গৈ আছে । তেওঁলোকে (কংগ্ৰেছ) কৈছে ৩ মাহত ন্যায় দিব । মোৰ ন্যায় তাতকৈ আগতে হৈ যাব । জুবিনে জীয়াই থাকোতে কি কৈছিল ‘পলিটিক্স নকৰিবা বন্ধু’ । গৌৰৱ গগৈক গানটো শুনাই দিব লাগে ।”ৰাহুল গান্ধী এটা পগলা মানুহ । ৰাহুল গান্ধী এটা ক্ৰেকপট । কেতিয়াবা দাড়ি ৰাখে কেতিয়াবা কাটে, কেতিয়াবা ডাঙৰ ছাৰ্ট পিন্ধে কেতিয়াবা টি-ছাৰ্ট পিন্ধে । সম্পূৰ্ণ পাগল মানুহ এটা ।” যোৰহাটত নিৰ্বাচনী প্ৰচাৰৰ মাজত এই বিস্ফোৰক মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ।

ৰাহুল গান্ধী এটা ক্ৰেকপট সম্পূৰ্ণ পাগল মানুহ এটা
Releated Posts
আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ
আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ আজি আদালতত হাজিৰ কৰোৱা হ’ব মঠঘৰীয়াত দুৰ্ঘট*না সংঘটিত কৰা ছামিম আহমেদক…
‘জুবিনে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব’
জুবিনক্ষেত্ৰত উপস্থিত জুবিন প্ৰিয়তমা গৰিমা গাৰ্গ দুচকুত কেৱল চকুলো ‘জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পাওক’ ‘জুবিনে ন্যায় নাপালে ন্যায়…
অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই
অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লাভ কৰিলে…
অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি
অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি ১মে’ৰ পৰা ৪ মে’ পৰ্যন্ত বতৰে চলাব তাণ্ডৱলীলা ঘন্টাত ৪০-৫০কিঃমিঃ বেগেৰে ধুমুহা…











