ছিপাঝাৰৰ শিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

ছিপাঝাৰৰ শিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত একেলগে দুর্ঘটনাগ্রস্ত ৩ খনকৈ বাহন মেক্সিম’, বলেৰ’ পিকআপ আৰু ছুইফট বাহনৰ সংঘৰ্ষ দুর্ঘটনাত আহত হৈছে মেক্সিম’ বাহনত থকা ১৫ গৰাকী ছাত্র-ছাত্রী দুর্ঘটনাত আহত হৈছে আন দুখন বাহনত থকা ৪ গৰাকী আবোহীও

মহাৰাষ্ট্ৰৰ জালগাঁৱৰ ৰে’ল দুৰ্ঘটনা

– মৃতকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, আহত প্ৰায় ৫০ জন।– মৃতকৰ পৰিয়াললৈ কেন্দ্ৰীয় চৰকাৰৰ ১.৫ লাখ টকাৰ ক্ষতিপূৰণ।– আহতৰ পৰিয়াললৈ ৫০ হাজাৰ টকাৰ সাহায্য।– সামান্য আঘাত পোৱাসকলক দিব ৫ হাজাৰকৈ সাহায্য।– মহাৰাষ্ট্ৰ চৰকাৰে মৃতকৰ পৰিয়ালক দিব ৫ লাখকৈ ক্ষতিপূৰণ।

মৰিগাঁৱত নিশা দুটাকৈ দুৰ্ঘটনা, কৰুণ মৃত্যুক আঁকোৱালি ল’লে দুই যুৱকে…

নিশা মৰিগাঁৱৰ কটহজাৰিত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰেক্টৰৰ হেঁচাত মৃত্যু দুজন লোকৰ। পথাৰৰ পৰা আহি থকা অৱস্থাত দ’ খাৱৈত ট্ৰেক্টৰখন বাগৰি পৰাত মৃত্যু হয় গৌৰৱ বৰদলৈ আৰু ৰতন দেউৰী নামৰ যুৱক দুজনৰ। বহু সময় ট্ৰেক্টৰৰ তলতেই আবদ্ধ হৈ আছিল মৃত যুৱক দুজন। অৱশেষত ৰাইজ আৰু আৰক্ষী সহযোগত উদ্ধাৰ কৰা হয় দুয়োৰে মৃতদেহ। আনহাতে মৰিগাঁও মাজমজিয়াত সংঘটিত হয় … Read more

ডিগবৈৰ বগাপানীত ৰেলৰ ইঞ্জিনৰ খুণ্ডাত গুৰুতৰ ভাৱে আহত এজন যুৱক।

ডিগবৈৰ বগাপানীত ৰেলৰ ইঞ্জিনৰ খুণ্ডাত গুৰুতৰ ভাৱে আহত এজন যুৱক। আহত যুৱকজন চুলেমান উৰাং বুলি জানিব পৰা গৈছে।চুলেমান উৰাং লিডুলৈ যাবৰ বাবে ৰেল আলি কাষত বহি থকা অৱস্থাত ৰেল লাইন মেৰামতি কৰা কামত ব্যবহৃত ৰেল বিভাগৰ গাড়িয়ে মহঁতিয়াই নিয়াত সোঁ ভৰিটো টুকুৰা হৈ পৰে। গুৰুত্বৰ ভাৱে আহত লোকজন ঘৰ তিনিচুকীয়া জিলাৰ মাকুমত।ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত … Read more

মণিপুৰৰ ৰাজপথত প্ৰায় ৩০০ ফুট দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন।

মণিপুৰৰ ৰাজপথত প্ৰায় ৩০০ ফুট দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন। গুৰুতৰভাৱে আহত কেইবাগৰাকীও যাত্ৰী। CRPFৰ লগতে স্থানীয় ৰাইজে উদ্ধাৰ কৰে যাত্ৰীসকলক। আহত যাত্ৰীসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ। ননী জিলাৰ কটলেনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা।

হোজাইত বনৰীয়া হাতীৰ আক্ৰমণত নিহত চাপৰমুখৰ ছাহজাহান আলী।

হোজাইত বনৰীয়া হাতীৰ আক্ৰমণত নিহত চাপৰমুখৰ ছাহজাহান আলী। বাইকেৰে এজন বন্ধুৰ সৈতে গৈ থাকোঁতে আক্ৰমণ কৰে হাতীয়ে। হোজাইৰ পৰা টুমপ্ৰেং যোৱা পথত থেপেলাগুৰি বনাঞ্চল পাৰ হওঁতে আক্ৰমণ কৰে হাতীয়ে। সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে আন জন বাইক আৰোহীৰ। আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহ।

উত্তৰ প্ৰদেশৰ কানৌজ ৰে’লৱে ষ্টেচনত ভয়ংকৰ ঘটনা।

উত্তৰ প্ৰদেশৰ কানৌজ ৰে’লৱে ষ্টেচনত ভয়ংকৰ ঘটনা। নিৰ্মীয়মান অট্টালিকা ভাঙি আবদ্ধ কেইবাজনো লোক। আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। এই পৰ্যন্ত ২৩ জন লোকক সুকলমে উদ্ধাৰ। বিষয়াসকলক ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ নিৰ্দেশ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।

বাসুগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত দুই মটৰচাইকেল আৰোহী

বাসুগাঁৱৰ সমীপৰ নেহালগাঁৱত বুধবাৰে নিশা ১১.৩০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। যানবাহন আৰক্ষীয়ে দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ পথৰ ওপৰত গতিৰোধক স্থাপন কৰিছিল কিন্তু দুৰ্ভাগ্যজনক কথা উক্ত স্থানতে কোকৰাঝাৰ জিলাৰ ছালাকাটি স্থিত NTPC ৰ পৰা কয়লাৰ ছাই কঢ়িওৱা কন্টেইনাৰে মহতিয়াই নিয়ে দুই মটৰচাইকেল আৰোহীক ।ফলত ঘটনাস্থলীতে নিহত হয় দুই মটৰচাইকেল আৰোহী যুৱক। ইপিনে পথ দুৰ্ঘটনা … Read more

অৰুণাচলৰ নামচাই জিলাৰ মহাদেৱপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন ।

নিশা নামচাই জিলাৰ মহাদেৱপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক নিহত হয় ৷মৰাণ চিতপানী গাঁৱৰ ফুলেশ্বৰ নেওগৰ পুত্ৰ বিৰু নেওগ নামৰ লোকজন AS23W9512নম্বৰৰ আৰ টি আৰ আপাচী বাইকত মহাদেৱপুৰ দিশৰ পৰা আৰু নৱ কুমাৰ দেউৰীৰ পুত্ৰ ৰোহিত দেউৰী নামৰ লোকজনে এখন RX100বাইকেৰে মহাদেৱপুৰ অভিমুখে গৈ থাঁকোতে জিৰ’ পইন্টৰ সমীপত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ … Read more

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত কয়লা ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত।

সম্প্ৰতি নিশাৰ ভাগত কয়লা বাহনৰ দৌৰাত্ম্য। প্ৰাপ্ত তথ্য মতে, দ্ৰুতগতিত আহি থকা AS-10-C-9827নম্বৰৰ ১৬ চকীয়া কয়লা ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পকী দেৱাল ভাঙি মহতীয়াই নিয়ে দুখনকৈ বাহন। বুধবাৰে নিশাৰ ভাগত মাৰ্ঘেৰিটাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত গেৰেজত ৰখাই থোৱা ২টা পৰিয়ালৰ দুখন বাহন ক্ষতিগ্ৰস্ত হয় । দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্ঘটনাগ্ৰস্ত … Read more