• Home
  • অসম
  • APSCৰ কোচিং চেণ্টাৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য
Image

APSCৰ কোচিং চেণ্টাৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

ধবাৰে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে   কয়, ‘‘বিগত পাঁচ বছৰত ৰাজ্য চৰকাৰৰ দ্বাৰা ১লাখ ৬০ হাজাৰ নিযুক্তি হ’ল।

এখনো বাতৰি কাকত বা সামাজিক মাধ্যমত নেতিবাচক বাতৰি প্ৰকাশ হোৱা নাই ।তেওঁ লগতে কয়  ACS-APS হোৱাই নহয়, আমি UPSCত উত্তীৰ্ণ হ’ব পৰাকৈ নিজকে সাজু কৰিব লাগিব। কিছুমানক এনেকুৱা স্থানত নিযুক্তি দিব লাগে যাতে UPSCৰ বাবে প্ৰস্তুতি চলাব পাৰে।’’প্ৰাৰ্থীৰ নাম, ফটো ক’চিং চেণ্টাৰসমূহে বিজ্ঞাপনত ব্যৱহাৰ কৰাক লৈ সৰব হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সন্দৰ্ভত তেওঁ কয়, ‘‘ক’চিং চেণ্টাৰত শিক্ষাৰ্থীক যি পঢ়ুৱাই তাৰ ওলোটা প্ৰশ্নকাকত কাটিব লাগে APSCয়ে। ক’চিং চেণ্টাৰসমূহে ভাটৌৰ দৰে কেইটামান কথা শিকাই দিয়ে তাৰ পাছত বিজ্ঞাপন দিয়ে। তেওঁলোকে প্ৰাৰ্থীসকলৰ মূৰত সুমুৱাই দিয়ে যে ক’চিং চেণ্টাৰৰ বাবেহে আমি এই পৰ্যায় পাইছোঁ।’’ এসপ্তাহৰ ভিতৰত অসামৰিক সেৱাৰ ক’চিং চেণ্টাৰৰ বিজ্ঞাপন আঁতৰাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। উত্তীৰ্ণ প্ৰাৰ্থীসকলকো অতি সোনকালে বিজ্ঞাপনৰ পৰা ফটো আঁতৰাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

Releated Posts

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং…

ByByMahesh Malakar Jun 12, 2026

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদে*হ

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ এটা…

ByByMahesh Malakar Jun 11, 2026

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ চৰকাৰ গঠন কৰিয়ে বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা ক্ষমতা আছে…

ByByMahesh Malakar Jun 10, 2026
Scroll to Top