• Home
  • অসম
  • ডিটেনচন কেম্পত থকা ‘বিদেশী’ ঘোষিত মহিলাই CAAৰ অধীনত অসমত পালে ভাৰতীয় নাগৰিকত্ব
Image

ডিটেনচন কেম্পত থকা ‘বিদেশী’ ঘোষিত মহিলাই CAAৰ অধীনত অসমত পালে ভাৰতীয় নাগৰিকত্ব

যোৱা ৪ মাৰ্চত দীপালী দাস নামৰ এগৰাকী মহিলাই CAA-ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁ হৈছে কাছাৰ জিলাৰ ধলাইৰ বাসিন্দা দীপালি দাস। তেওঁৰ বয়স ৬০ বছৰ। ৪ মাৰ্চত চৰকাৰীভাৱে তেওঁৰ নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ লাভ কৰে ।২০১৯ চনত তেওঁক বিদেশী ঘোষণা কৰাৰ পাছত প্ৰায় দুবছৰ শিলচৰ ডিটেনচন কেম্পত ৰখা হৈছিল । পৰৱৰ্তী সময়ত ২০২১ চনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তেওঁ জামিনত মুক্তি পাইছিল।২০২৪ চনত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাৰ পাছত তেওঁ ইয়াৰ বাবে আবেদন কৰে আৰু যাৱতীয় নথিপত্ৰ পৰীক্ষাৰ পাছত তেওঁক ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দিয়া হয়।তেওঁক ধৰি বৰ্তমানলৈকে অসমত মুঠ চাৰিজন ব্যক্তিয়ে CAA-ৰ অধীনত নাগৰিকত্ব লাভ কৰিছে। তেওঁৰ অধিবক্তা হৈছে শিলচৰৰ বিশিষ্ট অধিবক্তা ধৰ্মানন্দ দেৱ। আৰু দীপালি দাসক সহায়ত আগবঢ়ায় বিশিষ্ট সমাজকৰ্মী কমল চক্ৰৱৰ্তী।শিলচৰৰ বিশিষ্ট অধিবক্তা ধৰ্মানন্দ দেৱে জনোৱা মতে, মহিলা গৰাকী ১৯৮৮ চনত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰিছিল। ফলত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত তেওঁলোকে নাগৰিকত্বৰ বাবে আবেদন দাখিল কৰিব পাৰে যিসকলে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰ মাহৰ আগত ভাৰতত প্ৰৱেশ কৰিছিল। প্ৰমাণ হিচাপে বাংলাদেশৰ ছিলেট অঞ্চলৰ বাসিন্দা মহিলা গৰাকী আৰু ২০১৪ চনৰ আগত ভাৰতত প্ৰৱেশ কৰাৰ নথি,হিন্দু ধৰ্মৰ বুলি প্ৰমাণ দাখিল কৰিছিল তেওঁ। সেই সকলো নথি সঠিক প্ৰমাণ হোৱাৰ পিছত আজি নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হৈছে মহিলাগৰাকী। ১৯৮৮ চনৰ ৮ ফেব্ৰুৱাৰীৰ পৰাই তেওঁ ভাৰতীয় নাগৰিক বুলি ৰায়দান দিয়া হৈছে। আৰু দীপালি দাসৰ হাতত যি যি নথি আছে অৰ্থাৎ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আদি সকলো বৈধ বুলি প্ৰমাণিত হৈছে।

Releated Posts

UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত

UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত লিভ-ইনত থাকিবলৈ মানিব লাগিব কেইটামান বিশেষ নিৰ্দেশ ১০টা নিৰ্দেশ মানি চলিলে আপুনিও…

ByByMahesh Malakar May 29, 2026

ডিমৰীয়াত দুৰ্ঘটনাগ্ৰস্ত হোৱাবাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা পৰিচয় পত্ৰ

ডিমৰীয়াত দুৰ্ঘটনাগ্ৰস্ত হোৱাবাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা পৰিচয় পত্ৰ পৰিচয় পত্ৰৰ ভিত্তিত মৃ*ত দুজন ব্যক্তি এগৰাকী ত্ৰিপুৰা শান্তিনিকেতন…

ByByMahesh Malakar May 29, 2026

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে গাহৰি প্ৰেমীৰ বাবে বেয়া খবৰ

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে গাহৰি প্ৰেমীৰ বাবে বেয়া খবৰ অসমত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন…

ByByMahesh Malakar May 29, 2026

পঞ্চসুৰৰ ছাত্ৰী প্ৰীতি ডলেই লোকনাচৰ সাক্ষাৎ ২০২৫-২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱশিল্পী জলপানী লাভ কৰিলে সক্ষম হৈছে

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত সাংস্কৃতিক সম্পদ প্ৰশিক্ষণ কেন্দ্ৰ চি চি আৰ টি’ৰ পৰা অসমৰ অন্যতম সাংস্কৃতিক শিক্ষা…

ByByMahesh Malakar May 28, 2026
Scroll to Top