• Home
  • অসম
  • শিলসাঁকোৰ উচ্ছেদিতৰ দ্বাৰা দিছপুৰ থানা ঘেৰাও
Image

শিলসাঁকোৰ উচ্ছেদিতৰ দ্বাৰা দিছপুৰ থানা ঘেৰাও

শিলসাঁকোৰ উচ্ছেদিত ভূমিত একাংশ উচ্ছেদিত লোকে নতুনকৈ ঘৰ সজাৰ চেষ্টা কৰিছিল বুধবাৰে ৷ সেই খবৰ লাভ কৰাৰ পিছতে দিছপুৰ আৰক্ষী উপস্থিত হৈ গৃহ নিৰ্মাণত বাধাৰোপ কৰে। ইয়াকে লৈ আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হয় উচ্ছেদিত লোকে৷ ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷আৰক্ষীক বাধা প্ৰদান কৰাৰ অভিযোগত চান মহম্মদ কুৰচি আলম, ফুলবৰ আলী,লালন ৰয় আৰু চমেত আলিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে।

আজি শিলসাঁকোৰ উচ্ছেদিত লোকে দিছপুৰ থানাত উপস্থিত হৈ থানা ঘেৰাও কৰে ৷ ক্ষুব্ধ মহিলাই অচিৰেই আটকাধীন লোক কেইজনক মুক্তি দিয়াৰ দাবী কৰে ৷ তেওঁলোকে এই সন্দৰ্ভত কয়,শিলসাঁকোৰ মাটি দখল কৰাৰ বাবে যদি আমাক উচ্ছেদ কৰিছে ,তেন্তে একেই কাৰণত জয়ন্ত মল্ল বৰুৱা সহ আন আন বিয়াগোম লোকৰ মাটি কিয় উচ্ছেদ কৰা নাই তেওঁলোকৰ বাবে আইন খন সুকীয়া নেকি ৷ আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সকীয়নি দিয়ে একাংশ মহিলাই ৷

Releated Posts

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং…

ByByMahesh Malakar Jun 12, 2026

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদে*হ

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ এটা…

ByByMahesh Malakar Jun 11, 2026

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ চৰকাৰ গঠন কৰিয়ে বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা ক্ষমতা আছে…

ByByMahesh Malakar Jun 10, 2026
Scroll to Top