• Home
  • অপৰাধনামা
  • জনসাধাৰণৰ বিশ্বাস অটুট ৰখাই চিকিৎসা উৎকৰ্ষতাৰ প্ৰকৃত মাপকাঠি: পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ সহাৰিয়া

জনসাধাৰণৰ বিশ্বাস অটুট ৰখাই চিকিৎসা উৎকৰ্ষতাৰ প্ৰকৃত মাপকাঠি: পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ সহাৰিয়া

জনসাধাৰণৰ বিশ্বাস অটুট ৰখাই চিকিৎসা উৎকৰ্ষতাৰ প্ৰকৃত মাপকাঠি: পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ সহাৰিয়া

USTM-ত PIMC আৰু IAMC-ৰ সহযোগিতাত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন

ৰি-ভই, মেঘালয় | ১ জুলাই, ২০২৬ : ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয় (USTM)-এ PA Sangma International Medical College & Hospital আৰু IA Ayurvedic Medical College-ৰ সহযোগিতাত গভীৰ মৰ্যাদা আৰু শ্ৰদ্ধাৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস–২০২৬ পালন কৰে। চিকিৎসক সমাজৰ অটল সেৱা, ত্যাগ আৰু নিষ্ঠাক স্মৰণ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানটো “Behind the Mask: Who Heals the Healers?” শীৰ্ষক বিষয়বস্তুৰ অধীনত অনুষ্ঠিত হয়, য’ত সমাজৰ সেৱাত নিয়োজিত চিকিৎসকসকলৰ অদৃশ্য সংগ্ৰাম আৰু দায়িত্বসমূহৰ ওপৰত আলোকপাত কৰা হয়।

এই অনুষ্ঠানটোত উপস্থিত আছিল USTM-ৰ মাননীয় চেন্সেলৰ শ্ৰী মহবুবুল হক, মাননীয় উপাচাৰ্য প্ৰফেছৰ জি. ডি. শৰ্মা, পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ চহৰিয়া, প্ৰ’ ভাইচ চেন্সেলৰ, USTM, প্ৰফেছৰ (ডাঃ) এ. চি. কটকী, ডাইৰেক্টৰ (মেডিকেল এডমিনিষ্ট্ৰেচন), USTM, ডাঃ যোগেশ শৰ্মা, ডাইৰেক্টৰ (মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ), PIMC, প্ৰফেছৰ ডাঃ এইচ. কে. শৰ্মা, প্ৰিন্সিপাল, PIMC, ডাঃ অনিল শৰ্মা, প্ৰফেছৰ, IA আয়ুৰ্বেদিক মেডিকেল কলেজসহ বহুতো জ্যেষ্ঠ চিকিৎসক আৰু অধ্যাপক।

অনুষ্ঠানৰ আৰম্ভণিতে জ্যেষ্ঠ চিকিৎসক আৰু অধ্যাপকসকলক সম্বৰ্ধনা জনোৱা হয়, যাৰ জৰিয়তে চিকিৎসা শিক্ষা, স্বাস্থ্য সেৱা আৰু প্ৰতিষ্ঠানিক উন্নয়নত তেওঁলোকৰ নেতৃত্বমূলক অৱদান স্বীকৃতি লাভ কৰে। এই উপলক্ষে প্ৰফেছৰ (ডাঃ) অমল চন্দ্ৰ কটকীয়ে, ডাইৰেক্টৰ, মেডিকেল এডমিনিষ্ট্ৰেচন, PIMC, উপস্থিত সকলকে সম্বোধন কৰি আধুনিক সময়ত চিকিৎসকৰ বিকাশমান দায়িত্বসমূহৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানৰ এক বিশেষ অংশত PA Sangma International Medical College & Hospital-ৰ প্ৰতিষ্ঠাপক চিকিৎসকসকলক সম্বৰ্ধনা জনোৱা হয়। এই চিকিৎসকসকলৰ অগ্ৰণী অৱদানেই প্ৰতিষ্ঠানখনক এক সুদৃঢ় একাডেমিক আৰু ক্লিনিকেল ভিত্তি প্ৰদান কৰিছে।

অনুষ্ঠানৰ অন্যতম মুখ্য আকর্ষণ আছিল “Doctors of the Year” সন্মান প্ৰদান, যাৰ জৰিয়তে বিভিন্ন বিভাগৰ চিকিৎসকসকলক উৎকৃষ্ট সেৱা, ৰোগী যত্নৰ প্ৰতি নিষ্ঠা, একাডেমিক উৎকৰ্ষতা আৰু পেছাগত সততাৰ বাবে স্বীকৃতি দিয়া হয়।

