মাণিকপুৰৰ নগৰঝাৰৰ যুৱকক হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ, হাপাচৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ যুৱকজনক

মাণিকপুৰৰ নগৰঝাৰৰ যুৱকক দুৰ্বৃত্তই হত্যাৰ চেষ্টাৰ ঘটনাৰ বাবে সৃষ্টি হৈছে চাঞ্চল্য। বঙাইগাঁও জিলাৰ হাপাচৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হয় নগৰঝাৰৰ যুৱক ছাইদুৰ ৰহমান। নিশা কোনো দুৰ্বৃত্তই হত্যাৰ চেষ্টা কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। যুৱকজনক অচেতন অৱস্থাত ৰাতিপুৱা ৰাইজে প্ৰত্যক্ষ কৰে। যুৱকজনৰ শৰীৰত আঘাতৰ চিহ্ন স্পষ্ট। পৰিয়ালৰ লোকে … Read more

ৰাজ্যত গো-মাংসৰ বিৰুদ্ধে যুদ্ধংদেহী অভিযান অব্যাহত

ৰাজ্যত গো মাংসৰ বিৰুদ্ধে যুদ্ধংদেহী অভিযান চলি থকাৰ মাজতে একাংশ অসাধু চক্ৰই অব্যাহত ৰাখিছে নিষিদ্ধ গো-মাংসৰ অবৈধ সৰবৰাহ। যেন অসম আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই আছে নিষিদ্ধ গো-মাংস সৰবৰাহকাৰীয়ে। চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অসমলৈ সৰবৰাহ হৈ আছে নিষিদ্ধ গো-মাংস। আজি ৰাতিপুৱাই গৌৰীপুৰ থানাৰ বালাজান আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম ৰায়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে … Read more

ৰঙিয়াত নৃশংস হত্যাকাণ্ড, পলাতক পত্নী হত্যাকাৰী স্বামী

ৰঙিয়াত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। পলাতক অৱস্থাত আছে পত্নী হত্যাকাৰী স্বামী। ৰঙিয়া নগৰৰ ৩ নং ৱাৰ্ডৰ মুৰাৰাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। ৰে’ল বিভাগৰ কেন্দুকোনা ষ্টেচনৰ ষ্টেচন মাষ্টাৰ ৰাহুল কুমাৰ সিঙে বুধবাৰে মাজনিশা পত্নী অঞ্জলি সিঙক দুয়োটা সন্তানৰ সন্মুখতে হানি-খুঁচি হত্যা কৰে। সন্তানৰ চিঞৰ শুনি ঘৰৰ গৰাকী উপস্থিত হয়। আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। … Read more

অৰুণাচলৰ পাকে কেচাং জিলাৰ পৰা মটৰ চাইকেল চুৰি, শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ যুৱকৰ বিৰুদ্ধে অভিযোগ

অৰুণাচলৰ পাকে কেচাং জিলাৰ চুচুঙৰ পৰা নানা নাবম নামৰ এজন যুৱকৰ বগা ৰঙৰ য়ামাহা MT 15, Reg. No-AR-01U-2353 মটৰ চাইকেলখন কালি অসমৰ শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ হাচনা বসুমতাৰী নামৰ যুৱক এজনে চুৰি কৰি লৈ যায়। মটৰ চাইকেলখনৰ গৰাকী নানা নাবামে জানিব দিয়া মতে, যোৱা ২৫ জুনৰ সন্ধ্যা হাচনা বসুমতাৰীৰ সহিতে তিনিজন যুৱকে অৰুণাচলৰ চেপাৰ পৰা আহি … Read more

ক্ষুদ্ৰপলহাৰ অসম তিৰপাল হাউচত চুৰি, চাৰিজনক কৰায়ত্ত

কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত ক্ষুদ্ৰপলহাত থকা অসম তিৰপাল হাউচ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত সংঘটিত হয় চুৰিকাণ্ড৷ চি চি টিভিৰ ফুটেজ প্ৰত্যক্ষ কৰাৰ পিছত সোমবাৰে পুৱতি নিশা দুই গভাইত চোৰে মুখত কাপোৰ বান্ধি এই চুৰি কাৰ্য সংঘটিত কৰাৰ কথা স্পষ্ট হৈ পৰে৷ লগে লগে অসম তিৰপাল হাউচৰ স্বত্বাধিকাৰী নেকিবুৰ ৰহমানে বাইহাটা চাৰিআলি থানাত এজাহাৰ দাখিল … Read more

