২০২১ৰ পৰা অসমলৈ ৪০,০০০ কোটী টকাৰ বিনিয়োগ! কাম্পা ক’লাই ১,০০০+ যুৱক-যুৱতীক দিব চাকৰিৰ সোণালী সুযোগ!

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী, ২০২৫: ৰিলায়েঞ্চ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (RCPL)-এ অসমৰ গুৱাহাটীত কাম্পা ক’লা আৰু বেভাৰেজ বটলিং প্লেণ্টৰ উদ্বোধন কৰিলে। স্থানীয় অংশীদাৰ জেৰিক’ৰ সৈতে যুটীয়াভাৱে স্থাপন কৰা এই উদ্যোগটোৰ উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই উদ্যোগে অঞ্চলটোৰ অৰ্থনৈতিক আৰু উদ্যোগিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

৪০,০০০ কোটী টকাৰ বিনিয়োগ আৰু ১,০০০তকৈ অধিক লোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ
২০২১ চনৰ পৰা অসমলৈ ৪০,০০০ কোটী টকাৰ বেচৰকাৰী বিনিয়োগ আহিছে। আজি উদ্বোধন কৰা কাম্পা ক’লা প্লেণ্টটোৱে ১,০০০তকৈ অধিক লোকক প্ৰত্যক্ষভাৱে কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “এই উদ্যোগটোৱে অসমৰ যুৱক-যুৱতীসকলৰ বাবে নতুন আশাৰ সৃষ্টি কৰিব। চৰকাৰে ভৱিষ্যতত ইয়াৰ সম্প্ৰসাৰণৰ পৰিকল্পনাক সমৰ্থন কৰিব।”

৬ লাখ বৰ্গফুট জুৰি বিস্তৃত এই প্লেণ্টটো অঞ্চলটোৰ ভিতৰত আটাইতকৈ ডাঙৰ বেভাৰেজ উৎপাদন কেন্দ্ৰবোৰৰ ভিতৰত অন্যতম। ইয়াৰ প্ৰাথমিক উৎপাদন ক্ষমতা হৈছে কাৰ্বনেটেড চফ্ট ড্ৰিংকছ (CSD)ৰ বাবে ১০ কোটী লিটাৰ আৰু পেকেজড পানীৰ বাবে প্ৰায় ১৮ কোটী লিটাৰ। ইয়াৰ জৰিয়তে অঞ্চলটোৰ বাঢ়ি অহা চাহিদা পূৰণ কৰাত সহায়ক হ’ব।

উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “সাধাৰণ মানুহে কাম্পাৰ পণ্যবোৰ অতি সুলভ মূল্যত কিনিব পাৰিব। ইয়াৰ উপৰিও গুণাগত মানত ই আন গোলকীয় ব্ৰেণ্ডৰ সমপৰ্যায়ৰ। মই বিশ্বাস কৰোঁ যে এই ব্ৰেণ্ডটোৱে আগবাঢ়ি যাব আৰু অধিক সম্প্ৰসাৰণৰ সুযোগ পাব। ৰিলায়েঞ্চ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড আৰু জেৰিক’লৈ মোৰ শুভেচ্ছা। এই যাত্ৰাই অসমৰ লোকৰ বাবে বহুতো কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰক।”

ৰিলায়েঞ্চ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ COO, শ্ৰী কেতান মোডীয়ে কয়, “আজিৰ এই উদ্যোগটোৱে অঞ্চলটোত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু স্থানীয় অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব। এই সম্প্ৰসাৰণে ভাৰতৰ ঐতিহ্যবাহী ব্ৰেণ্ডবোৰ পুনৰুজ্জীৱিত কৰাৰ লগতে অঞ্চলটোৰ স্থায়ী উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।”

জেৰিক’ ফুডছ এণ্ড বেভাৰেজেছ LLP-ৰ প্ৰতিষ্ঠাপক, শ্ৰী অশীষ আগৰৱালাই কয়, “গুৱাহাটীত এই বিশ্বমানৰ কাম্পা বটলিং প্লেণ্টৰ উদ্বোধন জেৰিক’ ফুডছৰ বাবে এক গৌৰৱৰ মুহূর্ত। আমি অসমক এটা শ্ৰেষ্ঠ উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই সম্প্ৰসাৰণে অঞ্চলটোত খাদ্য আৰু পানীয় উৎপাদনৰ ভৱিষ্যতৰ প্ৰতি আমাৰ অংগীকাৰক সাব্যস্ত কৰিছে।”

এই প্লেণ্টটোৱে ৰিলায়েঞ্চ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ জনপ্ৰিয় পানীয়ৰ পৰিয়াল, যেনে কাম্পা ক’লা, কাম্পা অৰেঞ্জ, কাম্পা লেমন, পাৱাৰ আপ, আৰু ইণ্ডিপেণ্ডেণ্চ আৰু চুৱাৰ ৱাটাৰ ব্ৰেণ্ডৰ পেকেজড পানী উৎপাদন কৰিব। ইয়াৰ জৰিয়তে অসম, উত্তৰ-পূৰ্বাঞ্চল আৰু উত্তৰ বংগৰ চাহিদা পূৰণ কৰাৰ লগতে অন্যান্য বজাৰলৈও যোগান ধৰিব পৰা হ’ব।

এই সম্প্ৰসাৰণৰ জৰিয়তে ৰিলায়েঞ্চ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে ভাৰতীয় উপভোক্তাসকলক উচ্চ গুণগত মানৰ পানীয় প্ৰদান কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ অৱস্থান শক্তিশালী কৰিবলৈ সক্ষম হ’ব। গুৱাহাটীৰ এই প্লেণ্টটোৱে দেশীয় উৎপাদন ক্ষমতাৰ জৰিয়তে বিশ্বমানৰ পণ্য আগবঢ়োৱাৰ RCPL-ৰ দৃষ্টিভংগীৰ প্ৰতিফলন ঘটাইছে।

অসমলৈ স্বাগতম, কাম্পা!
এই উদ্যোগটোৱে অসমৰ অৰ্থনৈতিক বিকাশত এক নতুন অধ্যায়ৰ সূচনা কৰিছে বুলি আশা কৰা হৈছে।