সকলোকে সম্বোধন কৰি জ্যেষ্ঠ ইউৰ’লজিষ্ট পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ চহাৰিয়াই—যি KIMS Hospital, হায়দৰাবাদৰ পূৰ্বৰ চীফ ট্ৰান্সপ্লান্ট ইউৰ’লজিষ্ট আৰু ভাইচ-চেয়াৰমেন তথা USTM-ৰ প্ৰ’ ভাইচ চেন্সেলৰ—চিকিৎসকসকলৰ আত্মনিঃস্বাৰ্থ সেৱাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে, চিকিৎসকৰ উৎকৰ্ষতা কেৱল পেছাগত দক্ষতাত সীমাবদ্ধ নহয়, বৰঞ্চ জনসাধাৰণৰ বিশ্বাস আৰু সন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে; মানৱীয়তাৰে চিকিৎসা কৰাই চিকিৎসা পেচাৰ প্ৰকৃত সফলতা। লগতে তেওঁ PIMC-ৰ আগন্তুক ছুপাৰ-স্পেচিয়েলিটি হাস্পতালৰ সুবিধাসমূহৰ প্ৰসংগ উল্লেখ কৰি অঞ্চলটোৰ স্বাস্থ্য শিক্ষা, ক্লিনিকেল উৎকৰ্ষতা আৰু চিকিৎসা পৰিকাঠামো শক্তিশালী কৰাৰ প্ৰতি প্ৰতিষ্ঠানখনৰ অটল প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে।

অনুষ্ঠানৰ অংশ হিচাপে, সংবাদ মাধ্যমৰ সদস্যসকলক প্ৰিমিয়াম হেল্থ কাৰ্ড বিতৰণ কৰা হয়। এই কাৰ্ডৰ জৰিয়তে PA Sangma International Medical College & Hospital-ত সকলো চিকিৎসা সেৱা আৰু চিকিৎসাত ৫০ শতাংশ ৰেহাই আৰু ঔষধত বিশেষ ৰেহাই প্ৰদান কৰা হ’ব। এই পদক্ষেপে সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা লোকসকলৰ কল্যাণৰ প্ৰতি বিশ্ববিদ্যালয়খনৰ দায়িত্ববোধ স্পষ্ট কৰে।

ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয় (USTM) সন্দৰ্ভত : ২০১১ চনত প্ৰতিষ্ঠিত ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয় (USTM) হৈছে উত্তৰ-পূৰ্ব ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ প্ৰথমখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। ২০২১ চনত NAAC-ৰ প্ৰথম মূল্যায়ন চক্ৰত বিশ্ববিদ্যালয়খনে ‘A গ্ৰেড’ লাভ কৰে। USTM শিক্ষাদান, গৱেষণা, উদ্ভাৱন আৰু সমাজসেৱাত উৎকৰ্ষতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ অন্তৰ্ভুক্তিমূলক, টেকসই আৰু আঞ্চলিক উন্নয়নৰ দিশত সদায় আগবাঢ়ি আছে।

Releated Posts

অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড

অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড অৰুণাচলত কাম কৰাবলৈ নি বিগত এমাহে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ যুৱতীক চিনাকিসূত্ৰে…

ByByMahesh Malakar Jun 29, 2026

অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড

অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড অৰুণাচলত কাম কৰাবলৈ নি বিগত এমাহে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ যুৱতীক চিনাকিসূত্ৰে…

ByByMahesh Malakar Jun 29, 2026

এতিয়াৰে পৰা মোবাইলেৰে ফটো মাৰি ফাইন কাটিব নোৱাৰিব যান-বাহন আৰক্ষীয়ে

এতিয়াৰে পৰা মোবাইলেৰে ফটো মাৰি ফাইন কাটিব নোৱাৰিব যান-বাহন আৰক্ষীয়ে মোবাইল কেমেৰাৰে ফটো মাৰি বিহিব নোৱাৰিব No Parkingৰ…

ByByMahesh Malakar Jun 28, 2026

ব্যৱসায় কৰিবলৈ অনলাইন সেৱা BLINKITক নিদিলে অনুজ্ঞাপত্ৰ

মেঘালয়ত সম্পূৰ্ণৰূপ নিষিদ্ধ ঘোষণা ব্লিংকিট থলুৱা ব্যৱসায়ীক লৈ ডাঙৰ সিদ্ধান্ত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ক্ষুদ্ৰ আৰু থলুৱা ব্যৱসায়ীৰ ভৱিষ্যত…

ByByMahesh Malakar Jun 27, 2026
Scroll to Top