অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা ৰাজ্যবাসী শোক সাগৰত ডুব গৈ আছে৷ এতিয়াও যেন ৰাজ্যখনৰ পৰিবেশ গোমা হৈয়েই আছে, কোনেও ভালদৰে যেন কোনো কামতে মন বহুৱাব পৰা নাই৷ এনে সময়তে জুবিন গাৰ্গৰ অনুৰাগীৰ প্ৰসংগত পুনৰ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে জুবিন গাৰ্গক জীয়াই ৰাখিব অসমীয়াই, সন্দেহযুক্ত লোকে নহয়৷ এনেদৰে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ সত্বাক জীয়াই ৰাখিবলৈ অসমীয়া ৰাইজক আহ৩ান জনায়৷ মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ’ল তাৰ পিছত দুৰ্গা পূজা, লক্ষ্মী পূজা আৰু ৰাস আহিল৷ এই সময়ত সমগ্ৰ অসমৰ প্ৰতিটো হিন্দু পৰিয়ালসমূহে জুবিনৰ ফটোখন সকলোতে ব্যৱহাৰ কৰিছিল আৰু আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছিল৷ কিন্তু ইজতেমাৰ দৰে মুছলমানৰ ধৰ্মীয় সমাৱেশৰ সময়ত জুবিনৰ ফটো দেখা নাই৷ যিবোৰক তেওঁলোকৰ ‘ধৰ্ম সভা’ বুলিও বৰ্ণনা কৰা হয়৷ আমি এখনো সভাত জুবিন গাৰ্গৰ ফটো দেখা নাই৷ ইয়াৰ অৰ্থ এয়াই যে, সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে, জুবিনক মাথোঁ অসমীয়াইহে জীয়াই ৰাখিব লাগিব৷ চাউল-দালি নালাগে বুলি কোৱা লোকে জুবিনক জীয়াই নাৰাখে’৷
ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয়, ‘যিসকলে সামাজিক মাধ্যমত দিল্লীৰ বিস্ফোৰণক সমৰ্থন জনাইছে তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব৷ তেওঁলোকৰ লিংকবোৰ চাব আৰু কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত পাও বা অন্যলোকৰ লগত পাও তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব৷ এতিয়া বহুতে ডিলিট কৰিছে, কিন্তু ¦ স্ক্ৰীণশ্বট চেভ কৰা হৈছে৷ তেওঁলোকক চৰকাৰে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে৷’

জুবিন গাৰ্গক জীয়াই ৰাখিব অসমীয়াই, সন্দেহযুক্ত লোকে নহয়ঃ মুখ্যমন্ত্ৰী
Releated Posts
আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৫ বজাত গুৱাহাটী আহি পাব গৃহমন্ত্ৰীগৰাকী। নিশা ৮ বজাত…
নিশা মূষলধাৰ বৰষুণ আৰু সামাজিক মাধ্যমত বিশেষ পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ
নিশা মূষলধাৰ বৰষুণ আৰু সামাজিক মাধ্যমত বিশেষ পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ মূষলধাৰ বৰষুণ আহিছে গল্ডি তুমি ঠিকে আছা…
১ লাখ ৬৫ হাজাৰক দিয়া হ’ল চাকৰি বৰ্তমান চৰকাৰৰ অন্তিমটো নিযুক্তি প্ৰদান অনুষ্ঠান
নিৰ্বাচনৰ প্ৰাকক্ষণত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অন্তিমটো নিযুক্তি অনুষ্ঠানৰ আয়োজন কৰে । বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰাত এক…
বিশিষ্ট ক্ৰীড়া সাংবাদিক-সংগঠক প্ৰেমধৰ শৰ্মাৰ দেহাৱসান
ৰাজ্যৰ প্ৰবীণ ক্ৰীড়া সাংবাদিক, বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মা আৰু নাই । দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শয্যাশায়ী হৈ…











