ৰাজ্যৰ প্ৰবীণ ক্ৰীড়া সাংবাদিক, বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মা আৰু নাই । দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শয্যাশায়ী হৈ থকা প্ৰেমধৰ শৰ্মাই বৃহস্পতিবাৰে নিশা প্ৰায় ৮.৫০ বজাত গুৱাহাটীৰ পাণবজাৰস্থিত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ।আকাশবাণীৰ ধাৰাভাষ্যকাৰ প্ৰেমধৰ শৰ্মা অসমৰ বৰ্ণীল ক্ৰীড়া ইতিহাসৰ অনন্য সাক্ষী আছিল । প্ৰয়াত শৰ্মা আছিল একেধাৰে ক্ৰীড়া সাংবাদিক, ক্ৰীড়া সংগঠক, ক্ৰীড়া ধাৰাভাষ্যকাৰ । ক্ৰীড়া সাংবাদিকতাৰ বাবে তেওঁ দেশ-বিদেশ ভ্ৰমণ কৰিছিল । একেধাৰে তেওঁ অসম অলিম্পিক সন্থা, অসম ফুটবল সন্থা, অসম কাবাডী সন্থা, অসম টেবুল টেনিছ সন্থা, গুৱাহাটী প্ৰেছ ক্লাব, সদৌ অসম ফুটবল ৰেফাৰী সন্থা, অসম ক্ৰিকেট সন্থা, গুৱাহাটী ক্ৰীড়া সন্থা, সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থা, অসম ভলীবল সন্থা আদি বিভিন্ন সংগঠনৰ সৈতে বিভিন্ন বিষয়-বাবত জড়িত আছিল ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ । মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুগৰাকীকৈ পুত্র-বোৱাৰী আৰু জী-জোঁৱাইৰ লগতে নাতিনীৰ উপৰিও ভালেসংখ্যক আত্মীয়-স্বজন এৰি থৈ গৈছে ।প্ৰেমধৰ শৰ্মাৰ মৃত্যু ৰাজ্যৰ ক্ৰীড়াজগতৰ বাবে এক অপূৰণীয় ক্ষতি । তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।’’

বিশিষ্ট ক্ৰীড়া সাংবাদিক-সংগঠক প্ৰেমধৰ শৰ্মাৰ দেহাৱসান
Tags:
Releated Posts
জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ আজৱ কাণ্ড গুৱাহাটীত
জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ আজৱ কাণ্ড গুৱাহাটীত পকী ৰাস্তাত শাৰী শাৰীকৈ ড্ৰিল মেচিনেৰে ড্ৰিলিং কৰি মহানগৰীৰ ৰাজপথত ৰুইছে গছৰ…
ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!
ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! শিক্ষাবিভাগৰ কোনো ৱেবছাইটত কিয় নাই মুখ্যমন্ত্ৰীৰ গৱেষণা পত্ৰৰ তথ্য…
অম্বুবাচী মেলালৈ মাজত মাত্ৰ এটা দিন
অম্বুবাচী মেলালৈ মাজত মাত্ৰ এটা দিন উখল মাখল নীলাচলৰ বুকু হাজাৰ হাজৰ ভক্তৰ সমাগম হৈছে কামাখ্যা ধামত
আজিৰে পৰা UNIFORM নিপিন্ধাকেও বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থী
আজিৰে পৰা UNIFORM নিপিন্ধাকেও বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থী UNIFORMৰ নাম কোনো শিক্ষাৰ্থীকে কৰিব নোৱাৰিব হাৰাশাস্তি ব্য়ক্তিগত বিদ্যালয়েও মানিব…












