যোৱা ৪ মাৰ্চত দীপালী দাস নামৰ এগৰাকী মহিলাই CAA-ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁ হৈছে কাছাৰ জিলাৰ ধলাইৰ বাসিন্দা দীপালি দাস। তেওঁৰ বয়স ৬০ বছৰ। ৪ মাৰ্চত চৰকাৰীভাৱে তেওঁৰ নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ লাভ কৰে ।২০১৯ চনত তেওঁক বিদেশী ঘোষণা কৰাৰ পাছত প্ৰায় দুবছৰ শিলচৰ ডিটেনচন কেম্পত ৰখা হৈছিল । পৰৱৰ্তী সময়ত ২০২১ চনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তেওঁ জামিনত মুক্তি পাইছিল।২০২৪ চনত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাৰ পাছত তেওঁ ইয়াৰ বাবে আবেদন কৰে আৰু যাৱতীয় নথিপত্ৰ পৰীক্ষাৰ পাছত তেওঁক ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দিয়া হয়।তেওঁক ধৰি বৰ্তমানলৈকে অসমত মুঠ চাৰিজন ব্যক্তিয়ে CAA-ৰ অধীনত নাগৰিকত্ব লাভ কৰিছে। তেওঁৰ অধিবক্তা হৈছে শিলচৰৰ বিশিষ্ট অধিবক্তা ধৰ্মানন্দ দেৱ। আৰু দীপালি দাসক সহায়ত আগবঢ়ায় বিশিষ্ট সমাজকৰ্মী কমল চক্ৰৱৰ্তী।শিলচৰৰ বিশিষ্ট অধিবক্তা ধৰ্মানন্দ দেৱে জনোৱা মতে, মহিলা গৰাকী ১৯৮৮ চনত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰিছিল। ফলত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত তেওঁলোকে নাগৰিকত্বৰ বাবে আবেদন দাখিল কৰিব পাৰে যিসকলে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰ মাহৰ আগত ভাৰতত প্ৰৱেশ কৰিছিল। প্ৰমাণ হিচাপে বাংলাদেশৰ ছিলেট অঞ্চলৰ বাসিন্দা মহিলা গৰাকী আৰু ২০১৪ চনৰ আগত ভাৰতত প্ৰৱেশ কৰাৰ নথি,হিন্দু ধৰ্মৰ বুলি প্ৰমাণ দাখিল কৰিছিল তেওঁ। সেই সকলো নথি সঠিক প্ৰমাণ হোৱাৰ পিছত আজি নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হৈছে মহিলাগৰাকী। ১৯৮৮ চনৰ ৮ ফেব্ৰুৱাৰীৰ পৰাই তেওঁ ভাৰতীয় নাগৰিক বুলি ৰায়দান দিয়া হৈছে। আৰু দীপালি দাসৰ হাতত যি যি নথি আছে অৰ্থাৎ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আদি সকলো বৈধ বুলি প্ৰমাণিত হৈছে।

ডিটেনচন কেম্পত থকা ‘বিদেশী’ ঘোষিত মহিলাই CAAৰ অধীনত অসমত পালে ভাৰতীয় নাগৰিকত্ব
Tags:
Releated Posts
ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত কুংকি চৌধুৰী
মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী ভোটগ্ৰহণৰ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত পৰিল । কুংকি চৌধুৰীৰ…
ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন
জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন…
ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল
ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে…
পুত্ৰ গৌৰৱৰ সৈতে ভোট দিবলৈ আহি কি ক’লে ডলী গগৈয়ে
যোৰহাটত পুত্ৰ গৌৰৱ গগৈৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মাতৃ ডলী গগৈয়ে। বিধানসভা নিৰ্বাচনত পুত্ৰ অৱৰ্তীণ হোৱাৰ পাছত ভোট…