মাৰ্ঘেৰিটাৰ উলুপপথাৰ পানীগাঁৱত জঘণ্য ধৰ্ষণৰ ঘটনা, নাম সাঙুৰ খাইছে লম্পট ধৰ্মগুৰু আইজাক হাপাতৰ

মাৰ্ঘেৰিটাৰ উলুপ পথাৰ পানী গাঁৱত জঘণ্য ধৰ্ষণৰ ঘটনা এটাত নাম সাঙুৰ খাইছে লম্পট ধৰ্মগুৰু আইজাক হাপাতৰ।কিছু পলমকৈ পোহৰলৈ আহি পৰিছে এক জঘন্য ধৰ্ষণৰ ঘটনা। উলুপপথাৰ পানীগাঁও নিবাসী আইজাক হাপাত নামৰ খ্ৰীষ্টান ধৰ্মগুৰুজনৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণৰ গুৰুতৰ অভিযোগ। প্ৰাপ্ত খবৰ অনুসৰি, যোৱা ১০ জুনত আইজাক হাপাত নামৰ লম্পট ধৰ্মগুৰুজনে পত্নী অসুখ হোৱা পৰিপ্ৰেক্ষিতত এগৰাকী ১৬ … Read more

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰচৰত ভয়ংকৰ মাৰপিটৰ ঘটনা

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰচৰত ভয়ংকৰ মাৰপিটৰ ঘটনা সংগঘটিত হয়। এই ভয়ংকৰ মাৰপিটৰ ঘটন সংঘটিত কৰা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা নোলোৱাত ক্ষোভ প্ৰকাশ কৰে। যোৱা ২৪ তাৰিখে পুৱা ৮:১০ বজাত ৫ হাজাৰ টকাক লৈ মোনোৱাৰ হোছেইনৰ নেতৃত্বত এই ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। মাৰপিটত ক্ষান্ত নাথাকি মহিলাৰ লগতে এগৰাকী কিশোৰীক শাৰীৰিকভাৱে অকথ্য নিৰ্যাতন … Read more

দুমুনিচকীৰ ইক্ৰামুল নামৰ এজন যুৱক সন্ধানহীন

দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত দুমুনিচকীৰ ইক্ৰামুল মজিদ (১৭) নামৰ এজন যুৱক সন্ধানহীন হৈ থকা ঘটনাই পৰিয়ালটোক দুচিন্তাত পেলোৱা পৰিলক্ষিত হৈছে৷ চকুলোৰে বাট নেদেখা হৈ পৰিছে পিতৃ-মাতৃয়ে। উল্লেখ্য যে বিগত ২৫ জুনৰ ২ বজাৰ পৰা নিৰুদ্দেশ হৈ থকা ইক্ৰামুল দুমুনিচকীৰ উত্তৰ চুবাৰ চাহজামাল হক আৰু ইয়াৰুন নেছাৰ একমাত্ৰ পুত্ৰ। পৰিয়ালৰ লোকে অৱগত কৰা মতে … Read more

ডিগবৈত কেঁচা চাহপাত কঢ়িওৱা বাহনৰ দৌৰাত্ম্য!পাৱৈত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত তিনি চাইকেল আৰোহী

ডিগবৈত কেঁচা চাহপাত কঢ়িওৱা বাহনৰ দৌৰাত্ম্য। পাৱৈত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত তিনি চাইকেল আৰোহী। ডিগবৈ থানাৰ অন্তৰ্গত পাৱৈ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ গোলাবাৰী ধাবাৰ সমীপত শুকুৰবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেখন চাইকেলত যোৱা তিনিজন আৰোহী গুৰুতৰভাৱে আহত হয়। আহত তিনিজনকে মাৰ্ঘেৰিটালৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। প্ৰাপ্ত খবৰ অনুসৰি, মাৰ্ঘেৰিটাৰ দিশৰ পৰা ডিগবৈ … Read more

মৰিগাঁও জিলাৰ শিলপুখুৰীৰ যুৱক ধিং বজাৰৰ পৰা নিৰুদ্দেশ

মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত শিলপুখুৰী গাঁৱৰ এগৰাকী যুৱক ধিং বজাৰৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোৰ লগতে পৰিয়ালৰ মাজতো হাহাকাৰৰ সৃষ্টি হয়। জানিব পৰা মতে, শিলপুখুৰী নিবাসী আব্দুল মালেকৰ পুত্ৰ ৰাহুল আমিন (২৫)য়ে যোৱা ২২ জুনত সন্ধিয়া পাঁচ মান বজাত ঘৰৰ পৰা টুকটুকী বজাৰ হৈ ধিং বজাৰলৈ গৈছিল এ টি এমৰ পৰা টকা উঠাবলৈ আৰু … Read more