
বিশ্বনাথৰ জাপৰিগুৰি বুঢ়ীগাং নৈৰ পানী যুৱলীত উদ্ধাৰ এজন লোকৰ মৃতদেহ। মৃতদেহটো দক্ষিণ মৰলগাঁৱৰ দুগ্ধ দাস ওৰফে ভাই (৬০) বুলি জানিব পৰা গৈছে।
জানিব পৰা অনুসৰি, আজি পুৱা এজন স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। তাৰ পিছত স্থানীয় লোকে বিশ্বনাথ আৰক্ষীক খবৰ কৰাত বিশ্বনাথ ঘাট নদী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
ইতিমধ্যে পৰিয়ালৰ লোকে এই ঘটনা সম্পৰ্কত উমান পাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰে।
ইফালে, আৰক্ষীয়ে পৰৱৰ্তী সময়ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ দিহা কৰিছে।













