• Home
  • অসম
  • বিটিআৰত পুনৰ নিৰ্বাচনী হিংসা, এইবাৰ ননৈ চেৰফাঙৰ টেংকিবস্তিত বিজেপি কৰ্মীক আক্ৰমণ
Image

বিটিআৰত পুনৰ নিৰ্বাচনী হিংসা, এইবাৰ ননৈ চেৰফাঙৰ টেংকিবস্তিত বিজেপি কৰ্মীক আক্ৰমণ

বিটিচি নিৰ্বাচনলৈ মাজত মাথোঁ তিনিটা দিন বাকী থকাৰ মুহূৰ্ততে বিটিআৰত পুনৰ নিৰ্বাচনী হিংসাৰ ঘটনা। এইবাৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ টেংকিবস্তিত বিজেপি কৰ্মীক আক্ৰমণ।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰিৰ তিনিটাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰা সময়তেই ননৈ চেৰফাঙত সংঘটিত হয় নিৰ্বাচনী হিংসা। UPPLৰ কৰ্মীয়ে বিজেপিৰ কৰ্মীক আক্ৰমণ চলোৱাৰ অভিযোগ।

অভিযোগ অনুসৰি পৰিকল্পিতভাৱে আক্ৰমণ চলাইছিল UPPL কৰ্মীয়ে, হাতে-হাতে ৰ’ড, লাঠি, শিলগুটি লৈ আগছি ধৰিছিল বিজেপি কৰ্মীৰ বাহন।

বিজেপি কৰ্মীৰ বাহন ক্ষতিগ্ৰস্ত কৰাৰ উপৰিও এগৰাকী মহিলাক আক্ৰমণ কৰিবলৈ চোঁচা লৈছিল প্ৰায় ১০-১৫ জনীয়া উদণ্ড যুৱকৰ দলে।

বিজেপিৰ প্ৰাৰ্থী সঞ্জিৎ তাঁতীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা অৰ্জুন চেত্ৰীৰ AS ০১ EB ৩৫০৪ নম্বৰৰ আৰ্টিকা বাহনখন ভাঙি চুড়মাৰ কৰে।

ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত টেংকিবস্তিত সংঘটিত হয় এই ঘটনা।

ইতিমধ্যে নিশাই ৮ গৰাকী ব্যক্তিৰ বিৰুদ্ধে ডিমাকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বিজেপি কৰ্মীয়ে।

Releated Posts

‘জুবিনে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব’

জুবিনক্ষেত্ৰত উপস্থিত জুবিন প্ৰিয়তমা গৰিমা গাৰ্গ দুচকুত কেৱল চকুলো ‘জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পাওক’ ‘জুবিনে ন্যায় নাপালে ন্যায়…

ByByMahesh Malakar May 1, 2026

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লাভ কৰিলে…

ByByMahesh Malakar May 1, 2026

অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি

অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি ১মে’ৰ পৰা ৪ মে’ পৰ্যন্ত বতৰে চলাব তাণ্ডৱলীলা ঘন্টাত ৪০-৫০কিঃমিঃ বেগেৰে ধুমুহা…

ByByMahesh Malakar May 1, 2026

বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে

বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে ১০০খন নহয়,মাত্ৰ ৪০খন আসনহে পাব বিজেপিয়ে ২০২১ৰ দৰে ভুল প্ৰমাণিত…

ByByMahesh Malakar May 1, 2026
Scroll to Top